ETV Bharat / state

জিয়াউৰ ৰহমানৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ প্ৰথমা পত্নীৰ - Extra marital affair

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 5:46 PM IST

Extra marital affair of Ziaur Rahman: জাতীয়তাবাদী নেতা জিয়াউৰ ৰহমানৰ বিৰুদ্ধে প্ৰথমা পত্নীৰ বিস্ফোৰক অভিযোগ । জিয়াউৰ ৰহমানৰ প্ৰকৃত নাম কি জানেনে ? প্ৰথমা পত্নীয়ে ক'লে তেওঁৰ নাম ।

Extra marital affair of Ziaur Rahman
জিয়াউৰ ৰহমান আৰু প্ৰথমা পত্নীৰ অভিযোগ-প্ৰতিঅভিযোগ (ETV BHARAT ASSAM)

গুৱাহাটী, ২৩ জুন : তুংগত উঠিছে অসম জাতীয় পৰিষদৰ সম্পাদক তথা মুখপাত্ৰৰ দায়িত্বত থকা জিয়াউৰ ৰহমান আৰু প্ৰথমা পত্নীৰ অভিযোগ-প্ৰতিঅভিযোগ । শনিবাৰে জিয়াউৰ ৰহমানৰ বিৰুদ্ধে প্ৰথমা পত্নীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিচতেই অজাপ নেতাজনে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছিল । দেওবাৰে জিয়াউৰ ৰহমানৰ প্ৰথমা পত্নীয়ে পুনৰ অভিযোগ উত্থাপন কৰি কয়," জিয়াউৰ ৰহমান নহয়, তেওঁৰ নাম জিয়াউৰ ৰহমান লষ্কৰহে । " আজি সংবাদমাধ্যমৰ আগত তেওঁ বিবাহ বিচ্ছেদ নোহোৱাকৈ জিয়াউৰ ৰহমানে কেনেকৈ আন এগৰাকী যুৱতীক বিয়া পাতিলে বুলি প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক: ২২ মে'ত মোক সামাজিকভাৱে ঘৰৰ মানুহে আন এগৰাকীৰ সৈতে বিয়া পাতি দিছে : জিয়াউৰ ৰহমান - Extra marital affair

জিয়াউৰ ৰহমানৰ বিৰুদ্ধে নতুন নতুন তথ্য ফাদিল কৰি প্ৰথমা পত্নীয়ে কয়, "তেওঁ বিবাহ বিচ্ছেদ হোৱা বুলি কৈ আছে, কিন্তু মই এই সময়লৈ তেওঁৰ পত্নী । যদি মই আইনগতভাৱে পত্নী নহয়, তেন্তে কালি ইমানখিনি কৰাৰ পিছতো কিয় তেওঁ বা তেওঁৰ নতুন পত্নীয়ে আইনগত ব্যবস্থা নল'লে ।"

লগতে পঢ়ক: বিবাহ বহিৰ্ভূত প্ৰেম : পত্নী-প্ৰেমিকৰে মিলি হত্যা আৰক্ষী স্বামীক - EXTRA MARITAL AFFAIR

জিয়াউৰ ৰহমানে তেওঁক কোঠাৰ ভিতৰত শাৰীৰিকভাৱেও অত্যাচাৰ চলাইছিল বুলি অভিযোগ উত্থাপন কৰে । অভিযোগ অনুসৰি জিয়াউৰ ৰহমানে পেণ্টৰ বেল্ট খুলি হাত বান্ধি নিৰ্যাতন চলাইছিল পত্নীক । সেই কথা তেওঁৰ ছোৱালী দুজনীয়ে নিজ চকুৰে দেখিছে বুলি কান্দি কান্দি উল্লেখ কৰি কয়," সেইবাবে ছোৱালী দুজনীয়েও দেউতাকৰ লগত থাকিব নিবিচাৰে । মোৰ দুজনী ছোৱালী জন্ম দিয়াটোৱেই ভুল আছিল নেকি । লোকসভা নিৰ্বাচনৰ ভোটাৰ তালিকাত মোৰ স্বামী বুলি উল্লেখ আছে জিয়াউৰ ৰহমানৰ নাম । তেওঁ যদি ভাবিছে মই চৰিত্ৰহীন তেন্তে তেওঁৰ ছোৱালী দুজনী মোৰ দৰে চৰিত্ৰহীন মহিলা গৰাকীৰ সৈতে কিয় এৰি দিলে ।"

লগতে পঢ়ক: অজাপ নেতা জিয়াউৰ ৰহমানৰ বিৰুদ্ধে পত্নীৰ গুৰুতৰ অভিযোগ - Extra marital affair

প্ৰথমা পত্নীৰ অভিযোগ অনুসৰি ভুৱা পৰিচয়ৰে পৰিচয় দিয়ে জিয়াউৰ ৰহমানে । প্ৰমাণ পত্ৰ দেখুৱাই দাবী কৰিলে পত্নীয়ে তেওঁৰ নাম জিয়াউৰ ৰহমান নহয়, জিয়াউৰ ৰহমান লস্কৰহে । এতিয়া পত্নীয়ে আইনগতভাৱে বিবাহ বিচ্ছেদ বিচাৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.