ETV Bharat / state

সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ সোণ যেন ভূমি বেদখলৰ আঁৰৰ কাহিনী - Sonapur Eviction incident

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 7:48 PM IST

Sonapur eviction incident: সোণাপুৰকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । আৰক্ষীৰ গুলীত বেদখলকাৰীৰ মৃত্যু হোৱাক লৈ বিতৰ্ক আৰম্ভ হৈছে । কিন্তু ট্ৰাইবেল বেল্টৰ ভূমি কোনে দখল কৰিছিল ? কেতিয়াৰ পৰা আৰম্ভ হৈছিল এই বেদখলৰ প্ৰক্ৰিয়া ? ইয়াৰ আঁৰত কোন আছে ?

Sonapur Eviction incident
সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ সোণ যেন ভূমি বেদখলৰ আঁৰৰ কাহিনী (ETV Bharat)

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰৰ সমীপৱৰ্তী সোণাপুৰ ৰাজহ চক্ৰৰ দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ ভূমি সন্দেহযুক্ত নাগৰিক বুলি প্ৰশ্ন উঠা লোকৰ দ্বাৰা বেদখল হোৱা আৰু উচ্ছেদ অভিযানকালত ২ জন লোক নিহত হোৱাৰ লগতে ২২ গৰাকী আৰক্ষী-প্ৰশাসনৰ লোক আহত আৰু ১৩ গৰাকী সাধাৰণ লোক আহত হোৱা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ লগাইছে । বিষয়টোক লৈ ৰাজনৈতিক বিতৰ্কও আৰম্ভ হৈছে । এতিয়া প্ৰশ্ন হ'ল- এনে এক অনাহূত পৰিস্থিতি কেনেকৈ সৃষ্টি হ'বলৈ পালে ? কেনেকৈ অনুসূচিত জনজাতি লোকৰ বাবে সংৰক্ষিত ট্ৰাইবেল বেল্টৰ ভূমি বৃহৎ পৰিমাণে বেদখল কৰিব পাৰিলে অজনজাতি পমুৱালোকে ।

এদিনীয়া নহয় সোণাপুৰৰ এই সংঘবদ্ধ বেদখল :

গুৱাহাটীৰ পৰা মাত্ৰ ৩০ কিলোমিটাৰ দূৰত্বত থকা সোণাপুৰ এক সাংবিধানিকভাৱে জনজাতি লোকৰ সংৰক্ষিত অঞ্চল । ট্ৰাইবেল বেল্ট আৰু ব্লকৰ অধীনত আছে সোণাপুৰৰ বৃহৎ সংখ্যক গাঁও । ইয়াৰ সোণাপুৰ ৰাজহ চক্ৰৰ মুঠ ১৪৫ খন গাঁৱৰ ভিতৰত ১২২ খন গাঁও জনজাতি বেল্টৰ অংশ । উল্লেখ্য যে অসম ভূমি আৰু ৰাজহ নিয়মাৱলী, ১৮৮৬ সংশোধনী আইন, ১৯৪৭ৰ দশম অধ্যায়ৰ ১৬১ নং ধাৰাত ৰাজ্য চৰকাৰে ট্ৰাইবেল বেল্ট আৰু ট্ৰাইবেল ব্লক গঠন কৰিছিল ।

সোণাপুৰৰ তিনিখন গাঁও - কচুতলী পথাৰ, সোণাপুৰ পথাৰ আৰু গোমৰীয়া পথাৰত দীৰ্ঘসময় ধৰি বেদখল কৰা হৈছে বুলি চৰকাৰী তথ্যতো প্ৰকাশ পাইছে । সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী পথাৰ, সোণাপুৰ পথাৰ আৰু গোমৰীয়া পথাৰ আদি অঞ্চলত থকা দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ চৰকাৰী আৰু ম্যাদী পট্টাৰ ভূমিত অনা জনজাতি তথা বাংলাদেশৰ পৰা প্ৰব্ৰজিত পমুৱা নাগৰিকে বেদখল কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া । চৰকাৰকো বিভিন্ন সময়ত দল-সংগঠনে এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছিল ৷

সোণাপুৰৰ উচ্ছেদৰ আঁৰৰ কাহিনী :

যোৱা ২২ আগষ্টৰ নিশা সোণাপুৰৰ কলংপাৰ নামৰ অঞ্চলত গাঁওৰক্ষী বাহিনীৰ এটা দলে দুখনকৈ ট্ৰেক্টৰ জব্দ কৰিছিল । ৰাষ্ট্ৰীয় ঘাইপথৰ সেই ট্ৰেক্টৰ দুখনত ঘৰ নিৰ্মাণ কৰা সামগ্ৰীৰ লগতে গছপুলি আদি কঢ়িয়াই লৈ আহিছিল । স্থানীয় দল-সংগঠনে দীৰ্ঘদিনে কৰি অহা অভিযোগৰ প্ৰমাণ পুনৰ এবাৰ লাভ কৰাত স্থানীয় দল-সংগঠন আদিয়ে বিষয়টোত সক্ৰিয় হৈ পৰিছিল । জনজাতিৰ বাবে সংৰক্ষিত ট্ৰাইবেল বেল্টৰ ভূমি অ-জনজাতীয় লোকে বেদখল কৰা গুৰুতৰ বিষয়টো প্ৰশাসনৰ যোগেদি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ টেবুল পোৱালেগৈ স্থানীয় দল-সংগঠনে । বিষয়ৰ গুৰুত্ব বুজি মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক উচ্ছেদৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ৷

সেই অনুসৰি প্ৰশাসনে সোণাপুৰৰ বেদখলকৃত অঞ্চলত আৰম্ভ কৰে উচ্ছেদ অভিযানৰ প্ৰস্তুতি । প্রদ্যুত বৰা নামৰ এজন ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৭৮/২০১২ নম্বৰৰ জনস্বার্থজড়িত গোচৰত ন্যায়ালয়ে সমগ্র অসমৰ ট্রাইবেল বেল্ট/ব্লকসমূহত হোৱা বেদখল মুক্ত কৰিবলৈ অসম চৰকাৰ তথা জিলা আযুক্তসকলক হুকুম জাৰি কৰি থৈছে । সদৌ অসম ট্রাইবেল সংঘ আৰু অন‍্যান্য জাতীয় সংগঠনৰ তথ্য ভিত্তিক অভিযোগ আৰু উচ্চ ন্যায়ালৰ হুকুমৰ আলমত ৰাজ্য চৰকাৰে এই উচ্ছেদ অভিযান আৰম্ভ কৰে ।

মনকৰিবলগীয়া যে উচ্ছেদৰ ১১ দিনৰ পূৰ্বে মাইকযোগে প্ৰশাসনে বেদখলকৃত অঞ্চল ত্যাগ কৰি আঁতৰি যাবলৈ বেদখলকাৰীক ৰাজহুৱাকৈ আহ্বান জনাইছিল । একাংশ লোক আঁতৰি গৈছিল যদিও আন একাংশই এৰি যোৱা নাছিল বেদখলকৃত ভূমি । অৱশেষত প্ৰশাসনে আৰক্ষীৰ সহায়ত অঞ্চলটোৰ জনজাতিৰ বাবে সংৰক্ষিত বেদখলকাৰীৰ দখলত থকা সোণাপুৰ পথাৰ, কচুতলী, গোমৰীয়া পথাৰ আদি দক্ষিণ কামৰূপ জনজাতিৰ বেষ্টনীৰ অন্তৰ্গত অঞ্চলটো ১৩ টা খণ্ডত বিভক্ত কৰি ৯ ছেপ্টেম্বৰৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে ।

নিশাটোৰ ভিতৰতে গজগজীয়াকৈ কৰে ঘৰ নিৰ্মাণ :

সদৌ অসম ট্ৰাইবেল সংঘৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীৰ মন্তব্য, "এই লোকসকল বানপানী হ'লে নাৱেৰে আৰু খৰাঙত ট্রেক্টৰেৰে আহি কচুতলী পথাৰ, সোণাপুৰ পথাৰ, গোমৰীয়া পথাৰত সংগঠিত ৰূপত ভূমি দখল কৰিছিল । বিভিন্ন সময়ত ট্রেক্টৰ আৰু নাৱত ঘৰ বনোৱা সামগ্রী যেনে বেৰ, চাং, খুটা আদি আৰু তামোল, নাৰিকল, কলৰ পুলি একেবাৰতে সাজু কৰি লৈ আহে আৰু নিশাটোৰ ভিতৰতে গজগজীয়াকৈ ঘৰ নিৰ্মাণ কৰি লয় । নিশাৰ ভিতৰত ঘৰবাৰী এনেকৈ সজাই লয় যেন ২০ বছৰ পুৰণি ভেঁটিহে ।" সমগ্ৰ সোণাপুৰ-ডিমৰীয়া অঞ্চলত ৫ হাজাৰৰো অধিক সন্দেহযুক্ত পৰিয়ালে ট্ৰাইবেল বেল্টৰ অধীনস্থ চৰকাৰী ভূমি বেদখল কৰি আহিছে বুলি খাখলাৰীয়ে সদৰী কৰে ৷

বৃহস্পতিবাৰে কেনেকৈ ৰক্তাক্ত হ'ল সোণাপুৰ ?

৯ ছেপ্টেম্বৰৰ পৰা সোণাপুৰৰ কচুতলীৰ ভূমিত কামৰূপ মহানগৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান সুকলমে চলাবলৈ সক্ষম হয় । ৯ ছেপ্টেম্বৰ, সোমবাৰৰ পৰা ৩ দিন ধৰি চলোৱা এই উচ্ছেদ কাৰ্যত মুঠ ২৪৮ বিঘা চৰকাৰী ভূমি বেদখলৰ পৰা মুক্ত কৰে প্ৰশাসনে । ৩ দিনত জনজাতীয় বেল্টৰ ২৩৭ টা অবৈধভাৱে নিৰ্মিত ঘৰত উচ্ছেদ চলোৱা হয় । প্ৰথম তিনিদিন সুকলমে উচ্ছেদ চলিলেও বৃহস্পতিবাৰে অৰ্থাৎ চতুৰ্থ দিনা পৰিৱেশ উত্তপ্ত হৈ পৰিল ৷ ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী ।

বৃহস্পতিবাৰে উচ্ছেদ চলোৱাৰ সময়তে উচ্ছেদকাৰী আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু প্ৰশাসনৰ লোকৰ ওপৰত বেদখলকাৰীয়ে সংঘবদ্ধ আক্ৰমণ কৰে । সেইদিনা পুৱা আৰক্ষী আৰু প্ৰশাসনৰ দলটো সেই স্থানত উপস্থিত হোৱাৰ পাছতেই আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ ওপৰত আক্ৰমণ কৰিলে সন্দেহযুক্ত বেদখলকাৰীয়ে । পৰিকল্পিতভাৱে আক্ৰমণৰ বাবে পূৰ্বৰে পৰা লুকাই থকা বেদখলকাৰী লোকসকলে প্ৰথমে শিলগুটি আৰু পিচত সময়ত লাঠি, জোং লৈ এই আক্ৰমণ চলাইছিল ।

আৰক্ষী-প্ৰশাসনৰ বাহন পৰ্যন্ত ভাঙি পেলাই আক্ৰমণকাৰী বেদখলকাৰীয়ে । ফলত আৰক্ষীয়ে গুলী চলাবলগীয়া পৰিৱেশৰ সৃষ্টি হয় । সোণাপুৰত সংঘটিত এই ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ উপৰিও প্ৰায় ৩৫ জনৰো অধিক লোক আহত হয় । অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ তথ্যমতে ইয়াৰ ভিতৰত ২২ গৰাকীকৈ কৰ্তব্যৰত চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষী আহত হয় ৷

সংগঠিত ৰূপত কেনেকৈ দখল কৰে সোণাপুৰৰ ভূমি ?

স্বাভাৱিকতেই প্ৰশ্ন উঠে যে ট্ৰাইবেল বেল্টৰ এই ভূমিখণ্ডত কেনেকৈ আৰম্ভ হৈছিল অ-জনজাতি প্ৰব্ৰজনকাৰী নাগৰিকৰ বেদখল ? বিভিন্ন সময়ত অভিযোগ উঠি আহিছে যে ২০০৬ চনৰ পৰাই আৰম্ভ হৈছিল সোণাপুৰত এনে বেদখলকাৰীৰ প্ৰৱেশ ৷ সম্প্ৰতি ৰাজনৈতিকভাৱে অচল মুদ্ৰা হৈ পৰা বহু বছৰ মন্ত্ৰী হৈ থকা এগৰাকী বিতৰ্কিত ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাতে এনেদৰে বেদখলকাৰীয়ে ইয়াত গোঁজ পুতিছিল । দীৰ্ঘদিন ধৰি এই অভিযোগ উঠি আহিছিল ।

ধনৰ বিনিময়ত বেদখলৰ অনুমতি দিয়া কোন এই 'নুৰ' ?

বিশেষকৈ চৰ্চালৈ আহিছে নুৰ নামৰ এজন ব্যক্তিৰ নাম ৷ কচুতলীৰ আক্ৰমণকাৰী বেদখলকাৰীসকলক 'নুৰ' নামৰ এজন লোকে ধনৰ বিনিময়ত ধুবুৰী, বৰপেটা, গোৱালপাৰা, হোজাই, ধিং আদি অঞ্চলৰ পৰা সংগঠিত ৰূপত আনি সংস্থাপিত কৰিছিল । সদৌ অসম ট্ৰাইবেল সংঘৰ নেতৃত্বত বৃহস্পতিবাৰে এই অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ ৮ টাকৈ জনজাতীয় দল-সংগঠনে ।

লগতে পঢ়ক :সোণাপুৰকাণ্ড : জি এম চি এইচত ভৰ্তি ১১, এজনৰ অৱস্থা সংকটজনক - Sonapur eviction incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.