ETV Bharat / bharat

জালিয়ানাৱালাবাগ হত্যাৰ ১০২ বছৰ সম্পূৰ্ণ

১০২ বছৰ অতিক্ৰম কৰিলে বুকু কঁপাই যোৱা জালিয়ানৱালাবাগ গণহত্যাৰ ঘটনাই । আজিৰ দিনটোতে ব্ৰিটিছে পঞ্জাৱৰ অমৃতসৰৰ জালিয়ানৱালাবাগত নিৰস্ত্ৰ নিৰীহ নাগৰিকৰ ওপৰত গুলীচালনা কৰিছিল । শ শ লোকে প্ৰাণ হেৰুৱাইছিল আৰু শতাধিক লোক আহত হৈছিল ।

১০২ বছৰ অতিক্ৰম কৰিলে বুকু কঁপাই যোৱা জালিয়ানৱালা বাগ গণহত্যাৰ ঘটনাই

author img

By

Published : Apr 13, 2021, 8:20 PM IST

নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল: ১৯১৯ চনৰ ১৩ এপ্ৰিলত জালিয়ানৱালাবাগ গণহত্যা সংঘটিত হৈছিল । আজিৰ দিনটোতে ব্ৰিটিছে পঞ্জাৱৰ অমৃতসৰৰ জালিয়ানৱালাবাগত নিৰস্ত্ৰ নিৰীহ নাগৰিকৰ ওপৰত গুলীচালনা কৰিছিল । শ শ লোকে প্ৰাণ হেৰুৱাইছিল আৰু শতাধিক লোক আহত হৈছিল । ১৯৫১ চনত ভাৰত চৰকাৰে জালিয়ানৱালাবাগত এই নিৰ্মম গণহত্যাৰ বলি হোৱা লোকসকললৈ শ্ৰদ্ধা জনাই এক স্মাৰক স্থাপন কৰিছিল ।

এই স্মাৰকে সংগ্ৰাম আৰু ত্যাগৰ প্ৰতীক আৰু এই স্মাৰকে প্ৰতিটো প্ৰজন্মৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলে । গণহত্যাৰ বলি হোৱা বিপ্লৱীসকলৰ সোঁৱৰণত 'য়াদ-ই-জালিয়ান' নামৰ এটা সংগ্ৰহালয় স্থাপন কৰা হৈছে । এই নিৰ্মম ঘটনাটোৱে ভাৰত-ব্ৰিটিছৰ সম্পৰ্কত এক দাগ পেলাইছিল ।

গণহত্যাৰ আঁৰৰ কাৰণ কি আছিল?

১৯১৯ চনৰ ১০ মাৰ্চত ৰাওলাট আইন (ক'লা আইন) গৃহীত হোৱাৰ পিছত, মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰাৰ লগে লগে দেশজুৰি এক অস্থিৰ পৰিস্থিতিৰ সূচনা হয় । বিপ্লৱী মনবোৰে পুনৰ চেতনা পায় । এই আইনখনে চৰকাৰক দেশদ্ৰোহৰ অধীনত যিকোনো ব্যক্তিক কাৰাগাৰত বন্দী কৰিবলৈ তেওঁৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ক্ষমতা প্ৰদান কৰে ।

একেটা বছৰৰে ৭ এপ্ৰিলত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহী নামৰ এটা প্ৰৱন্ধ প্ৰকাশ কৰিছিল ৷ য'ত ৰাওলাট আইনৰ বিৰোধিতা কৰাৰ উপায়বোৰ বৰ্ণনা কৰা হৈছিল । ব্ৰিটিছ বিষয়াসকলে এই বিষয়ে আলোচনা কৰে আৰু গান্ধীৰ লগতে আন্দোলনত অংশগ্ৰহণ কৰা আন নেতাসকলৰে মোকাবিলা কৰাৰ ৰণনীতি যুগুত কৰে । ব্ৰিটিছ প্ৰশাসনে গান্ধীক পঞ্জাৱত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে আৰু কয় যে, যদি তেওঁ নিয়ম উলংঘা কৰে তেন্তে গ্ৰেপ্তাৰ কৰা হ'ব ।

পঞ্জাৱৰ তদানীন্তন লেফটেনেণ্ট গভৰ্ণৰ ছাৰ মাইকেল অ’ডয়াৰে গান্ধীক বাৰ্মালৈ বিতাড়িত কৰাৰ পৰিকল্পনা আগবঢ়াইছিল । কিন্তু এই পৰিকল্পনা কাৰ্যকৰী কৰা হোৱা নাছিল, কিয়নো সহযোগী বিষয়াসকলে ভাবিছিল যে, এনে কাৰ্যৰ জৰিয়তে তেওঁলোকে জন সাধাৰণক বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ এক প্ৰকাৰ উৎসাহিতহে কৰিব ।

হিন্দু-মুছলমান ঐক্যৰ প্ৰতীকস্বৰূপ দুজন বিশিষ্ট নেতা ড৹ চৈফুদ্দিন কিচ্চলিউ আৰু ড৹ সত্যপালে অমৃতসৰত ৰাওলাট আইনৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদৰ আহ্বান জনাইছিল । ১৯১৯ চনৰ ৯ এপ্ৰিলত ৰাম নৱমী উদযাপনৰ সময়ত ড৹ সত্যপাল আৰু ড৹ কিচ্চলিউক গ্ৰেপ্তাৰ কৰিবলৈ অ'ডয়াৰে উপায়ুক্ত আৰউইঙক নিৰ্দেশ দিয়ে ।

১৯১৯ চনৰ ১৩ এপ্ৰিল, জালিয়ানৱালাবাগ গণহত্যাঃ

ৰাওলাট আইন গৃহীত হোৱাৰ পিছত পঞ্জাৱ চৰকাৰে আইনৰ বিৰোধিতা কৰা লোকসকলক দমন কৰে । তাৰ পিছত ১৯১৯ চনৰ ১৩ এপ্ৰিলত ৰাইজে বৈশাখী উদযাপন কৰিবলৈ সমবেত হৈছিল । কিন্তু এই সমাৱেশক ব্ৰিটিছে ৰাজনৈতিক পৰিকল্পনা বুলি সন্দেহ কৰিছিল ।

এই সমাৱেশৰ জৰিয়তে জেনেৰেল ডায়েৰৰ বে-আইনী সমাৱেশ নিষিদ্ধ কৰাৰ বাবে জাৰি কৰা নিৰ্দেশৰ উলংঘন কৰা হৈছে বুলি গণ্য কৰা হৈছিল আৰু সাধাৰণ ৰাইজৰ ওপৰত গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । ১০-১৫ মিনিটৰ বাবে প্ৰায় ১৬৫০ জাঁই গুলীচালনা কৰা হৈছিল ।

গোলা-বাৰুদ শেষ হোৱাৰ পিছতহে গুলীবৰ্ষণ বন্ধ হৈছিল । আৰউইঙৰ মতে, এই ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা আছিল ২৯১ জন । কিন্তু ভাৰতৰ চৰকাৰী তথ্য অনুসৰি এই গণহত্যাত ৫০০ ৰো অধিক লোক নিহত হৈছিল । ২০১৯ চনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী থেৰেছা মেই জালিয়ানৱালাবাগৰ ঘটনাক 'লজ্জাজনক' বুলি অভিহিত কৰিছিল । তেওঁ ব্যক্তিগতভাৱে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে যদিও এই ঘটনাৰ বাবে আনুষ্ঠানিকভাৱে ক্ষমা বিচৰা নাছিল ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশ পঞ্চায়ত নিৰ্বাচনঃ যোগেশ বাৰ্মা, পৱন গুপ্তাক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.