ETV Bharat / state

সোঁৱৰণৰ দিন : বাদ্যযন্ত্ৰৰ শিল্পীসকলক সুঁৱৰি জ্যোতি চিত্রবনত এটা বিশেষ দিন - Jyoti Chitraban

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 6:20 PM IST

Updated : Aug 12, 2024, 6:42 PM IST

Jyoti Chitraban : জ্যোতি চিত্রবন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় প্ৰয়াত সংগীত শিল্পীক সোঁৱৰণ শীৰ্ষক বিশেষ অনুষ্ঠান। ১২৭ গৰাকী প্ৰয়াত বাদ্যযন্ত্ৰীক সোঁৱৰণ কৰাৰ লগতে পৰিয়ালবৰ্গক বিশেষ সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত।

JYOTI CHITRABAN
প্ৰয়াত বাদ্যযন্ত্ৰীক সোঁৱৰণ কৰাৰ লগতে পৰিয়ালবৰ্গক বিশেষ সম্বৰ্ধনা (ETV Bharat Assam)

গুৱাহাটী, 12 আগষ্ট : বাদ্যযন্ত্ৰ অবিহনে সংগীত আধৰুৱা ৷ বাদ্যযন্ত্ৰ অবিহনে আধৰুৱা হৈ ৰয় এটা গীত ৷ ঠিক তেনেদৰে বাদ্যযন্ত্ৰীসকলৰ অবিহনে এগৰাকী কণ্ঠশিল্পী আধৰুৱা ৷ বাদ্যযন্ত্ৰ অবিহনে এটা সুৰীয়া গীত সৃষ্টি অসম্ভৱ ৷ কিন্তু সংগীতৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা স্বত্বেও সদায়ে আঁৰকাপোৰৰ মাজত থাকি যায় এইসকল শিল্পী ৷ দুই-এজন বাদ্যযন্ত্ৰীয়ে ৰাইজৰ সমাদৰ বা পৰিচয় লাভ কৰে যদিও অধিকাংশই এটা সময়ত অতীত হৈ হেৰাই যায় ৷ সেয়েহে সংগীতৰ ক্ষেত্ৰখনলৈ আৱদান আগবঢ়োৱা এইসকল বাদ্যযন্ত্ৰীৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ল এক বিশেষ অনুষ্ঠান ৷

বাদ্যযন্ত্ৰ শিল্পীসকলক সুঁৱৰি জ্যোতি চিত্রবনত বিশেষ অনুষ্ঠান (ETV Bharat Assam)

অসমীয়া সংগীত জগতৰ প্ৰতি অনবদ্য অৱদান আগবঢ়োৱা প্ৰতিগৰাকী প্ৰয়াত বাদ্যযন্ত্ৰী শিল্পীসকলক সুঁৱৰি পালন কৰা হ’ল এটা বিশেষ দিন ৷ দেওবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় প্ৰয়াত সংগীত শিল্পীসকলক সুৱঁৰি দ্বিতীয় বাৰ্ষিক "সোঁৱৰণৰ দিন" শীৰ্ষক অনুষ্ঠান ৷ সাংস্কৃতিক-সামাজিক অনুষ্ঠান ‘আমি’ৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠান এইবাৰ বাদ্যযন্ত্ৰী পাৰ্থপ্ৰতীম চৌধুৰীৰ স্মৃতিত আয়োজন কৰা হয় ৷ প্ৰয়াত শিল্পী প্ৰান্তিক ফুকন, গৌৰৱ বণিয়া, শিশিৰ কুমাৰ বৰুৱা, আনন্দ নাৰায়ণ দেৱ, ভূপেন উজীৰ, নূপুৰ বৰদলৈ, অভিনন্দন বণিক্য, কিশোৰ গিৰি, দশৰথ দাস সহিতে প্ৰায় 127 গৰাকী প্ৰয়াত বাদ্যযন্ত্ৰী তথা শিল্পীক সোঁৱৰণ কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গক বিশেষ সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত ৷

এই বিশেষ অনুস্থানত উপস্থিত থাকে সংগীত শিল্পী জে পি দাস, ৰমেন চৌধুৰী, জিতুল সোণোৱাল, শান্তা উজীৰ, মালবিকা বৰা, সন্ধ্যা মেনন, সুৰ্য গোস্বামী, মণীষা হাজৰিকা, বিপুল বৰুৱা, মনজিৎ হাজৰিকা, তৰালী শৰ্মা, নমিতা ভট্টাচাৰ্য, মৌচুমী চহৰীয়া, কবিতা বৰঠাকুৰ, গায়ত্ৰী হাজৰিকা আদিকে ধৰি বহু বিশিষ্ট শিল্পী ৷

লগতে পঢ়ক : সুদীৰ্ঘ ১২ বছৰৰ পিচত ৰূপালী পৰ্দাত আকাশদ্বীপ: কিন্তু এইবাৰ ভিন্ন ৰূপত - Agniveer

এই অনুষ্ঠান সন্দৰ্ভত 'আমি'ৰ সচিব উমেশ নাথে কয়, "বাদ্যযন্ত্ৰ শিল্পীসকলৰ কিমান আৱশ্যক সেয়া সকলোৱে জানে ৷ এটা গীতত বাদ্যযন্ত্ৰৰ কিমান প্ৰয়োজন সকলোৱে জানে ৷ কিন্তু সেই বাদ্যযন্ত্ৰীসকলক সকলোৱে পাহৰি যায় ৷ আমি প্ৰয়াস কৰিছো এই বাদ্যযন্ত্ৰী শিল্পীসকলক মৃত্যুৰ পাছতো আকৌ এবাৰ ৰাইজৰ মাজত উলিয়াই দিয়াৰ ৷ এয়া "আমি"ৰ হৈ এক প্ৰচেষ্টা ৷" উল্লেখ্য যে, এই অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱালৈ জীৱনজোৰা সংগীত কর্ম বঁটা প্ৰদান কৰাৰ কথা আছিল যদিও বিশিষ্ট শিল্পীগৰাকী নিৰুদ্দেশ হৈ থকাৰ বাবে এই বঁটা প্ৰদান স্থগিত ৰখা হয় ৷

লগতে পঢ়ক : ১৭ টকা পাইছিল জুবিন গাৰ্গে, ভৰ দুপৰীয়া গান গাই শুনিছিল গালি : বন্ধুৰ মুখত জুবিন গাৰ্গৰ স্মৃতি - Zubeen Garg

Last Updated : Aug 12, 2024, 6:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.