ETV Bharat / bharat

ভাৰতত ধৰা পৰিছে কৰ'ণাৰ নতুন সংক্ৰমণ ! - ৰাকেশ

ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা তিনিজন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । নতুন ষ্ট্ৰেইনৰ পৰীক্ষাৰ বাবে ২০ টা নমুনা পৰীক্ষাৰ পাছত ৩ টা কৰ'ণাৰ নতুন সংক্ৰমণ বুলি দাবী কৰিছে চেন্টাৰ ফ'ৰ চেলুলাৰ এণ্ড মলেকুলাৰ বায়'লজিৰ নিৰ্দেশক ৰাকেশ মিশ্ৰাই ।

ভাৰতত ধৰা পৰিছে কৰ'ণাৰ নতুন সংস্কৰণ !
ভাৰতত ধৰা পৰিছে কৰ'ণাৰ নতুন সংস্কৰণ !
author img

By

Published : Dec 29, 2020, 7:25 PM IST

নেশ্য়নেল ডেস্ক , ২৯ ডিচেম্বৰ : বিশ্বজুৰি কৰ'ণাৰ নতুন সংক্ৰমণক লৈ চৰ্চা চলি থকাৰ মাজতে শেহতীয়াকৈ ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা তিনিজন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । নতুন সংক্ৰমণৰ অৱস্থিতিৰ পৰীক্ষাৰ বাবে চি এচ আই আৰ-চেন্টাৰ ফৰ চেলুলাৰ এণ্ড মলেকুলাৰ বায়'লজি (CCMB) লৈ পঠিওৱা হৈছিল প্ৰায় ৪০ টা নমুনা । তাৰ ভিতৰত ৩ টা নমুনাত পোৱা গৈছে কৰ'ণাৰ নতুন সংক্ৰমণৰ সম্ভেদ ।

চিচিএমবিৰ নিৰ্দেশক ৰাকেশ মিশ্ৰাই জনোৱা মতে, চিচিএমবিয়ে ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা ৪০ গৰাকী ক'ভিড পজিটিভ ৰোগীৰ নমুনা লাভ কৰিছিল, তাৰ ভিতৰত নতুন সংক্ৰমণৰ বাবে ২০ টা নমুনা পৰীক্ষা কৰা হৈছিল । তাৰ ভিতৰৰ ৩ টা কৰ'ণাৰ নতুন সংক্ৰমণ বুলি দাবী চিচিএমবিৰ । অৱশ্য়ে ইয়াক লৈ আচৰিত হ'ব লগা কোনো কথা নাই বুলি জনায় ৰাকেশ মিশ্ৰাই । কৰ'ণাৰ নতুন সংক্ৰমণৰ বাবে অধিক পৰীক্ষণৰ প্ৰয়োজন আৰু ৰাইজে এই বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি কয় চিচিএমবিৰ নিৰ্দেশকজনে । ৰাকেশ মিশ্ৰাই দাবী কৰা মতে, কৰ'ণাৰ নতুন সংক্ৰমণ সেই একেটাই ৷ ভাইৰাছ আৰু লক্ষণৰ পৰা মৃত্য়ুলৈ সকলো একেই ।

চৰকাৰী তথ্য় অনুসৰি ৯ ডিচেম্বৰত ব্ৰিটেইনৰ পৰা ১২১৬ গৰাকী লোক ভাৰতৰ তেলেংগানা ৰাজ্য়লৈ আহিছে ৷ তাৰ ভিতৰত ১০৬০ গৰাকীৰ তথ্য় লাভ কৰিছে ৰাজ্য় চৰকাৰ খনে । সেইসকলৰ ভিতৰত একাংশ আন আন দেশলৈ গৈছে আৰু ৫৮ গৰাকী দেশৰ আন আন ৰাজ্য়লৈ গৈছে ।

লগতে পঢ়ক : জন্মদিনত পিতৃ ৰাজেশ খান্নাক স্মৰণ টুইংকল খান্নাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.