ETV Bharat / bharat

মহাকাশলৈ মানৱ বিহীন যান পঠিওৱাৰ পৰিকল্পনা ISROৰ

author img

By

Published : Feb 28, 2021, 7:48 PM IST

২০২১ চনত ১৪ টা বিশেষ অভিযান সম্পন্ন কৰাৰ কথা উল্লেখ কৰিলে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান চমুকৈ ISROয়ে । ইয়াৰ ভিতৰত মহাকাশ প্ৰতিষ্ঠানটোৰ প্ৰথম মানৱবিহীন অভিযানো আছে ।

মহাকাশলৈ মানৱ বিহীন যান পঠিওৱাৰ পৰিকল্পনা ISROৰ
মহাকাশলৈ মানৱ বিহীন যান পঠিওৱাৰ পৰিকল্পনা ISROৰ

নিউজ ডেস্ক,২৮ ফেব্ৰুৱাৰী: ব্ৰাজিলৰ আমাজন-১ আৰু আন ১৮ টা উপগ্ৰহৰ সফল উৎক্ষেপণৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান চমুকৈ ISRO ৰ অধ্যক্ষ কে চিভানৰ বিশেষ ঘোষণা । দেওবাৰে তেওঁ উল্লেখ কৰা মতে ২০২১ চনত ISRO সাজু হৈছে আন ১৪ টা নতুন অভিযানৰ বাবে । যাৰ ভিতৰত আছে মহাকাশ প্ৰতিষ্ঠানটেৰ প্ৰথমটো মানৱবিহীন অভিযান ।

মিছন নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিজ্ঞানীসকলক সম্বোধন কৰি এই মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে । তেওঁ লগতে কয় যে ১৪ টা অভিযানৰ ভিতৰত আছে সাতটা উৎক্ষেপণ বাহন অভিযান আৰু ছয়টা উপগ্ৰহ অভিযান । লগতে বছৰৰ শেষলৈ প্ৰতিষ্ঠানটোৰ প্ৰথম মানৱবিহীন অভিযানো সম্পন্ন হ'ব বুলি তেওঁ আশাবাদী । এই অভিযানৰ বাবে ইতিমধ্যে বিজ্ঞানীসকল ব্যস্ত হৈ থকা বুলিও তেওঁ মন্তব্য কৰে । ISRO য়ে মানৱ মহাকাশ অভিযান গগণযানৰ পূৰ্বে দুখনকৈ মানৱবিহীন মহাকাশ যান অভিযানৰ পৰিকল্পনা কৰিছে । গগনযান অভিযানত ২০২২ চনৰ ভিতৰত তিনিজন ভাৰতীয়ক মহাকাশলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে । অভিযানটোৰ বাবে বাছনি কৰা চাৰিজন পাইলটে বৰ্তমান ৰাছিয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।

ইফালে অধ্যক্ষ গৰাকীয়ে ভাষণৰ শেষৰ ফালে কৰ'ণা মহামাৰীৰ বাবে মহাকাশ প্ৰতিষ্ঠানটোত প্ৰচলিত স্বাস্থ্য সম্পৰ্কতো বিশেষ মন্তব্য ৰাখে ।

লগতে পঢ়ক:ISRO য়ে উৎক্ষেপণ কৰিলে PSLV C51

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.