ETV Bharat / snippets

শোণিতপুৰ আৰক্ষীৰ জালত অস্ত্ৰসহ চাৰিগৰাকী

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 9:46 PM IST

SONITUR POLICE
শোণিতপুৰ আৰক্ষীৰ জালত অস্ত্ৰসহ চাৰিগৰাকী (ETV Bharat Assam)

তেজপুৰ, ৭ জুলাই : ঘৰত মাৰণাস্ত্ৰ ৰখাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে শোণিতপুৰৰ চাৰিগৰাকী লোকক ৷ শোণিতপুৰ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৌচুমী কলিতা আৰু চি আৰ পি এফৰ অতিৰিক্ত কামাণ্ডেণ্ট আশুতোষৰ নেতৃত্বত ঢেকীয়াজুলিৰ শিঙৰীৰ কোত্তমাৰী চাপৰিত এক অভিযান চলোৱা হয় ৷

উক্ত অভিযান কালত চাৰিগৰাকী লোকক আটক কৰা হয় ৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ শিঙৰীৰ চৰত চলোৱা অভিযানত মোকচিদুল হকৰ ঘৰৰ পৰা এটা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ কৰা হয় । বাসগৃহটোৰ ৰান্ধনী ঘৰত লুকুৱাই থোৱা অৱস্থাত এই পিষ্টলটো উদ্ধাৰ কৰা হয় ৷

আটকাধীন লোককেইজন হৈছে আজিজুল হক (৪০), আব্দুল হক (৩৬), আসিকুৰ হক (৩০) আৰু মোকচিদুল হক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.