ETV Bharat / state

আজৱ কাণ্ড ! অসমত সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ ব্যৱসায়ীক দিছপুৰৰ নিৰ্দেশ - Liquor sale in Assam - LIQUOR SALE IN ASSAM

Assam Excise Department : দামবৃদ্ধিয়ে সুৰানিৰ্ভৰ ৰাজ্যৰ অৰ্থনীতিত পেলাইছে প্ৰভাৱ ৷ দিছপুৰত আবকাৰীৰ বৈঠক । সুৰা বিক্ৰী বৃদ্ধি কৰিবলৈ নিৰ্দেশ ৷

Assam Excise Department
সুৰাৰ বিক্ৰী বিক্ৰী বৃদ্ধি কৰিবলৈ নিৰ্দেশ (Getty Images)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 5:08 PM IST

Updated : May 11, 2024, 6:31 PM IST

গুৱাহাটী, ১১ মে’ : অসমক সুৰাপ্ৰধান ৰাজ্য কৰিহে এৰিব যেন ৰাজ্য চৰকাৰে । সমাজে কয়- সুৰামুক্ত হওক সমাজ । অসম চৰকাৰে সুৰা দোকানীক হেঁচা দিয়ে সুৰাৰ বিক্ৰী বৃদ্ধি কৰক । সুৰাৰ প্ৰচলনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ভূমিকাই ৰাজ্যত সকলোৰে চকু কপালত তুলিছে ।

Assam Excise Department
সুৰাৰ বিক্ৰী বিক্ৰী বৃদ্ধি কৰিবলৈ নিৰ্দেশ (ETV Bharat Assam)

ৰাজ্যত সুৰা বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে । অসম চৰকাৰৰ আজৱ কাণ্ড । প্ৰায় প্ৰতি মাহে ১০০০ কোটিকৈ ঋণ লোৱা ৰাজ্য চৰকাৰে ৰাজকোষৰ নাটনি জোৰা মাৰিবলৈ প্ৰথমে বৃদ্ধি কৰিলে সুৰাৰ দাম ৷ সুৰাৰ দামবৃদ্ধিৰ পিচত এতিয়া কমিবলৈ ধৰিছে সুৰাৰ বিক্ৰী । সেয়ে এইবাৰ অসম চৰকাৰৰ আবকাৰী বিভাগে সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ আদেশ জাৰি কৰিছে ।

ইতিমধ্যেই ৰাজ্যৰ চহৰে-নগৰে, গাঁৱে-ভূঞে সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি কৰি, সুৰাৰ দাম বঢ়াই চৰকাৰে ৰাজহ বৃদ্ধিৰ চেষ্টা চলাই আহিছে যদিও ৰাজ্যত ক্ৰমে হ্ৰাস পাইছে সুৰা বিক্ৰী । বহুল পৰিমাণে সুৰানিৰ্ভৰ অৰ্থনীতি গঢ়িবলৈ গৈ এয়া যেন বুমেৰাং হৈ পৰিছে অসম চৰকাৰৰ বাবে ৷

ৰাজহ বৃদ্ধিৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ আবকাৰী বিভাগে কি কি কৰিছে ?

অসমৰ গাঁও-ভূঁই, চহৰ-নগৰত ব্যাপক সংখ্যাত সুৰাৰ দোকান বৃদ্ধি ৷ বৃদ্ধি কৰিছে বিলাতী সুৰাৰ দাম । শেহতীয়াকৈ সুৰাৰ দাম ১০-২০ শতাংশ পর্যন্ত বৃদ্ধি কৰিছে । ৰাজ্যত ৮ মাহৰ ভিতৰতে দুবাৰকৈ বিলাতী সুৰাৰ দাম বৃদ্ধি কৰা হয় । সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ মাচুল বৃদ্ধি কৰিছে । ৪ হাজাৰ ৫০০ কোটিলৈ আবকাৰী ৰাজহ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । কিন্তু সুৰাৰ দাম বৃদ্ধি কৰাটো এতিয়া বুমেৰাং হৈ পৰিছে ৰাজ্য চৰকাৰৰ বাবে ৷

সুৰাৰ দাম বৃদ্ধিৰ পিচত অসমত হ্ৰাস হৈছে সুৰাৰ বিক্ৰী ৷ যাৰ ফলত আবকাৰী ৰাজহ হ্ৰাস হোৱাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ । সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ দিছপুৰত বহিছে বৈঠক । আবকাৰী আয়ুক্তই সুৰা বিক্ৰী বৃদ্ধি কৰিবৰ বাবে দিছে বিশেষ নিৰ্দেশনা ।

কিয় উদ্বিগ্ন ৰাজ্য চৰকাৰ ?

এফালে আবকাৰী ৰাজহ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে কৰিবলগীয়া সকলো কৰিছে । তেনে সময়তে চৰকাৰৰ উদ্বিগ্নতাৰ কাৰণ হৈছে ২০২৩ৰ এপ্ৰিললৈ ৰাজ্যত বিক্ৰী হোৱা সুৰাৰ পৰিমাণতকৈ ২০২৪ৰ, অৰ্থাৎ এই বছৰৰ এপ্ৰিলত বিক্ৰী হোৱা সুৰাৰ পৰিমাণ কম । অসমৰ বিভিন্ন জিলাৰ খুচুৰা সুৰা বিক্ৰেতাসকলে বণ্ডৰ পৰা ক্ৰয় কৰা সুৰাৰ পৰিমাণ ২০২৩ৰ তুলনাত ২০২৪ৰ এপ্ৰিলত হ্ৰাস পাইছে । যাৰ ফলত কৈফিয়তৰ সন্মুখীন হোৱাৰ পূৰ্বেই আগতীয়াকৈ ৰাজ্যৰ আবকাৰী আয়ুক্ত জিতু দলেই যোৱা ৪ মে’ত আবকাৰী অধীক্ষকসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্সৰ আয়োজন কৰে ।

আবকাৰী বিভাগ উদ্বিগ্ন হোৱাৰ কাৰণটো হ’ল- যোৱা বছৰত ৰাজ্যত বিলাতী সুৰাৰ বিক্ৰী ২৯.২২ শতাংশ হ্ৰাস পায় । একেদৰে ২০২৩ বৰ্ষটোত বীয়েৰ বিক্ৰীৰ পৰিমাণো ২৫.১০ শতাংশ হ্ৰাস পায় । অৱশ্যে বিলাতী সুৰা আৰু বীয়েৰৰ খুচুৰা বিক্ৰী হ্ৰাস পালেও উক্ত সময়ছোৱাত দেশীয় সুৰাৰ বিক্ৰী ২১.১১ শতাংশ বৃদ্ধি পাইছে ।

সেই অনুসৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ সুৰাৰ দোকানসমূহক সুৰা বিক্ৰী বৃদ্ধি কৰিবলৈ নিৰ্দিষ্ট 'টাৰ্গেট’ বান্ধি দিছে অসমৰ আবকাৰী বিভাগে ৷ অনুজ্ঞাপত্ৰ থকা বিলাতী সুৰা, বীয়েৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰি লক্ষ্য নিৰ্ধাৰণ কৰি দিছে । এই লক্ষ্য পূৰণ কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলাসমূহৰ আবকাৰী অধীক্ষকসকলক নিৰ্দেশ দিছে ।

আবকাৰী বিভাগৰ তথ্য মতে যোৱা জানুৱাৰী মাহপর্যন্ত ৰাজ্যত আবকাৰী ৰাজহৰ পৰিমাণ ৩,৮১৬ কোটি টকা । তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাৰ্ষিক আবকাৰী ৰাজহৰ পৰিমাণ ৪,৫০০ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । উৎসৱ-পাৰ্বন আদিত অভিলেখসংখ্যক সুৰা বিক্ৰীৰ অভিলেখেৰে বাতৰিৰ শিৰোনাম দখল কৰা গুৱাহাটী মহানগৰীতো দামবৃদ্ধিৰ পিচত কমিছে সুৰা বিক্ৰীৰ পৰিমাণ ।

সেয়ে আবকাৰী বিভাগে গুৱাহাটীৰ প্ৰতিখন সুৰাৰ দোকানকো দিছে বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰাৰ নিৰ্দেশ । ধৰি দিছে মাহেকীয়া বিক্ৰীৰ নিৰ্দিষ্ট লক্ষ্য । প্ৰতিমাহে ৪,৫০০ লিটাৰ বিলাতী সুৰা বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে । তদুপৰি ৩,৩১০ লিটাৰ বীয়েৰ বিক্ৰী কৰিবৰ বাবেও লক্ষ্য ধৰি দিছে ।

বৰ্তমান কিমান সুৰাৰ দোকান আছে অসমত ?

আবকাৰী বিভাগৰ তথ্য অনুসৰি অসমত বর্তমান ১৭০৭ খন ৱাইন শ্বপ, ৯২৩ খন বাৰ আৰু ৩৭৩ খন দেশীয় সুৰাৰ বিপণি আছে । ৰাজ্যৰ ২৬খন জিলাত ২০৩খন নতুন সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰক্ৰিয়া চলি আছে ৷ ইমানৰ পিচতো কিন্তু সুৰাৰ দাম বৃদ্ধি কৰাটো ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বাধা হৈ দেখা দিলে ।

অসমৰ সমাজ জীৱনত মহাব্যাধি হৈ দেখা দিয়া সুৰাকে ৰাজ্যৰ অৰ্থনীতিৰ এক অন্যতম উৎস বুলি জ্ঞান কৰা চৰকাৰে দিছপুৰৰ পৰা বৈঠক পাতি নিৰ্দেশ দিবলগীয়া হৈছে- বৃদ্ধি কৰক সুৰাৰ বিক্ৰী । এতিয়া সমগ্ৰ ৰাজ্যজুৰি আবকাৰী বিভাগৰ দ্বাৰা এই সুৰা বিক্ৰী বৃদ্ধিৰ পৰিকল্পনা আৰু নিৰ্দেশক লৈ ব্যাপক সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ ৷

লগতে পঢ়ক: Assam Excise Revenue : তেল-কয়লাৰ ৰয়েল্টীৰ সমানে সমানে বাঢ়িছে সুৰাৰ ৰাজহ

লগতে পঢ়ক: Sales of Liquor in Assam: অসমত প্ৰতিদিনে বিক্ৰী হয় ৫ লাখ লিটাৰতকৈও অধিক সুৰা

লগতে পঢ়ক: ৰাজ্যত পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য - Assam Liquor Price Hike

লগতে পঢ়ক: ৰাজ্যত আছে তিনি সহস্ৰাধিক সুৰাৰ দোকান

Last Updated : May 11, 2024, 6:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.