ETV Bharat / technology

আইফোনৰ দৰেই WhatsApp ৰ নতুন নেভিগেচন বাৰ - WhatsApp new navigation bar - WHATSAPP NEW NAVIGATION BAR

WhatsApp new navigation bar: শেহতীয়াকৈ মেচেজিং এপ হোৱাটছএপয়ে এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে ইয়াৰ নেভিগেচন বাৰ কিছু সলনি কৰিছে । আইফোনৰ দৰে এপটোৰ তলত নেভিগেচন বাৰ ডিজাইন কৰা হৈছে । এই পৰিৱৰ্তনক লৈ একাংশ ব্যৱহাৰকাৰী অসন্তুষ্ট ।

WhatsApp new navigation bar
আইফোনৰ দৰেই WhatsAppৰ নতুন নেভিগেচন বাৰ
author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 2:13 PM IST

নিউজ ডেস্ক, ৩০ মাৰ্চ : মেটা-মালিকানাধীন মেচেজিং এপ হোৱাটছএপয়ে এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে আনুষ্ঠানিকভাৱে নতুন নিম্ন নেভিগেচন বাৰ মুকলি কৰিছে । আপডেট কৰা নেভিগেশ্বন বাৰটোৱে পুৰণি উৰ্ধৰ নেভিগেশ্বন বাৰটো সলনি কৰিছে আৰু ইয়াত নতুন 'কমিউনিটিজ' শাখা অন্তৰ্ভুক্ত কৰিছে ।

এক্সত হোৱাটছএপয়ে শ্বেয়াৰ কৰা এটা পোষ্ট অনুসৰি, আপডেট কৰা নেভিগেশ্বন বাৰটোৱে 'ষ্টেটাছ'ৰ সলনি 'আপডেট' অন্তৰ্ভুক্ত কৰিছে । এক্স পোষ্টৰ মতে নতুন নেভিগেশ্বন বাৰত ৪ টা বিকল্প আছে : 'চাটছ', 'আপডেট', 'কমিউনিটিজ' আৰু 'কলচ' । হোৱাটছএপ বিটা ব্যৱহাৰকাৰীসকলে যোৱা কেইমাহমান ধৰি নতুন নেভিগেশ্বন বাৰৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু কিছুমান ব্যৱহাৰকাৰীৰ মতে এই সেৱা কেতিয়াবা নাইকিয়া হৈ যায় ।

হোৱাটছএপয়ে দাবী কৰিছে যে নতুন নিম্ন নেভিগেশ্বন বাৰটো 'বুঢ়া আঙুলিৰ ওচৰত' থাকে, আনহাতে ডিজাইনটো বুজিবলৈ অতি সহজ । হোৱাটছএপয়ে এক্সৰ জৰিয়তে এই ডিজাইন আপডেট ঘোষণা কৰি কয় যে ই ব্যৱহাৰকাৰীক প্ৰয়োজন হ'লে প্ৰয়োজনীয় বস্তুবোৰ সহজে ইফালে সিফালে স্থানান্তৰ কৰিব পৰাকৈ ইয়াক ডিজাইন কৰা হৈছে । নতুন নেভিগেশ্বন বাৰক লৈ একাংশ ব্যৱহাৰকাৰী অৱশ্যে অসন্তুষ্ট হোৱাও দেখা গৈছে ।

অতি জনপ্ৰিয় মেচেজিং প্লেটফৰ্ম হোৱাটছএপৰ শেহতীয়া আপডেটে ব্যৱহাৰকাৰীসকলৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰা দেখা গৈছে । একাংশৰ মতে ই অতি জটিল আৰু বিভ্ৰান্তিকৰ হৈছে । একাংশৰ মতে তেওঁলোকে পূৰ্বৰ ডিজাইনটো বেছি পছন্দ কৰে । সলনি কৰাৰ বাবে মতামত ল'বলৈও একাংশই আহ্বান জনাইছে ।

উল্লেখ্য যে, এই নিম্ন নেভিগেশ্বন বাৰৰ ডিজাইনটো এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে এতিয়া উপলব্ধ হ'লেও আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে দীৰ্ঘদিনৰ পৰাই আছিল । অৱশ্যে, হোৱাটছএপৰ আইফোন সংস্কৰণৰ নেভিগেচন বাৰটো সামান্য পৃথক কিয়নো তাত এটা 'ছেটিংছ' বুটাম আছে যিটো এণ্ড্ৰইড এপত নাই ।

লগতে পঢ়ক :এক্সৰ ব্যৱহাৰকাৰীৰ বাবে বিশেষ ঘোষণা মাস্কৰ - Musk On Free Premium Service

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.