ETV Bharat / state

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক: তৃণমূল কংগ্ৰেছ - UGC NET 2024 cancelled

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 8:41 PM IST

প্ৰসংগঃ NEET আৰু NET পৰীক্ষাত বিসংগতি । NEET পৰীক্ষাৰ বিতৰ্কক লৈ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ NET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । NEET আৰু NET পৰীক্ষাত হোৱা বিসংগতি প্ৰসংগক লৈ অসম তৃণমূল কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ।

TMC protests against discrepancies in NEET and NET Exam in Basistha
NEET আৰু NET পৰীক্ষাত হোৱা বিসংগতিক লৈ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী,২১ জুন: NEET আৰু NET পৰীক্ষাত হোৱা বিসংগতিক লৈ সমগ্ৰ দেশতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । এই প্ৰসংগক লৈ সৰৱ হৈ উঠিছে তৃণমূল কংগ্ৰেছ । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে NEET আৰু NET পৰীক্ষাত হোৱা বিসংগতিক লৈ গুৱাহাটীতো তৃণমূল কংগ্ৰেছে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । জয়ানগৰস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ।

হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে TMC ৰ কাৰ্যকৰ্তাসকলে । প্রতিবাদকাৰী কাৰ্যকৰ্তাসকলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰি শীঘ্ৰে পদত্যাগৰ দাবী উত্থাপন কৰে । লগতে কেন্দ্ৰীয় চৰকাৰে নৈতিক দায়িত্ব স্বীকাৰ কৰি ভাৰতবৰ্ষৰ ছাত্ৰ সমাজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰে । উল্লেখ্য যে NEET পৰীক্ষাৰ বিতৰ্ক শাম নাকাটোতেই পুনৰ NET পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনাই কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ ব্যৰ্থতাক পুনৰবাৰ উদঙাই দিলে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ।

এই সম্পৰ্কত অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞাই কয়, "বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দেশৰ সৰ্বাত্মক বিকাশত শিক্ষাৰ গুৰুত্ব কিমান তাক আজি পাহৰি পেলাইছে । তেওঁলোকে কেৱল ক্ষমতাৰ ৰাজনীতিত কৰাতহে ব্যস্ত । গাদী দখলৰ দৌৰত তেওঁলোকে দেশত বিয়পাইছে কেৱল ধৰ্মীয় অসহিষ্ণুতাৰ বীজ । NEET পৰীক্ষাৰ ব্যৰ্থতাইও এই চৰকাৰখনৰ সচেতনতা বৃদ্ধি নকৰিলে । পুনৰবাৰ তেওঁলোকে চৰম লজ্জাজনকভাবে NET পৰীক্ষা সফলতাৰে অনুষ্ঠিত কৰাত দেখুওৱা ব্যৰ্থতাই দেশৰ ছাত্ৰ সমাজৰ ভবিষ্যতকলৈ হেতালি খেলিছে ।"

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক দলটোৱে সমালোচনা কৰাৰ লগতে অনতিপলমে দেশৰ ছাত্ৰ সমাজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী তোলে অসম তৃণমূল কংগ্ৰেছ দলে । যদি তাকে নকৰে অনাগত দিনত প্ৰতিবাদী কাৰ্যসূচী বাহাল ৰখাৰ কথা উল্লেখ কৰে তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক: NEET-UG 2024 পুনৰ পৰীক্ষা স্থগিতৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় - UGC NET 2024

UGC-NET বাতিল : কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ - UGC NET cancelled

UGC-NET বাতিল; মোদী চৰকাৰক আক্ৰমণ কংগ্ৰেছৰ - UGC NET 2024 cancelled

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.