তেজপুৰ, 20 জুন: 47 দিনৰ পিচতো শান্ত হোৱা নাই মণিপুৰ ৷ ৰাজ্যখনৰ ভিন্ন স্থানত এতিয়াও উমি উমি জ্বলি আছে হিংসাৰ দাবানল ৷ প্ৰায় 40 হাজাৰৰো অধিক সেনা মোতায়েন কৰা হৈছে মণিপুৰত পৰিস্থিতি শান্ত কৰাৰ বাবে ৷ কিন্তু ফলপ্ৰসূ হোৱা নাই সেনাৰ প্ৰচেষ্টা ৷ তাৰ মাজতেই সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে মণিপুৰৰ বিধায়কৰ 24 জনীয়া এটা দলে ৷ বিজেপি, এনপিপি আৰু জেডিইউৰ বিধায়কেৰে সংগঠিত গোটটোৱে ৰাজ্যখনৰ সাম্প্ৰতিক আইন শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ৷
মণিপুৰ চৰকাৰে এখন প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, কেন্দ্ৰীয় নেতৃত্বৰ সৈতে এই বৈঠকৰ সময়ত বিধায়কৰ দলটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে ৷ ইয়াৰ ভিতৰত ৰাজ্যখনৰ বাবে জীৱনৰেখা স্বৰূপ 39 নং ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ দাবী আছিল অন্য়তম ৷ মণিপুৰত সংঘাত আৰম্ভ হোৱা দিন ধৰি অৰ্থাৎ 3 মে’ৰ পৰাই কাংপকপিত বন্ধ হৈ আছে এই অতি গুৰুত্বপূৰ্ণ পথটো ৷
বিধায়কৰ দলটোৱে আলোকপাত কৰা আন কেইটা দিশ হৈছে ৰাজ্যখনৰ আঞ্চলিক অখণ্ডতা যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষিত কৰা, ৰাজ্যখনত ভূমি নিয়ম উলংঘা কৰা বিদ্ৰোহী গোটবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা ৷ SoO প্ৰত্যাহাৰ কৰা আৰু বিদ্ৰোহীসকলক অতি সোনকালে তেওঁলোকৰ নিৰ্ধাৰিত শিবিৰলৈ ঘূৰাই অনাৰ বিষয়েও আলোচনা কৰা হয় ।
বিধায়কৰ দলটোৱে কেন্দ্ৰীয় নেতৃত্বক সমগ্ৰ ৰাজ্যতে হিংসা প্ৰতিহত কৰি শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ অনুৰোধ জনায় ৷ যাতে সকলোৱে একেলগে শান্তিপূৰ্ণভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে ৷ দলটোৱে লগতে কয় যে, তেওঁলোকে আলোকপাত কৰা বিষয়সমূহ গুৰুত্বসহকাৰে লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় নেতৃত্বই ৷
উল্লেখ্য যে, যোৱা 3 মে'ৰ পৰা হিংসাৰ জুই জ্বলি আছে মণিপুৰত ৷ বৰ্তমানলৈকে প্ৰায় 100 গৰাকী লোকে এই হিংসাত প্ৰাণ হেৰুওৱাৰ বিপৰীতে অঘৰীৰ দৰে জীৱন কটাবলগীয়া হৈছে প্ৰায় 40,000 লোকে ৷
লগতে পঢ়ক: Manipur violence: আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি অশান্তি নিৰ্মূলৰ আশ্বাস এন বীৰেণ সিঙৰ
বিগত 47 দিনত ৰাজ্যখনৰ টেংনুপাল জিলাৰ 9 খন গাঁৱত জ্বলিছে 1,310 টা ঘৰ ৷ পূব ইম্ফল জিলাৰ 1,984 টা ঘৰ আৰু ৮,৮৪৯ জন নাগৰিক ক্ষতিগ্ৰস্ত হৈছে এই হিংসাৰ দ্বাৰা ৷ বিষ্ণুপুৰ জিলাৰ 1,040 টা ঘৰ আৰু 4,295 জন, ইম্ফল পূব জিলাৰ 49 খন গাঁৱৰ 4,482 টা ঘৰ আৰু 22,559 জন লোক প্ৰভাৱিত হৈছে ৷ কাকচিং জিলাৰ 6 খন গাঁৱত 2040 টা ঘৰ আৰু 10,200 পৰিয়াল, কাংজাঙৰ 48 টা ঘৰ আৰু 145 জন লোক আৰু জিৰিবামৰ 54 টা ঘৰ জ্বলি যোৱাৰ বিপৰীতে 50 টা পৰিয়াল গৃহহীন হয় ।
চুৰাচান্দপুৰ জিলাত মণিপুৰৰ ভিতৰত সৰ্বাধিক কুকি উগ্ৰপন্থী আছে যিসকলৰ SoO ৰ অধীনত শিবিৰ আছে । কুকি নেচনেল আৰ্মী আৰু কুকি নেচনেল অৰ্গেনাইজেশ্যনকে ধৰি মুঠ 25 টা উগ্ৰপন্থী সংগঠনে 205 টা অত্যাধুনিক অস্ত্ৰ আৰু 2776 টা আন অস্ত্ৰ মজুত কৰি ৰাখিছে ৷ চৰকাৰী অনুজ্ঞাপত্ৰতকৈ এই সংখ্যা বহু কম । চুৰাচান্দপুৰৰ পৰা 30-55 কিলোমিটাৰৰ ভিতৰত এনেধৰণৰ ছটা শিবিৰ আছে ।
3 মে’ৰ পৰা এই হিংসাত্মক ঘটনাত দুজন সেনা জোৱান আৰু এজন আৰক্ষী বিষয়া নিহত হৈছে ৷ এই সংঘৰ্ষত বৰ্তামনলৈকে 212 জন গুলীচালনাত আহত হৈছে, 120 জনৰ মৃত্যু হৈছে আৰু প্ৰায় 50,648 গৰাকী লোক এতিয়াও শিবিৰত আছে । চৰকাৰে 34 টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে 65 টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷