ETV Bharat / technology

ঘোষণা হ’ল Maruti Suzuki Dzire ৰ নতুন সংস্কৰণ মুকলিৰ দিন - NEW MARUTI SUZUKI DZIRE

New Maruti Suzuki Dzire Launch date: শীঘ্ৰেই মুকলি হ’ব Maruti Suzuki Dzire ৰ নতুন সংস্কৰণ । ইয়াৰ ডিজাইন কেনেকুৱা হ'ব জানি লওক...

Maruti Suzuki Dzire Launch Date Revealed; Know how to design
ঘোষণা হ’ল Maruti Suzuki Dzire ৰ নতুন সংস্কৰণ মুকলিৰ দিন (Maruti Suzuki)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 12:07 PM IST

হায়দৰাবাদ: মাৰুতি চুজুকিয়ে চলিত বৰ্ষত মুকলি কৰিলে মাৰুতি চুইফটৰ নতুন সংস্কৰণ । ইয়াৰ পিছতেই কোম্পানীটোৱে অতি সোনকালে নতুন কমপেক্ট sedan Maruti Dzire মুকলি কৰিবলৈ ওলাইছে । নতুন Maruti Dzire ক কেইবাবাৰো পথত পৰীক্ষা কৰা দেখা গৈছে ।

জানিব পৰা মতে, কোম্পানীটোৱে 11 নৱেম্বৰত 2025 চনৰ মাৰুতি চুজুকি ডিজাৰ মুকলি কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ মূল্যও প্ৰকাশ কৰিব পাৰে । ইয়াৰ পূৰ্বে বহু বাতৰিয়ে দাবী কৰিছিল যে দীপাৱলীৰ পিছত নতুন sedan Maruti Dzire মুকলি কৰা হ’ব ।

নতুন Maruti Dzire ডিজাইন

সূত্ৰ অনুসৰি, বিশেষকৈ ডিজাইনৰ ক্ষেত্ৰত নতুন Maruti Dzire এ প্ৰিমিয়াম ৰুট লোৱাৰ লক্ষ্য কোম্পানীটোৱে লৈছে । কোম্পানীয়ে এই কমপেক্ট চেডানক এক অনন্য ৰূপ দিবলৈ ওলাইছে, যিখন দেখাত মাৰুতি চুইফট হেচবেকৰ পৰা সম্পূৰ্ণ পৃথক হ’ব । অৱশ্যে দুয়োটা মডেলতে বহু সুবিধা উপলব্ধ ।

পৰীক্ষণৰ সময়ত প্ৰকাশ পোৱা ফটোসমূহে দেখুৱাইছে যে নতুন Maruti Dzire ৰ ডিজাইনত বহু পৰিৱৰ্তন ঘটিছে । ইয়াত অ’ডিৰ দৰে নাক, কিছুমান ক্ৰ’ম উপাদানৰ সৈতে ব্লেক আউট অনুভূমিক গ্ৰীল, ক’লা বেজেলৰ সৈতে চিকন হেডলাইট আৰু স্প’ৰ্টী দেখা ফ্ৰন্ট বাম্পাৰ থাকিব পাৰে । ইয়াৰ উপৰিও নতুন Maruti Dzire ৰ ডাইমণ্ড কাট এলয় হুইল বৰ্তমানৰ মাৰুতি চুইফটৰ পৰা পৃথক হ’ব । ইয়াত ষ্টাইলিছ এল ই ডি আউটলাইনৰ সৈতে নতুন এল ই ডি টেইল-লাইট থাকিব ।

2025 চনৰ মাৰুতি ডিজাৰৰ বৈশিষ্ট্য

বৈশিষ্ট্যৰ ক্ষেত্ৰত চুইফটৰ তুলনাত নতুন Maruti Dzire ত ছানৰুফ থাকিব । ইয়াৰ ভিতৰৰ অংশ হেচবেকৰ দৰেই হ’ব বুলি আশা কৰা হৈছে । কিন্তু প্ৰিমিয়াম ফিলৰ বাবে ডেচব’ৰ্ড আৰু ফ্ল’ৰত লাইট শ্বেড থাকিব । ইয়াক 9 ইঞ্চিৰ ফ্ৰী-ষ্টেণ্ডিং টাচস্ক্ৰীণ, অটোমেটিক ক্লাইমেট কণ্ট্ৰ’ল আৰু 4.2 ইঞ্চিৰ ডিজিটেল এমআইডিৰ সৈতে এনালগ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰৰ দৰে বৈশিষ্ট্যৰ সৈতে আগবঢ়াব পাৰি ।

পাৱাৰট্ৰেইন কেনেকুৱা হ’ব?

নতুন Maruti Dzire ত বৰ্তমানৰ মাৰুতি চুইফটৰ দৰেই 1.2 লিটাৰ, 3 চিলিণ্ডাৰ জেড ছিৰিজ পেট্ৰ’ল ইঞ্জিন ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে । পিছলৈ এইটো পেট্ৰ’ল-চিএনজি বিকল্পৰ সৈতেও বজাৰত মুকলি কৰা হ’ব পাৰে । এই ইঞ্জিনৰ পেট্ৰ’ল ভেৰিয়েণ্টত অটোমেটিক গিয়াৰবক্স বিকল্প থকাৰ বিপৰীতে চিএনজি চালিত ভেৰিয়েণ্টত কেৱল 5 স্পীড মেনুৱেল গিয়াৰবক্সহে দিয়া হ’ব । ইয়াৰ বুকিং অতি সোনকালে আৰম্ভ হ’ব বুলি আশা কৰিব পাৰি ।

লগতে পঢ়ক: উৎসৱৰ বতৰত বজাৰলৈ Maruti Baleno Regal Edition

দুবছৰৰ ভিতৰতে বিক্ৰী 2 লাখ SUV Maruti Fronx

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.