প্ৰচণ্ড বৰফৰ মাজত সীমান্তত কৰ্তব্যৰত সশস্ত্ৰ সীমা বল - SSB Jawan Patrol
Sashastra Seema Bal : সীমান্তত সেনা বাহিনী আৰু অন্যান্য সুৰক্ষা বাহিনীৰ সমান্তৰালভাৱে নিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছে এছ এছ বি অৰ্থাৎ সশস্ত্ৰ সীমা বলে ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ এলেকাত -15 ℃ তাপমাত্ৰাত দেশৰ সীমান্ত চকী পহৰা দিয়া এই সকল সাহসী এছ এছ বিৰ সেনানী ৷


Published : Feb 19, 2024, 4:49 PM IST
তেজপুৰ, 19 ফেব্ৰুৱাৰী : দেশৰ সেৱাত ব্ৰতী অতন্দ্ৰ প্ৰহৰী সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বি ৷ ভাৰত-ভূটান, ভাৰত-নেপাল আৰু ভাৰত-চীন সীমান্তত সেনা বাহিনী আৰু অন্যান্য সুৰক্ষা বাহিনীৰ সমান্তৰালভাৱে কৰ্তব্য নিষ্ঠাৰে পালন কৰি আহিছে এই এছ এছ বি অৰ্থাৎ সশস্ত্ৰ সীমা বলৰ জোৱানে ৷ দেশ মাতৃৰ সেৱাত তেওঁলোকে উৎসৰ্গিত কৰিছে নিজৰ জীৱন ৷ দেশৰ সীমান্তত এই সকল সেনানীয়ে সুৰক্ষা প্ৰদান কৰে ৷
পশ্চিম অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ এলেকাত -15 ℃ তাপমাত্ৰাত দেশৰ সীমান্ত চকী পহৰা দিয়া এই সকল সাহসী এছ এছ বিৰ সেনানী ৷ এই সশস্ত্ৰ সীমা বল অৰ্থাৎ এছ এছ বিৰ জন্ম হৈছিল শোণিতপুৰ জিলাৰ তেজপুৰত চীনা যুদ্ধৰ প্ৰেক্ষাপটত আৰু আজি ভাৰতৰ সকলো ঠাইতে যি কোনো পৰিস্থিতি সাপেক্ষে এই বাহিনীৰ মোতায়েন কৰা কৰা হয় ৷ এছ এছ বিৰ তেজপুৰ ফ্ৰণ্টিয়াৰৰ অধীনত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত আৰু ভাৰত-ভূটান সীমান্তত সীমা বলৰ 62 টা বৰ্ডাৰ পোষ্ট কৰ্তব্যৰত হৈ আছে ৷
পাহাৰৰ সৰ্বোচ্চ উচ্চতাৰ 10,000 ফুট উচ্চতাৰ পৰা 14,000 ফুট উচ্চতাত অৱস্থিত উন্মুক্ত সীমান্তৰ গতিবিধি নিৰীক্ষণ কৰাৰ দায়িত্ব এছ এছ বিৰ প্ৰহৰী সকলৰ ৷ উল্লেখযোগ্য যে, 2004 চনৰ মাৰ্চ মাহত ছিকিম- (32 কিলোমিটাৰ), পশ্চিম বংগ (183 কিলোমিটাৰ- 2খন জিলাৰ সৈতে), অসম (267 কিলোমিটাৰ- 4খন জিলাৰ সৈতে ভাৰত-ভূটান সীমান্তৰ 699 কিলোমিটাৰ অংশ, লগতে অৰুণাচল প্ৰদেশত (217 কিলোমিটাৰ- 2খন জিলাৰ সৈতে) পহৰা দিয়াৰ দায়িত্ব এছ এছ বিক দিয়া হয় ৷ কেৱল সীমান্তৰ প্ৰহৰীয়েই নহয়, অৰুণাচল প্ৰদেশৰ অতি উচ্চতাত প্ৰচণ্ড শীতত বৰফৰ মাজত যোগ অনুশীলন কৰি নিজৰ স্থিতি অটল ৰখাৰ লগতে বৰফৰ মাজত খেল আৰু মনোৰঞ্জন কৰি নিজকে এগৰাকী যোদ্ধা হিচাবে উপযোগী কৰি তুলিছে এই জোৱান সকলে ৷
সশস্ত্ৰ সীমা বল ভাৰত-নেপাল, ভাৰত-ভূটান আৰু ভাৰত-চীন সীমান্তত বিশেষভাৱে সষ্টম হৈ আছে আৰু ভাইব্ৰেন্ত ভিলেজ কাৰ্যসূচীৰ জৰিয়তেও বৰ্তমান সীমান্তৱৰ্তী গাঁও সমূহত বাহিনীয়ে যথেষ্ট আঁচনি গ্ৰহণ কৰিছে ৷ সীমান্তৰ বিবাদিত অঞ্চলত ভৌগোলিক পৰিসীমাৰ ভিতৰত অখণ্ডতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে তেওঁলোকে ৷ 1963 চনৰ ভাৰত-চীন যুদ্ধৰ পটভূমিত তেজপুৰত গঠন হোৱা সশস্ত্ৰ সীমা বল দেশৰ প্ৰথম মহিলাৰ সুৰক্ষা বাহিনী গঠন হোৱা দল এতিয়া সীমান্তৱৰ্তী অঞ্চলৰ অতন্দ্ৰ প্ৰহৰী ৷ বাহিনীৰ জোৱান সকলক শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ স্পৰ্শকাতৰ সীমান্তৱৰ্তী অঞ্চলত থকা সীমান্ত চকী সমূহত প্ৰচণ্ড বৰফৰ মাজত পিলাৰ সমূহ নিৰীক্ষণ কৰা দেখা গৈছে ৷ বৰ্ডাৰ পোষ্ট সমূহ বৰফে ঢাকি পেলোৱা অৱস্থাত সেই পোষ্টৰ ভিতৰত কঠিন জীৱন যাপন কৰা দৃশ্যই তেওঁলোকৰ কৰ্তব্যৰ উদাহৰণ দাঙি ধৰিছে ৷
লগতে পঢ়ক : নিবে ডিফেন্স এণ্ড এৰোস্পেচ প্ৰকল্প উদ্বোধন নৌসেনা প্ৰধানৰ