ETV Bharat / state

বিশ্ব গঁড় দিৱস; কাজিৰঙাত নীৰৱে চলিছে এশিঙীয়া গঁড় সুৰক্ষাৰ যুঁজ - World Rhino Day 2024 - WORLD RHINO DAY 2024

World Rhino Day : এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । কিন্তু চোৰাং চিকাৰী আৰু বানৰ বাবে সংকটত ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় । অৱশ্যে গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে অহৰহ কাম কৰি গৈছে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ চমুকৈ চিডব্লিউআৰচিয়ে । এতিয়াও গঁড়ৰ ৪ টা পোৱালিৰ পৰিচৰ্যা চলি আছে ।

World Rhino Day 2024
কাজৰিঙাত নীৰৱে চলিছে এশিঙীয়া গঁড় সুৰক্ষাৰ যুঁজ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2024, 12:14 PM IST

কাজিৰঙা, ২২ ছেপ্টেম্বৰ : আজি বিশ্ব গঁড় দিৱস । বিশ্বজুৰি গঁড়ৰ সংৰক্ষণ আৰু সুৰক্ষাৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস । বিভিন্ন অনুষ্ঠানৰ জৰিয়তে গঁড়ৰ সংৰক্ষণৰ বাবে সজাগতাৰ সৃষ্টি কৰা হৈছে । ডব্লিউডব্লিউএফয়ে প্ৰথমবাৰৰ বাবে ২০১০ চনত দক্ষিণ আফ্ৰিকাত বিশ্ব গঁড় দিৱস পালনৰ কথা ঘোষণা কৰিছিল । তেতিয়াৰে পৰা এই দিৱসটো উদযাপন কৰা হৈছে ।

অসমৰো বিভিন্ন প্ৰান্তত বিশ্ব গঁড় দিৱস পালন কৰা হয় । তাৰ ভিতৰত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অন্যতম । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গঁড় দিৱস উপলক্ষে আয়োজন কৰিছে বিশেষ কাৰ্যসূচীৰ ।

কাজৰিঙাত নীৰৱে চলিছে এশিঙীয়া গঁড় সুৰক্ষাৰ যুঁজ (ETV Bharat)

কাজিৰঙাৰ গঁড়ৰ সংখ্যা

উল্লেখ্যে যে বিশ্বৰ ভিতৰতে গঁড়ৰ অন্যতম সুৰক্ষিত বিচৰণভূমি হিচাপে পৰিচয় আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ । ১১৮ বছৰীয়া উদ্যানখনত গঁড়ৰ সংৰক্ষণৰ ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ । দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান গঁড়ৰ সংখ্যা ২,৬১৩ টা । কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ব বিখ্যাত এশিঙীয়া গঁড়বোৰ বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈ আহিছে ।

বিভিন্ন সময়ত সৃষ্টি হোৱা সমস্যাৰ সময়ছোৱাত কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰি আহিছে ।

গঁড়ৰ প্ৰতিপালন

চলিত বৰ্ষৰ জুলাই মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ সময়ত অসম গৌৰৱ এশিঙীয়া গঁড়ৰ কেইবাটাও পোৱালি মাতৃৰ পৰা বিচ্ছিন্ন হৈছিল । পোৱালিবোৰে ওখ ঠাইৰ সন্ধানত মানুহৰ ঘৰৰ কাষত আশ্ৰয় লৈছিল ।

তেনেদৰে মাতৃৰ পৰা বিচ্ছিন্ন দুটাকৈ গঁড় পোৱালিৰ লগতে মুঠ ৪ টা কৈ পোৱালিক বৰ্তমান এই CWRCৰ কৰ্মচাৰীসকলে পৰিচৰ্যা কৰিছে । চিকিৎসক তথা কৰ্মচাৰীসকলে যতন লোৱা পোৱালিকেইটা লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছে । অতি গুৰুত্বপূৰ্ণ কথাটো যে বৰ্তমানলৈকে ১৮ টা গঁড়ক চিকিৎসাৰ অন্তত পুনৰ উদ্যানত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰে CWRCৰ চিকিৎসকে ।

লগতে পঢ়ক :গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ লক্ষ্যৰে বিশ্ব গঁড় দিৱস - World Rhino Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.