ETV Bharat / state

ওদালগুৰিৰ মাজবাটত ডাইনীৰ সন্দেহত মহিলাক হত্যা কৰাৰ অভিযোগ - Witch hunting at Mazbat

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 8:46 PM IST

ডাইনীৰ সন্দেহত 55 বছৰীয়া এগৰাকী মহিলাক হত্যা দুই দুৰ্বৃত্তৰ ৷ মহিলাগৰাকীৰ স্বামীকো হত্যাৰ চেষ্টা ৷ হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী আদিবাসী ছাত্ৰ সন্থাৰ ৷

WITCH HUNTING INCIDENT
লোমহৰ্ষক হত্যাকাণ্ড
ডাইনীৰ সন্দেহত 55 বছৰীয়া মহিলাক হত্যা

ৰৌতা, 21 এপ্ৰিল : তথ্য-প্ৰযুক্তিৰ চমপ্ৰদ সাফল্যৰে আকাশ চুবলৈ সক্ষম হোৱাৰ সময়তে মাজবাটত এক লোমহৰ্ষক হত্যাকাণ্ডই লজ্জানত কৰিছে সভ্য মানৱ সমাজক ৷ আধুনিকতাৰ এই সময়তো মানুহ অন্ধবিশ্বাসৰ বলি হৈ কিমান বৰ্বৰ হ'ব পাৰে তাৰেই এক নিদৰ্শন দাঙি ধৰিলে মাজবাটৰ লামাবাৰী টিক্ৰিতোলা ফৰেষ্ট গাঁও 2নং ৰূপাজুলিৰ হত্যাকাণ্ডই ৷

জানিব পৰা মতে মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত লামাবাৰী টিক্ৰিতোলা ফৰেষ্ট গাঁও 2 নং ৰূপাজুলিৰ 55 বছৰীয়া এগৰাকী মহিলাক শনিবাৰে নিশা একে গাঁৱৰে বেদেমছা বসুমতাৰী (19) আৰু অঞ্চুলা বসুমতাৰী (21) নামৰ অভিযুক্ত দুটাই নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে মহিলাগৰাকীৰ 60 বছৰীয়া স্বামীকো হত্যাৰ চেষ্টা কৰে দুই অভিযুক্তই ৷ অৱশ্যে এই আক্ৰমণত মহিলাগৰাকীৰ স্বামীৰ প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হয় ৷ উল্লেখ্য যে দেওবাৰে পুৱা ভুক্তভোগীৰ পুত্ৰই মাক-দেউতাকক বাৰম্বাৰ মাত দিয়াৰ পাচতো কোনো সঁহাৰি নোপোৱাত দুৱাৰ খুলি দুয়োকে তেজেৰে তুমৰলি হৈ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ লগে লগে পৰিয়ালৰ লোকে স্থানীয় লালপানী আৰক্ষী চকীত খবৰ দিয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ওদালগুৰি জিলা আৰক্ষী অধীক্ষক আৰু মাজবাট আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনফালে গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ স্বামীক মুমুর্ষ অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইফালে মহিলাগৰাকীৰ আহত স্বামীৰ সাক্ষ্যৰ ভিত্তিত এই লোমহৰ্ষক হত্যাকাণ্ড‌‌ৰ সৈতে জড়িতৰ সন্দেহত 2 নং ৰূপাজুলি গাঁৱৰ বেদেমছা বসুমতাৰী আৰু অঞ্চুলা বসুমতাৰীক মাজবাট আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে ৷

ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষীয়ে UD/১৯/২৪ নম্বৰৰ ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৩০২/৩০৭/৩২৫/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰি দুয়োটা অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইফালে‌ এই ঘটনাক লৈ সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৷ ডাইনীৰ সন্দেহত নিৰীহ মহিলাগৰাকীক নৃশংসভাবে হত্যা কৰা হত্যাকাৰী দুটাক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৰ ওদালগুৰি জিলা সমিতিয়ে ৷

লগতে পঢ়ক : তিনি যুৱকক জ্বলাই হত্যা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত আমছুৰ ঘাইপথ অৱৰোধ - AMSU Protest Against Brutal Murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.