ETV Bharat / snippets

ডিফুত মুড়ি খাই দুটি কিশোৰৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 10:06 AM IST

food poisoning in Diphu
ডিফুত মুড়ি খাই দুটি কিশোৰৰ মৃত্যু (ETV Bharat)

ডিফু, 3 আগষ্ট : খাদ্যত বিষক্ৰিয়া হৈ ইতিমধ্যে ডিফুত মৃত্যুক সাৱটি লৈছে দুটি কিশোৰে ৷ জানিব পৰা মতে, মুড়ি খোৱাৰ পাচতে মৃত্যু হয় কিশোৰ দুটিৰ ৷ তথ্য অনুসৰি, ডিফু-লামডিং পথৰ ৰংচিংৰি গাঁৱৰ বাসিন্দা বাবুছিং বেʼয়ে ডিফু পাৱাৰ হাউছ বজাৰৰ পৰা ক্ৰয় কৰা নমুড়ি তেওঁৰ তিনি পুত্ৰই খাইছিল ৷ তাৰ পাচতে বাবুছিং বেʼৰ তিনি পুত্ৰ ক্ৰমে চনছিং বেʼ(15), দ্বিগেনচন বেʼ(14) আৰু ৱাইছং অসুস্থ হৈ পৰে ।

আনকি তেওঁৰ কনিষ্ঠ পুত্ৰ ৱাইছঙৰ শুকুৰবাৰে পুৱা মৃত্যু হয় । বেʼৰ আন দুই পুত্ৰ বৰ্তমানো চিকিৎসালয়তে জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে ৷ ইতিমধ্যে বজাৰ সমিতিৰ অধ্যক্ষগৰাকীয়ে মুড়ি বিক্ৰী কৰা দোকানখন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.