ETV Bharat / state

শিৱসাগৰত শিক্ষা বিভাগৰ আজৱকাণ্ড: এদিনতে সম্পন্ন কৰিব লাগিব ১২০০ বিদ্যালয়ৰ হিচাপ - Education minister Ranoj pegu

Sivasagar Education Department : শিৱসাগৰ জিলাত শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ৷ এদিনতে সম্পন্ন কৰিব লাগিব 1200 বিদ্যালয় কোটি কোটি টকা হিচাপ ৷ ত্ৰাহি মধুসূদন সোঁৱৰিছে শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷

Sivasagar Education Department
শিৱসাগৰত শিক্ষা বিভাগৰ আজৱ কাণ্ড: এদিনতে সম্পন্ন কৰিব লাগিব ১২০০ বিদ্যালয়ৰ হিচাপ
author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 2:13 PM IST

শিৱসাগৰত শিক্ষা বিভাগৰ আজৱ কাণ্ড: এদিনতে সম্পন্ন কৰিব লাগিব ১২০০ বিদ্যালয়ৰ হিচাপ

শিৱসাগৰ, 3 মাৰ্চ : শিৱসাগৰত শিক্ষা বিভাগৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৷ এদিনতে সম্পন্ন কৰিব লাগিব 1200 বিদ্যালয় কোটি কোটি টকা হিচাপ ৷ ত্ৰাহি মধুসূদন সোঁৱৰিছে শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷ মার্চ মাহৰ আৰম্ভণিতে বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীক প্ৰতিখন বিদ্যালয়ৰ ধন ব্যয়ৰ হিচাপ লাগে ।

দেওবাৰে চৰকাৰী বন্ধৰ দিনটোতো শিক্ষকসকলক কাম কৰিবলৈ নিৰ্দেশ দিয়ে শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ আৰু সৰ্বশিক্ষা মিছনৰ ভাৰপ্ৰাপ্ত জিলা গাণনিক বিষয়া বীৰেণ শইকীয়াই ৷ এতিয়া এই অবিবেচকী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত পৰিছে শিৱসাগৰৰ 1200 বিদ্যালয়ৰ শিক্ষক সমাজ ।

বন্ধৰ দিনটোতে শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীক এখন বিদ্যালয়ত উপস্থিত থাকি বছৰটোৰ ধন ব্যয়ৰ হিচাপ পৰীক্ষা কৰি দাখিল কৰিবলৈ হোৱাটছআপযোগে মেছেজ দিছে ৷ এই নিৰ্দেশনা অনুসৰি 31 মাৰ্চৰ ভিতৰত ব্যয় কৰিব লগা ধনৰ হিচাপ 3 মাৰ্চতেি প্ৰদান কৰিব লাগিব ৷

এই নিৰ্দেশনাৰ পিচতেই শিৱসাগৰ জিলা সন্মিলিত শিক্ষক সমাজে ক্ষোভ প্ৰকাশ কৰিছে ৷ তেওঁলোকে মিলিত হৈ জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷ শিক্ষক সমাজৰ প্ৰশ্ন উত্থাপন কৰে যে, বন্ধৰ দিন দেওবাৰে কিয় হিচাপ বিচাৰিব লগা হ'ল ?

দুঘন্টাত 300/400 বিদ্যালয়ৰ হিচাপ কেনেকৈ চাব ? নিৰ্দেশনাত এটা ব্ল’ক (Block)ক দুঘন্টাহে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে । ইয়াৰোপৰি এটা শিক্ষাখণ্ডত 300 ৰ পৰা 400 বিদ্যালয় আছে । মুঠতে এদিনত প্ৰায় 1200 বিদ্যালয়ৰ হিচাপ উলিয়াটো সম্ভৱ হয়নে ?

আনহাতে এই নিৰ্দেশনা কেৱল শিৱসাগৰতহে প্ৰদান কৰা হৈছে ৷ অসমৰ কোনো জিলাত এনেধৰণৰ নিৰ্দেশনা দিয়া নাই ৷ আন নালাগে FAO বীৰেণ শইকীয়াই কৰ্তব্যৰত চৰাইদেউ জিলাতো এই নিৰ্দেশ দিয়া হোৱা নাই । তেন্তে কেৱল শিৱসাগৰৰ শিক্ষককহে কিয় টাৰ্গেট কৰা হ'ল বুলিও প্ৰশ্ন শিক্ষকৰ ।

উল্লেখ্য যে শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে জিলা শিক্ষা বিভাগত অযথা হস্তক্ষেপ কৰাৰ লগতে জিলা মিছন সমন্বয়কৰ ক্ষমতা সম্পূৰ্ণৰূপে কৰ্তন কৰি নিজৰ পচন্দৰ বিষয়াক প্ৰদান কৰাৰ ফলত বিভাগটোত সঘনাই এনে বেমেজালিৰ সৃষ্টি হৈছে ।
সমগ্ৰ শিক্ষাৰ দায়িত্বত থকা বিত্ত আৰু গাঁথনিক বিষয়া চমুকৈ ফাওগৰাকীয়ে শনিবাৰে নিশা বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ হোৱাটছআপ এটা বার্তা দি অহা 3 মাৰ্চত শিৱসাগৰ চহৰৰ চৰকাৰী মজলীয়া বিদ্যালয়ত চৰকাৰী ধন ব্যয় কৰা সকলো নথি-পত্ৰ লৈ উপস্থিত থাকিবলৈ কঠোৰভাৱে নির্দেশ দিছে ।

কিন্তু এদিনতে 1200 বিদ্যালয়ৰ কোটি কোটি টকাৰ হিচাপ কিদৰে পৰীক্ষা কৰিব আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে টকা চুবলৈ নোপোৱাকৈ কিদৰে ধনৰ ব্যয়ৰ হিচাপ দাখিল কৰিব, এই কথা সহজে অনুমেয় ।

লগতে পঢ়ক:অসমত যকৃৎ সংৰোপনৰ ব্যৱস্থা কৰাত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.