ETV Bharat / snippets

লখিমপুৰত ডাম্পাৰৰ চেপাত বৃদ্ধাৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 8:33 PM IST

OLD WOMAN ACCIDENT LAKHIMPUR
ডাম্পাৰৰ চকাত সোমাই বৃদ্ধাৰ মৃত্যু (ETV Bharat)

লখিমপুৰ, 27 জুলাই : লখিমপুৰৰ বৰিমুড়ীত ভয়াৱহ পথ দুৰ্ঘটনা । ডাম্পাৰৰ চেপাত কৰুণ মৃত্যু এগৰাকী বৃদ্ধাৰ ৷ শনিবাৰে বিয়লি সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷

নিহত বৃদ্ধাগৰাকীৰ নাম ক্ৰান্তি খেৰকাটাৰী (৭৩) । ঘটনাটোৰ ফলত বৃদ্ধাগৰাকীৰ শৰীৰ ছিন্নভিন্ন হৈ পৰে । দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হ’ল AR 22-3425 । ডাম্পাৰখন পিছুৱাই নিয়াৰ সময়ত বৃদ্ধাগৰাকী ডাম্পাৰখনৰ পিচফালৰ চকাৰ মাজত সোমাই পৰে আৰু দুৰ্ঘটনাটো সংঘটিত হয় ৷ ডাম্পাৰখনৰ চকা খুলিহে বৃদ্ধাগৰাকীৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.