ETV Bharat / state

বিশ্বাস কৰিবনে যে এগৰাকী জন্মদাত্ৰী মাতৃয়ে গৰ্ভজাত সন্তানক খুওৱাইছে চিগাৰেট আৰু সুৰা ! - mother abuse her child

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 1:38 PM IST

Updated : Jun 13, 2024, 4:45 PM IST

Sensational Incident In Silchar : আইৰ সমান হ’ব কোন ? নৈৰ সমান ব’ব কোন ? এই আপ্তবাক্যশাৰীৰ যেন অপমৃত্যু ঘটিল কাছাৰত ৷ কিয়নো এগৰাকী পাষাণ মাতৃয়ে নিজৰ গৰ্ভজাত সন্তানক খুওৱাইছে চিগাৰেট আৰু সুৰা ৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শিলচৰ চেংকুৰি ৰোডত ৷

Sensational Incident In Silchar
20 মহীয়া সন্তানক চিগাৰেট পান কৰাই চাইল্ড লাইনৰ ৰোষত জন্মদাত্ৰী (ETV Bharat Assam)

শিলচৰ, 13 জুন : এগৰাকী জন্মদাত্ৰীক তুলনা কৰা হয় ভগৱানৰ লগত ৷ কিয়নো সকলো সম্ভাব্য বিপদৰ পৰা এগৰাকী মাতৃয়ে নিজৰ সন্তানক সুৰক্ষা দিয়ে ৷ কিন্তু আপুনি শুনি আচৰিত হ’ব যে এগৰাকী মাতৃও সন্তানৰ বাবে হৈ পৰিব পাৰে বিপদ ৷

হয় আজি আমি ক’বলৈ লৈছো এনে এগৰাকী জন্মদাত্ৰীৰ বিষয়ে, যিয়ে নিজৰ সন্তানক ঠেলি দিছে মৃত্যুৰ গহ্বৰলৈ ৷ ঘটনা অনুসৰি, শিলচৰ চেংকুৰি ৰোডত মাতৃয়ে নিজৰ 20 মহীয়া কণমানি সন্তানক নিজ হাতেৰে বিনা দ্বিধাই পান কৰাইছে চিগাৰেট আৰু সুৰা ৷

এই ঘটনাৰ খবৰ লাভ কৰি বুধবাৰে নিশাই চাইল্ড লাইন আৰু আৰক্ষীৰ লোক কণমানি শিশুটিৰ ঘৰত উপস্থিত হয় । তাৰ পাচতে নিশাই চাইল্ড লাইনৰ লোকে উদ্ধাৰ কৰে কণমানি শিশুটিক । লগতে গ্ৰেপ্তাৰ কৰে শিশুটিৰ মাতৃক ।

লগতে পঢ়ক : ঘাতকৰূপী জন্মদাতা : গৰম তেল ঢালি জ্বলাই দিলে সন্তানক - Sensational Incident In Silchar

কিমান নিৰ্দয় হ’ব পাৰে এগৰাকী জন্মদাত্ৰী ৷ এই পাষাণ মাতৃগৰাকীয়ে নিজৰ 20 মহীয়া কণমানি সন্তানক পান কৰাইছে চিগাৰেট আৰু সুৰাৰ দৰে বিহ । এই খবৰ বিয়পি পৰাৰ লগে লগে সচেতন মহলে উদ্ৰেক প্ৰকাশ কৰিছে ৷

জানিব পৰা মতে, বৰ্তমান শিশুটিক চাইল্ড হোমত ৰখা হৈছে । ইপিনে অভিযুক্ত মহিলাগৰাকীক শিলচৰ সদৰ আৰক্ষী চকীত জেৰা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে ।

শেহতীয়া খবৰ অনুসৰি, অভিযুক্ত মহিলাগৰাকীয়ে তেওঁৰ 20 মহীয়া সন্তানক লৈ চেংকুৰি ৰোডৰ এটা ভাৰাঘৰত থাকে । অভিযুক্ত মহিলাগৰাকী স্বাস্থ্য বিভাগত কৰ্মৰত ৷ স্বাস্থ্য বিভাগত কৰ্মৰত অভিযুক্ত মহিলাগৰাকীৰ এই কাণ্ডই এতিয়া চকু কপালত তুলিছে সাধাৰণ জনতাৰ ৷

লগতে পঢ়ক : কয়ম্বটুৰত 2.5 লাখত বিক্ৰী কেঁচুৱা : বিহাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ - Coimbatore Baby sold case

Last Updated : Jun 13, 2024, 4:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.