ETV Bharat / snippets

লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ড

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 12:03 PM IST

Massive fire breaks out at Lakuwa thermal power plant in Charaideo
লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ড (ETV Bharat Assam)

চৰাইদেউ, ২৩ জুন : চৰাইদেউৰ লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । তাপ বিদ্যুৎ প্ৰকল্পৰ ভিতৰত থকা কেমিকেলৰ এটা গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডটো ৷ জুই নুমুৱাবলৈ চেষ্টা কৰোতে আহত হয় এজন কৰ্মচাৰী ৷ গুৰুতৰভাৱে আহত কৰ্মচাৰীজন বিজিত শইকীয়া বুলি জানিব পৰা গৈছে ।

ঘটনাস্থলীত ২ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও প্ৰকল্পৰ ভিতৰত মজুত কৰি ৰখা কেমিকেলৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰে কৰ্মচাৰীসকলে । ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হয় এক আতংকময় পৰিৱেশ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.