ETV Bharat / technology

আৰ্কাইভ অবিহনেও আপুনি লুকুৱাই ৰাখিব পাৰিব WhatsApp ৰ বিশেষ Chat; কেনেকৈ ? - WhatsApp Chat Hide

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

WhatsApp Chat Hide Tricks: WhatsApp-এ এক নতুন বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে য’ত ব্যৱহাৰকাৰীয়ে আৰ্কাইভ অবিহনে Chat লুকুৱাই ৰাখিব পাৰিব । লগতে, Chat লুকুৱাই ৰাখিলেও কোনেও গম নাপায় । এয়া কেনেকৈ কৰিব জানে নে ?...

Etv Bharat
আৰ্কাইভ অবিহনেও আপুনি লুকুৱাই ৰাখিব পাৰিব WhatsApp ৰ বিশেষ Chat; কেনেকৈ ? (ETV Bharat)

নিউজ ডেস্ক, 22 ছেপ্টেম্বৰ: বিশ্বৰ আটাইতকৈ জনপ্ৰিয় মেছেজিং প্লেটফৰ্ম WhatsApp । কেৱল মনোৰঞ্জনৰ বাবেই নহয় অফিচ-কাছাৰীৰ ক্ষেত্ৰতো WhatsApp যথেষ্ট ব্যৱহাৰ হয় । বন্ধু-বান্ধৱ, পৰিয়াল আৰু অন্যান্য ক্ষেত্ৰৰ লোকৰ সৈতে ই এক যোগাযোগৰ সহজ মাধ্যম হৈ পৰিছে । মেছেজিং প্লেটফৰ্ম WhatsApp ত কেতিয়াবা আমি একোটা Chat ডিলিট কৰি পেলোৱাৰ পৰিৱৰ্তে লুকুৱাই ৰখাটো পছন্দ কৰে । আগতে Archive option আছিল যদিও এতিয়া WhatsApp ত Lock option প্ৰৱৰ্তন কৰা হৈছে । যিটো ব্যৱহাৰ কৰি আপুনি বিচৰা নিৰ্দিষ্ট Chat টো লুকুৱাব পাৰে ।

তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰক..

  1. আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনটোত হোৱাটছএপটো খোলক ।
  2. তাৰ পিছত আপুনি এটা Chat বা একাধিক Chat নিৰ্বাচন কৰক (যিটো আপুনি লুকুৱাব বিচাৰে)।
  3. তাৰ পিছত ওপৰৰ সোঁফালৰ চুকত থকা তিনিটা বিন্দুৰ আইকনটোত টেপ কৰক ।
  4. তাৰ পিছত Lock Chat ত টেপ কৰক ।
  5. তাৰ পিছত আপোনাৰ মোবাইলৰ স্ক্ৰীণত এটা মেছেজ পপ আপ হ’ব, য’ত লিখা থাকিব ‘Keep this chat locked and hidden’।
  6. ‘অব্যাহত ৰাখক’ত টেপ কৰক । তেতিয়া আপোনাৰ Chat টো হাইড হৈ পৰিব আৰু কোনেও দেখা নাপাব ।
  7. লুকাই থকা Chat টো কেৱল আপোনাৰ ফোনটোৰ বায়’মেট্ৰিক্স (ফিংগাৰপ্ৰিণ্ট, ফেচলক)তহে খোল খাব ।

Chat টো কেনেকৈ খুলিব?

আপুনি লুকুৱাই ৰখা Chat টোত মেছেজ আহিলে আপুনি এটা জাননী লাভ কৰিব । অৰ্থাৎ হোৱাটছএপত এটা নতুন মেছেজ নটিফিকেচন আহিব । যদি আপুনি Chat টো ৰাজহুৱা কৰিব বিচাৰে, তেন্তে ছেটিংছ বিকল্পলৈ যাওঁক । তাত Chat option ত ক্লিক কৰি আপুনি আপোনাৰ চেট আনলক কৰিব পাৰে । মন কৰিব যে কেতিয়াবা এই চেট লক বিকল্প নিৰ্বাচন কৰিলে আপোনাৰ মেচেজসমূহ ডিলিট হৈ যাব পাৰে ।

লগতে পঢ়ক: আপুনি বিচৰা ধৰণে সজাই ল’ব পাৰিব WhatsApp ৰ ChatPage - Whatsapp new Feature

হোৱাটছএপত নতুন ফিচাৰ সংযোজন: ভিডিঅ’ আৰু ফটোত কেনেদৰে সহজে ৰিয়েক্ট কৰিব ? - WHATSAPP FEATURE

হোৱাটছ এপত আহে নেকি বিজুলী বিল ! ক্লিক কৰাৰ পূৰ্বে সাৱধান - Digital scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.