ETV Bharat / snippets

এসপ্তাহে অব্যাহত আছে ডিমা হাছাও জিলা ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ অনশন ধৰ্মঘট

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 4:56 PM IST

SIXTH SCHEDULE SURAKSHA SAMITI
ডিমা হাছাও জিলা ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ অনশন ধৰ্মঘট (ETV Bharat Assam)

হাফলং, 18 জুলাই : এটা সপ্তাহ ধৰি অনশন ধৰ্মঘটত বহি অৱশেষত অসুস্থ হৈ হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি ডিমা হাছাও জিলা ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ সদস্য দীপালি হাপিলা। উৎকট গৰমৰ মাজতে বিগত এটা সপ্তাহৰ পৰা হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশনত বহি আছিল দীপালি হাপিলা। আজি পুৱা অসুস্থ হৈ পৰাত তেওঁক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, প্ৰস্তাৱিত 125 সংখ্যক সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীৰ লগতে ডিমা হাছাও জিলাত এটা সুকীয়া লোকসভা সমষ্টি গঠনৰ দাবীত বিগত 12 জুলাইৰ পৰা হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন ধৰ্মঘটত বহিছে ডিমা হাছাও জিলাৰ ষষ্ঠ অনুসূচী সুৰক্ষা সমিতি।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.