ETV Bharat / state

বটদ্ৰৱাত ডিমাপুৰৰ পৰা ক্ৰয় কৰা পিষ্টলসহ গ্ৰেপ্তাৰ যুৱক - Youth arrested with Pistol

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 10:52 PM IST

যুৱকৰ হাতত ক'ৰ পৰা আহিল পিষ্টল ? আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা । সক্ৰিয় গুলীও জব্দ ।

Crime in Nagaon
বটদ্ৰৱাত পিষ্টলসহ গ্ৰেপ্তাৰ যুৱক (ETV BHARAT ASSAM)

নগাঁও, ১২ জুলাই: নগাঁও জিলাত আৰক্ষীৰ তীব্ৰ অভিযানৰ পিচতো অপৰাধীৰ কাৰ্যকলাপ হ্ৰাস পোৱা নাই । আৰক্ষীৰ অভিযানৰ সমান্তৰালভাৱে চলাই আছে অপৰাধমূলক কাৰ্য । ইয়াৰ মাজতেই শুক্ৰবাৰে পিষ্টলসহ আৰক্ষীৰ জালত পৰিল জিয়াউৰ ৰহমান নামৰ এটা অপৰাধত জড়িত যুৱক । শুক্ৰবাৰে নগাঁৱৰ বটদ্ৰৱা আৰক্ষীয়ে চলোৱা এক অভিযানত লাভ কৰিছে সফলতা ।

বটদ্ৰৱা আৰক্ষী থানাৰ আৰক্ষীৰ এটা অভিযানকাৰী দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে এটা পিষ্টল । জানিব পৰা মতে, বটদ্ৰৱা আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত শুক্ৰবাৰে পুৱা অভিযান চলাই বটদ্ৰৱাৰ আমলখি গাঁৱৰ জিয়াউৰ ৰহমানৰ বাসগৃহত । বটদ্ৰৱাৰ আমলখি গাঁৱৰ জিয়াউৰ ৰহমানৰ বাসগৃহত অভিযান চলাই অভিযানকাৰী আৰক্ষীৰ দলটোৱে এটা হস্তনিৰ্মিত পিষ্টলৰ লগতে চাৰি জাই সক্ৰিয় গুলীও জব্দ কৰিবলৈ সক্ষম হয় ।

বিভিন্ন অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যেই জিয়াউৰ ৰহমানে সক্ৰিয় গুলীসহ পিষ্টলটো নিজৰ ঘৰতেই মজুত কৰি ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । এই সক্ৰিয় গুলীসহ এটা মাৰণাস্ত্ৰ জিয়াউৰ ৰহমানৰ হাতলৈ ক'ৰ পৰা আহিল বুলি প্ৰশ্ন উত্থাপন হোৱাৰ সময়তেই ধৃত জিয়াউৰ ৰহমানে ডিমাপুৰৰ পৰা পিষ্টল ক্ৰয় কৰি অনা বুলি আৰক্ষীৰ সন্মুখত স্বীকাৰোক্তি দিয়া বুলি আৰক্ষীৰ এক সূত্ৰে জানিব পৰা গৈছে ।

ইপিনে, বটদ্ৰৱা আৰক্ষীয়ে ধৃত জিয়াউৰ ৰহমানক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে চাৰিজাইকৈ সক্ৰিয় গুলী আৰু হস্তনিৰ্মিত পিষ্টলসহ বটদ্ৰৱা আৰক্ষীৰ জালত পৰা জিয়াউৰ ৰহমান পূৰ্বেই বিভিন্ন অপৰাধত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে ।

লগতে পঢ়কমেঘালয়-গোৱালপাৰাৰ পৰা ৬ গাড়ীচোৰক গ্ৰেপ্তাৰ - Car Theft Racket

সৰবৰাহকাৰীসহ কৰিমগঞ্জৰ কান্দিগ্ৰামত 4 কোটি টকাৰ য়াৱা টেবলেট জব্দ - Yaba Tablets Seized

বৰপেটাত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে সোণৰ চেইন - Chain Snatching

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.