ETV Bharat / snippets

উত্তৰ প্ৰদেশৰ ৰেল দুৰ্ঘটনাত হতাহত অসমৰ ৪২ গৰাকী যাত্ৰী ডিব্ৰুগড়ত উপস্থিত

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 10:39 PM IST

Dibrugarh Chandigarh Express
ডিব্ৰুগড়ৰ বাণীপুৰত উপস্থিত ৰে'লযাত্ৰী (ETV Bharat Assam)

মৰাণ, ২০ জুলাই : যোৱা ১৮ জুলাইত উত্তৰ প্ৰদেশৰ গোণ্ডাত দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীবাহী ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ ৰে'লত থকা ডিব্ৰুগড়ৰ ৪২ গৰাকী যাত্ৰী শনিবাৰে সুৰক্ষিতভাৱে বিশেষ ৰে’লযোগে ডিব্ৰুগড়ৰ বাণীপুৰত উপস্থিত হয় । ডিব্ৰুগড় জিলা প্ৰশাসনে সুস্থভাৱে উপস্থিত হোৱা প্ৰতিগৰাকী যাত্ৰীক লঘু আহাৰ আৰু খোৱা পানী যোগান ধৰাৰ লগতে চিকিৎসা সেৱা প্ৰদান কৰে । ইয়াৰ লগতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা এম্বুলেঞ্চ তথা অন্যান্য বাহনেৰে যাত্ৰী সকলক নিজ নিজ গৃহলৈ প্ৰেৰণ কৰাৰো ব্যৱস্থা কৰে ।

উত্তৰ প্ৰদেশৰ গৌণ্ডাত বৃহস্পতিবাৰে সংঘটিত ভয়ংকৰ ৰে'ল দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্র দেশ । চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখে অহা ডিব্ৰুগড় চণ্ডীগড় এক্সপ্ৰেছ ৰে'লখনে সপ্তাহত দুবাৰকৈ ডিব্ৰুগড়লৈ যাত্রা কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.