ETV Bharat / bharat

৪ শিক্ষাৰ্থীৰে এখন চৰকাৰী স্কুল পুনৰুজ্জীৱিতকৰণৰ নিৰলস প্ৰচেষ্টা ২ শিক্ষকৰ

তেলেংগানাৰ মাহাবুবাবাদ জিলাত (Telengana) অৱস্থিত এই বিদ্যালয়খনৰ নাম হৈছে পান্থুলু টাণ্ডা চৰকাৰী প্ৰাথমিক বিদ্যালয় (Pantulu Thanda Government School) । উক্ত বিদ্যালয়খনত মাত্ৰ ৪গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক । ইয়াৰ পূৰ্বে বিদ্যালয়খনত ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল ।

author img

By

Published : Jun 23, 2022, 8:38 PM IST

Telengana School
Telengana School

নিউজ ডেস্ক, ২৩ জুন : অসমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ কথা দোহৰাৰ প্ৰয়োজন নাই । ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ গৈছে ৰাজ্যৰ বহু চৰকাৰী শিক্ষানুষ্ঠান (Government School closed due to students insufficiency) । আনহাতে, কোনো কোনো বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যাহে অধিক হোৱাৰ খবৰ বিভিন্ন মাধ্যমত প্ৰকাশ পাই আহিছে । কিন্তু কেৱল অসমতে যে চৰকাৰী শিক্ষানুষ্ঠানৰ এনে অৱস্থা তেনে নহয় । দেশৰ অন্যান্য প্ৰান্ততো চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ পুতৌলগা অৱস্থাৰ ছবি বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে । শেহতীয়াভাৱে তেলেংগানাৰ তেনে এখন বিদ্যালয়ৰ ছবি পোহৰলৈ আহিছে । যিখন বিদ্যালয়ত মাত্ৰ চাৰিগৰাকী শিক্ষাৰ্থীক দুজন শিক্ষকে পাঠদান কৰাই আছে । কিন্তু শিক্ষক দুগৰাকীৰ প্ৰচেষ্টাৰ কথা জানিলে আপুনিও শলাগ নোলোৱাকৈ থাকিব নোৱাৰে ।

তেলেংগানাৰ মাহাবুবাবাদ জিলাত (Telengana) অৱস্থিত এই বিদ্যালয়খনৰ নাম হৈছে পান্থুলু টাণ্ডা চৰকাৰী প্ৰাথমিক বিদ্যালয় (Pantulu Thanda Government School) । উক্ত বিদ্যালয়খনত মাত্ৰ ৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক । ইয়াৰ পূৰ্বে বিদ্যালয়খনত ১৫গৰাকী ছাত্ৰ-ছাত্ৰী আছিল ।

জানিব পৰা মতে, টাণ্ডাৰ কিছু লোকে কামৰ সন্ধানত অন্য ঠাইলৈ প্ৰব্ৰজন কৰাত তেওঁলোকৰ ল'ৰা-ছোৱালীবোৰকো লগত লৈ যায় । তাৰ বাবেই চৰকাৰী বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪ জনলৈ হ্ৰাস পায় । আনহাতে, কৰোনাৰ বাবে ৩ বছৰ পূৰ্বে বিদ্যালয়খন বন্ধ হৈ গৈছিল (due to corona school was closed) । তেতিয়া তাৰ শিক্ষককেইজন ডেপুটেচনত অন্য বিদ্যালয়লৈ যায় । এই বছৰ উক্ত শিক্ষককেইজনে গাঁৱৰ লোকসকলক নিজৰ ল'ৰা-ছোৱালীক স্কুললৈ পঠাবলৈ অনুৰোধ জনায় আৰু তেওঁলোক উভতি আহি পুনৰ বিদ্যালয়খন খোলাৰ ব্যৱস্থা কৰে ।

তাৰ পিছত বিদ্যালয়খনলৈ মাত্ৰ ৪ গৰাকী শিক্ষাৰ্থী পঢ়িবলৈ আহে । তথাপি তেওঁলোক হতাশ হোৱা নাছিল । এতিয়াও শিক্ষককেইজনে আশা এৰি দিয়া নাই । তেওঁলোকৰ আশা, এদিন বিদ্যালয়খন ছাত্ৰ-ছাত্ৰীৰে ভৰি পৰিব । তেওঁলোকে কয়, "কিছুদিন পূৰ্বে বিদ্যালয়খন বন্ধ হৈ আছিল । কিন্তু বৰ্তমান তালৈ ৪ গৰাকী ছাত্ৰ-ছাত্ৰী আহিছে । যদি আমি চেষ্টা কৰি থাকোঁ তেন্তে অন্য অভিভাৱকসকলকো তেওঁলোকৰ ল'ৰা-ছোৱালীক স্কুললৈ পঠাবৰ বাবে পতিয়ন নিয়াব পাৰিম ।"

নিশ্চিতভাৱে শিক্ষক দুগৰাকীৰ এই প্ৰচেষ্টা প্ৰশংসনীয় । যিটো সময়ত ইখনৰ পিছত সিখন চৰকাৰী বিদ্যালয় বন্ধ হৈ পৰিছে, তেনে সময়ত এই দুগৰাকী শিক্ষকে একক প্ৰচেষ্টাৰে এখন মৃতপ্ৰায় বিদ্যালয়ক পুনৰ গঢ়িব বিচৰা কাৰ্য এক আদৰ্শ স্বৰূপ ।

লগতে পঢ়ক :তিনিখনকৈ যুদ্ধত দেশৰ হৈ অৱতীৰ্ণ হোৱা খিম সিং কাৰ্কীৰ ১০০ বছৰীয়া জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.