ETV Bharat / state

নগাঁৱত উদ্ধাৰ হোৱা নাই বোমা: বোমাৰ সন্দেহত কি উদ্ধাৰ হ'ল ? - 78th Independence day

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 8:23 PM IST

ULFA bomb threat in Nagaon : স্বাধীনতা দিৱসৰ দিনাই নগাঁৱত বোমাৰ আতংক । বোমা বিচাৰি নগাঁৱৰ দুটাকৈ স্থানত আৰক্ষীৰ ব্যাপক অভিযান । উপস্থিত চি আৰ পি এফৰ বোমা বিশেষজ্ঞৰ দল । লগত বোমা নিষ্ক্ৰিয়কৰণৰ সকলো সা-সৰঞ্জাম । বোমা সুৰক্ষা জেকেট পৰিধান কৰি কি উদ্ধাৰ কৰিলে বোমা বিশেষজ্ঞৰ দলে ? বোমাৰ সন্দেহত উদ্ধাৰ হোৱা সামগ্ৰীক লৈ কি ক'লে নগাঁৱৰ আৰক্ষী অধীক্ষকে ?

ULFA bomb threat in Nagaon
নগাঁৱত উদ্ধাৰ হোৱা নাই বোমা (ETV Bharat Assam)

নগাঁও, ১৫ আগষ্ট : বৃহস্পতিবাৰে দেশজুৰি ৭৮ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয় । কিন্তু স্বাধীনতা দিৱসৰ উৎসাহ-উদ্দীপনাৰ মাজতে ৰাজ্যৰ আন কেইবাটাও প্ৰান্তৰ লগতে নগাঁৱতো সৃষ্টি হয় বোমা আতংকৰ ।

স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পাছতেই বিদ্ৰোহী সংগঠন আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ৰাজ্যৰ মুঠ ১৯ টা প্ৰান্তৰ লগতে নগাঁৱৰ দুটাকৈ স্থানত বোমা সংস্থাপন কৰা বুলি উল্লেখ কৰাৰ লগে লগেই সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ । নগাঁৱৰ ম'হখুলিৰ সমীপৰ আদিত্য হাস্পতালৰ কাষৰ পথৰ দাঁতিত এটা বোমা পুতি থোৱা বুলি আলফা স্বাধীনৰ বিবৃতিটোত উল্লেখ কৰা হয় । ইয়াৰ পাছতেই উক্ত স্থানত উচ্চপদস্থ আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ অভিযান আৰম্ভ কৰে ।

অৱশ্যে এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে উক্ত স্থানৰ পৰা কোনো বোমা উদ্ধাৰ হোৱা নাই যদিও বোমাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীৰ দলটোৱে । ইয়াকে লৈ এতিয়াও অঞ্চলটোত আতংকময় পৰিৱেশ বিৰাজমান হৈ আছে । আনহাতে, নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ সমীপৰ পথৰ দাঁতিত আন এটা বোমা সংস্থাপন কৰা বুলিও বিবৃতিটোত উল্লেখ কৰাৰ পাছত উক্ত স্থানতো নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত আৰক্ষীৰ আন এটা দলে বোমা বিচাৰি অভিযান আৰম্ভ কৰে ।

উক্ত স্থানৰ পৰা বোমাসদৃশ এক সামগ্ৰী প্ৰত্যক্ষ কৰাৰ পাছতেই খবৰ দিয়া হয় বোমা বিশেষজ্ঞৰ দলক । লগে লগে বোমা বিশেষজ্ঞৰ দল এটা উক্ত স্থানত উপস্থিত হৈ অভিযান আৰম্ভ কৰে । বোমা নিষ্ক্ৰিয় কৰাৰ সকলো সামগ্ৰী লগত লৈ উপস্থিত হোৱা দলটোৱে কাগজেৰে মেৰিয়াই থোৱা এটা সামগ্ৰী উদ্ধাৰ কৰে ।

এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয়, "উদ্ধাৰ হোৱা সামগ্ৰীবিধ বোমা নহয় । কাৰণ উদ্ধাৰ হোৱা সামগ্ৰীবিধৰ সৈতে কোনো ধৰণৰ বোমাৰ চাৰ্কিট অথবা ডিভাইচ উদ্ধাৰ হোৱা নাই । এতিয়া এই সামগ্ৰীখিনি নি নিৰাপদ ঠাইত নিষ্কাশন কৰা হ'ব ।"

কিন্তু সেয়া যিয়েই নহওক, স্বাধীনতা দিৱসৰ দিনটোত নগাঁওবাসীৰ মাজত বোমাৰ আতংকই বিৰাজ কৰাৰ সমান্তৰালকৈ বোমাৰ সন্ধানত ব্যস্ত থাকিবলগীয়া হয় নগাঁও আৰক্ষীৰ লগতে বোমা বিশেষজ্ঞৰ দল ।

লগতে পঢ়ক :আলফা(স্বা)ৰ বিস্ফোৰণৰ পৰিকল্পনা বিফল: অসমৰ বিকাশৰ স্বাৰ্থত পৰেশ বৰুৱালৈ পুনৰ শান্তিৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ - ULFA I Bomb plans failed
লগতে পঢ়ক :আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 25 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.