ETV Bharat / snippets

বিহালীত জব্দ কৃত অৰুণাচলী সুৰা নষ্ট

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 6:45 AM IST

Seized illegal Arunachali liquor damaged at Bihali in Biswanath
বিহালীত জব্দকৃত অৰুণাচলী সুৰা নষ্ট (ETV Bharat Assam)

বিশ্বনাথ, ৩১ মে': উত্তৰ অসমৰ বিশ্বনাথ, গহপুৰ, চতিয়া আদি অঞ্চলসমূহ এতিয়া অবৈধ অৰুণাচলী সুৰাৰ ঘাটিলৈ পৰিণত হৈছে । বিশেষকৈ বিশ্বনাথৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ বালিচাং, হলঙি আদি অঞ্চলৰ পৰা দৈনিক অবৈধ সুৰা অসমৰ বিভিন্ন ঠাইলৈ, বিশেষকৈ বিশ্বনাথৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে একাংশ অবৈধ সুৰা ব্যৱসায়ীয়ে ৷

এই অবৈধ অৰুণাচলী সুৰা বিক্ৰীৰ ঘাটি থকা অঞ্চল বিশেষকৈ গহপুৰ, হেলেম, বিহালী, বৰগাং আদি অঞ্চলত অভিযান চলাই ইতিপূৰ্বে বিহালী আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ সুৰা । আনহাতে জব্দ কৰা ৭০০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা বৃহস্পতিবাৰে বিশ্বনাথ জিলা আৰক্ষী আৰু আবকাৰী বিভাগে বিহালী থানাত নষ্ট কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.