ETV Bharat / snippets

পথ দুৰ্ঘটনাত শিক্ষকে হেৰুৱালে প্ৰাণ

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 1:48 PM IST

Teacher dies in road accident on Maran-Naharkatia road in Dibrugarh
ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে শিক্ষকে (ETV Bharat Assam)

মৰাণ,২৮ জুন: বৃহস্পতিবাৰে নিশা ডিব্ৰুগড়ৰ জিলি ৰাজগড় পিঠাপথাৰৰ মৰাণ-নাহৰকটীয়া পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই শিক্ষক পৱিত্ৰ বড়াই । টিংখাং সমষ্টিৰ গড়চিঙা গাঁৱৰ নিবাসী লংবৈজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা এগৰাকী সাংস্কৃতিক কৰ্মী আছিল পৱিত্ৰ বড়া ।

নিশা মটৰ চাইকেলেৰে ঘৰলৈ আহি থকা সময়ত এই ঘটনা সংঘটিত হয় । ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখন । ঘটনাৰ পাচতে স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত শিক্ষকজনক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । আৰক্ষীয়ে ঘটনাক সন্দৰ্ভত তদন্ত আৰম্ভ কৰে যদিও বৰ্তমানলৈ ঘটনা সংঘটিত কৰা বাহনৰ কোনো সন্ধান লাভ কৰা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.