ETV Bharat / bharat

CAPF personnel committed suicide: 5 বছৰত 657 গৰাকী সশস্ত্ৰ বাহিনীৰ জোৱানে আত্মহত্যা কৰিছে

দেশজুৰি সশস্ত্ৰ বাহিনীৰ জোৱানৰ আত্মহত্যাৰ উদ্বেগজনক তথ্য ৷ বিগত 5 বছৰত চি আৰ পি এফ আৰু বি এছ এফৰ দৰে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ প্ৰায় 657 গৰাকী জোৱানে আত্মহত্যা কৰিছে (657 CAPF personnel committed suicide in 5 years)৷

5 বছৰত 657 গৰাকী সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানে আত্মহত্যা কৰিছে

author img

By

Published : Aug 4, 2022, 12:01 PM IST

নেশ্যনেল ডেস্ক, 4 আগষ্ট: দেশজুৰি সশস্ত্ৰ বাহিনীৰ জোৱানৰ আত্মহত্যাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ৷ কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে (Union Minister Nityanand Rai )বুধবাৰে সদনত কয় যে বিগত 5 বছৰত চি আৰ পি এফ আৰু বি এছ এফৰ দৰে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ প্ৰায় 657 গৰাকী জোৱানে আত্মহত্যা কৰিছে (657 CAPF personnel committed suicide in 5 years)৷

কেন্দ্ৰীয় মন্ত্ৰীয়ে ৰাজ্যসভাত এই প্ৰসংগ উল্লেখ কৰি কয় যে 2021 চনত 153 গৰাকী, 2020 চনত 149 গৰাকী, 2019 চনত 133 গৰাকী, 2018 চনত 97 গৰাকী আৰু 2017 চনত 125 গৰাকী জোৱানৰ মৃত্যু হৈছে ৷ কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী (The Central Armed Police Forces )আৰু অৰ্ধসামৰিক বাহিনীৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে চি আৰ পি এফ, বি এছ এফ, চি আই এছ এফ, আই টি বি পি, এছ এছ বি, অসম ৰাইফল আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনী ৷ এই সমগ্ৰ বাহিনীসমূহ একত্ৰিত কৰিলে দেখা যায়, প্ৰায় 10 লাখ জোৱানে দেশমাতৃৰ বাবে সেৱা আগবঢ়াই আহিছে ৷

লগতে পঢ়ক: Massive Fire in Jabalpur Hospital : জব্বলপুৰৰ হাস্পতালত বিধ্বংসী অগ্নিকাণ্ডত নিহত ১০ জন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.