নিউজ ডেস্ক, 11 আগষ্ট: মণিপুৰৰ কাংপোকপি জিলাত সংঘটিত বোমা বিস্ফোৰণত এগৰাকী প্ৰাক্তন বিধায়কৰ পত্নী নিহত হয় । শনিবাৰে সন্ধিয়া ছৈকুলৰ প্ৰাক্তন বিধায়ক য়ামথং হাওকিপৰ ঘৰৰ গাতে লাগি থকা এটা ঘৰত বোমা বিস্ফোৰণ সংঘটিত হয় বুলি তেওঁলোকে জানিবলৈ দিয়ে ।
বিস্ফোৰণত আহত হোৱা হাওকিপৰ দ্বিতীয় পত্নী সাপম চাৰুবালাক ছাইকুলৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও পিচত তেওঁৰ মৃত্যু হয় । বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত হাওকিপও নিজৰ ঘৰতে আছিল যদিও এই ঘটনাত তেওঁ আৰু কন্যা কোনোমতে ৰক্ষা পৰে । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।