আগৰতলা, 28 এপ্ৰিল : ত্ৰিপুৰাৰ জিলা পৰিষদৰ অধীনষ্ঠ অধিকাংশ পৰিয়ালত পৰ্যাপ্ত পৰিমাণে নাই খোৱাপানীৰ সু-ব্যৱস্থা(No proper facilities of drinking water in Tripura) ৷ এই কথা সদৰি কৰিছে প্ৰদ্যুত কিশোৰ মণিক্য দেৱবৰ্মাই ৷ তেওঁ সদৰি কৰা অনুসৰি, ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ (TTAADC) ৰ প্ৰায় 50 শতাংশ পৰিয়ালে লাভ কৰা নাই খোৱাপানীৰ সু-ব্যৱস্থা(Drinking water crisis in Tripura) ৷
TIPRA ৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মাণিক্য দেৱবৰ্মা(Pradyot Kishore Manikya Debbarma latest news)ই বুধবাৰে ৰাজ্যখনৰ খোৱাপানী আৰু অনাময় বিভাগৰ দায়িত্ববাহী মন্ত্ৰী সুশান্ত চৌধুৰীৰ সৈতে এই সন্দৰ্ভত এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত ৰাজ্যখনৰ সাধাৰণ লোকসকলে খোৱাপানীৰ সমস্যাত ভোগাৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷
তদুপৰি এইক্ষেত্ৰত বিভাগীয় মন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে টিপ্ৰা মথাৰ অধ্যক্ষগৰাকীয়ে ৷ যিহেতুকে টিটিএএডিচিৰ সলনি খোৱাপানীৰ বিভাগটো ৰাজ্য চৰকাৰৰ অধীনত আছে ৷ বৈঠকত প্ৰদ্যুতে কিশোৰ মাণিক্য দেৱবৰ্মাই ৰাজ্য চৰকাৰক বৰ্তমানৰ বাবে পানীৰ টেংকাৰৰ ব্যৱস্থা কৰিবলৈ বা জলাশয় স্থাপনৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে ৷
"পানীৰ নামত কোনোৱে ৰাজনীতি কৰা উচিত নহয় ৷ আনকি মন্ত্ৰীজনেও এই বিষয়ত সন্মত হৈছে ৷ ক’ভিডৰ সময়ত আমি একেলগে কাম কৰিছিলো আৰু এতিয়া আমি খোৱা পানীৰ বাবে একেলগে কাম কৰিব লাগিব" বুলি টিপ্ৰা মথাৰ অধ্যক্ষগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷
লগতে চাওক: ত্ৰিপুৰাৰ প্ৰতিখন বিদ্যালয়তে খোলা হ'ব 'Child Rights Club'