ETV Bharat / state

অমৃতকালত এম্বুলেন্স নাই: মৃতদেহ ঘৰলৈ নিবলগা হ'ল টেম্প'ৰে - SILCHAR MEDICAL COLLEGE HOSPITAL

এক অসহনীয় দৃশ্য ! মৃত্যুৰ পিছতো সন্মানেৰে মৃতদেহ কঢ়িয়াবলৈ সম্বলৰ অভাৱ । এম্বুলেন্সৰ অভাৱত অটোৰে মৃতদেহ নিবলগা হ'ল ধলাইৰ এটা দুখীয়া পৰিয়ালে ।

BODY CARRIED BY TEMPO IN SILCHAR
এম্বুলেন্সৰ অভাৱত মৃতদেহ ঘৰলৈ নিবলগা হ'ল টেম্প'ৰে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 8:03 PM IST

শিলচৰ : ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ জয়গান গাই থকাৰ সময়তে এক বিপৰীত দৃশ্য প্ৰতিফলিত হৈছে শিলচৰত । ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশত উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে এই দৃশ্যই উদঙাইছে প্ৰকৃত স্বৰূপ ।

স্বাস্থ্য সেৱাতো দূৰৈৰ কথা, এখন এম্বুলেন্সৰো অভাৱ বিভিন্ন চিকিৎসালয়ত । তেনে এক দৃশ্যই পৰিলক্ষিত হৈছে শিলচৰ মেডিকেল কলেজ হাস্পতালত ।

এম্বুলেন্সৰ অভাৱত মৃতদেহ ঘৰলৈ নিবলগা হ'ল টেম্প'ৰে (ETV Bharat Assam)

এম্বুলেন্সৰ অভাৱত শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা এখন টেম্প'ৰে মৃতদেহ ঘৰলৈ নিবলগা হয় ধলাইৰ এটা দুখীয়া পৰিয়ালে । ধলাইৰ উপ-নিৰ্বাচনৰ দিনাই সমষ্টিটোৰ প্ৰকৃত উন্নয়ন উদঙাই দিলে এই দৃশ্যই ।

ৰাজ্যৰ পাঁচটা সমষ্টিত বুধবাৰে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন । এই পাঁচটা সমষ্টিৰ ভিতৰত এটা হৈছে কাছাৰৰ ধলাই বিধানসভা সমষ্টি । উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ধলাইত । ইফালে ধলাইৰ উন্নয়নৰ গান গাই বিজেপিয়ে সমষ্টিটো পুনৰ দখলৰ বাবে তীব্ৰ প্ৰচাৰ চলায় । কিন্তু নিৰ্বাচনৰ দিনাই ধলাইৰ ৰাজপথত দেখা গ'ল এক দুখলগা দৃশ্য । গণতন্ত্ৰৰ সৰ্ববৃহৎ এই উৎসৱৰ দিনাই কেমেৰাত বন্দী হোৱা এই দৃশ্যই উদঙাই দিলে ধলাইৰ উন্নয়নৰ প্ৰকৃত ছবি ।

এম্বুলেন্সৰ অভাৱত ধলাইৰ এটা দুখীয়া পৰিয়ালে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা মৃতদেহ ঘৰলৈ নিবলগা হ'ল টেম্প'ৰে । ধলাই ভূবনডহৰ সোখতলা গাঁৱৰ বাসিন্দা এই পৰিয়ালটো । মঙলবাৰে পৰিয়ালটোৰ এজন সদস্যৰ শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় । কিন্তু নিশা এম্বুলেন্স নাপাই পুৱালৈকে বাট চাই ৰয় পৰিয়ালটোৱে । পিচে পুৱাও এম্বুলেন্স নাপাই অৱশেষত পৰিয়ালটোৱে বাধ্য হৈ এখন যাত্ৰীবাহী টেম্প'ৰে মৃতদেহটো ধলাইৰ নিজা ঘৰলৈ লৈ যায় ।

লগতে পঢ়ক :পথৰ পৰা বাগৰিল বাহন; শিশুসহ থিতাতে নিহত চাৰিগৰাকী যাত্ৰী
লগতে পঢ়ক :প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক হৈও পানীত হাঁহ নচৰা হৈছে 8904 জন জলমিত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.