ETV Bharat / technology

এতিয়া আমনিদায়ক ভিডিঅ'ৰ পৰাও আমোদ লভিব পাৰিব ইউ টিউবত; আহি আছে নতুন সুবিধা - AI Features in YouTube

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 5:41 PM IST

YouTube AI Features: জনপ্ৰিয় ভিডিঅ' প্ৰচাৰৰ মাধ্যম ইউ টিউবে অতি সোনকালে উপভোক্তাৰ বাবে আগবঢ়াব তিনিটা নতুন AI চালিত বৈশিষ্ট্য । কি এইসমূহ বৈশিষ্ট, পঢ়ক সবিশেষ

YouTube AI Features
AI Features in YouTube

নিউজ ডেস্ক, 1 এপ্ৰিল: জনপ্ৰিয় ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্ম ইউটিউবে অতি সোনকালে তিনিটা নতুন AI চালিত বৈশিষ্ট্য উপলব্ধ কৰিব । ইয়াৰ জৰিয়তে দীঘল ভিডিঅ'বোৰ সহজে নেভিগেট কৰা আৰু মন্তব্যৰ সংক্ষিপ্ত কৰা সম্ভৱ হব । তদুপৰি শিক্ষা সম্পৰ্কীয় ভিডিঅ'ত পোনপটীয়াকৈ প্ৰশ্ন কৰা আৰু উত্তৰ পোৱাৰ সুযোগ আছে । নতুন বৈশিষ্ট্যসমূহৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক ।

AI ভিডিঅ' নেভিগেচন সঁজুলি: সম্পূৰ্ণ দৈৰ্ঘ্যৰ ভিডিঅ' চোৱাটো অতি বিৰক্তিকৰ হ'ব পাৰে । সেয়েহে ইউ টিউবে আনিছে নতুন AI ভিডিঅ' নেভিগেচন সঁজুলি । ইয়াৰ ফলত আপুনি ভিডিঅ' এটাৰ এটা আকৰ্ষণীয় অংশলৈ পোনপটীয়াকৈ যাব পাৰে । ইয়াৰ বাবে ভিডিঅ'টোত দুবাৰ টেপ কৰিব লাগিব । লগে লগে আপুনি এটা বুটাম দেখা পাব । আপুনি ইয়াত টেপ কৰাৰ লগে লগে ভিডিঅ'টোৰ আকৰ্ষণীয় খণ্ডটোলৈ যাব পাৰিব । বৰ্তমান এই AI বৈশিষ্ট্য কেৱল আমেৰিকাৰ কিছুমান প্ৰিমিয়াম গ্ৰাহকৰ বাবেহে উপলব্ধ । অতি সোনকালে ইয়াক আন ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ কৰাৰ সম্ভাৱনা আছে ।

AI এ শ্ৰেণীভুক্ত কৰা মন্তব্য: ডাঙৰ ডাঙৰ ভিডিঅ'ত বহুতো বিষয় থাকে । সেয়ে ইয়াৰ তলত বিভিন্ন ধৰণৰ মন্তব্য আহিয়েই থাকে । সেয়েহে এই সকলোবোৰ মন্তব্য বিষয়ভিত্তিকভাৱে ভাগ-বাটোৱাৰা কৰিব পাৰি । এই নতুন AI বৈশিষ্ট্যই ভিডিঅ' প্ৰস্তুতকাৰীসকলক ব্যৱহাৰকাৰীসকলে ভাল পোৱা বিষয়বস্তুৰ বিষয়ে জানিবলৈ সুবিধা দিয়ে। লগতে প্ৰতিক্ৰিয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে নিজৰ ভাল লগা ভিডিঅ' বনাব পাৰিব । তাৰোপৰি ভিডিঅ'টোৰ নেতিবাচক মন্তব্য আৰু অনুপযুক্ত অংশ ডিলিট কৰাৰ সুযোগ আছে ।

AI আস্ক বুটাম: ইউটিউবে প্ৰৱৰ্তন কৰিছে 'শৈক্ষিক ভিডিঅ'ৰ বাবে নতুন AI Ask Button । ইয়াৰ সহায়ত ভিডিঅ'টো ৰৈ নোযোৱাকৈ শিক্ষাবিদৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰি । অৰ্থাৎ 'Ask' Button ত ক্লিক কৰি প্ৰশ্ন সুধিব পাৰিব । লগতে উত্তৰ দিব পাৰি । কন্টেন্ট ক্ৰিয়েটৰসকলে কুইজ চলাব পাৰে । বিষয়বস্তুৰ পৰামৰ্শও দিব পাৰিব । কিন্তু এতিয়াৰ বাবে এই তিনিটা AI বৈশিষ্ট্য কেৱল কিছুমান প্ৰিমিয়াম ব্যৱহাৰকাৰীৰ বাবেহে উপলব্ধ । অতি সোনকালে ইয়াক আন ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: ১৫ ছেকেণ্ডৰ নমুনা হ'লেই কণ্ঠস্বৰ সম্পূৰ্ণ নকল কৰিব পাৰে এ আইয়ে - OpenAIs voice cloning

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.