ETV Bharat / state

যোৰহাট লায়ন্স ক্লাবৰ ব্যতিক্ৰমী পদক্ষেপ; ৰুটি ভানেৰে খুৱাব বিনামূলীয়া ৰুটি - Lions Roti Van in Jorhat

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 9:53 PM IST

Jorhat loins club: সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গানৰ কলিয়ে যেন বাস্তৱ ৰূপ পালে যোৰহাটত । ক্ষুধাতুৰৰ ক্ষুধা নিবাৰণৰ বাবে আগবাঢ়ি আহিছে যোৰহাট লায়ন্স ক্লাব । উজনি অসমৰ প্ৰথমখন ৰুটি ভান যোৰহাটত মুকলি ।

Lions Roti Van in Jorhat
যোৰহাট লায়ন্স ক্লাবৰ ৰুটি ভান মুকলি (ETV Bharat Assam)

যোৰহাট, ১৩ জুন : "...মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে, ভাবিব কোনেনো কোৱা...সমনীয়া...।" সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এই গানৰ কলিটোত আছে সৰ্বসাধাৰণৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ আহ্বান, মানৱতাক জাগ্ৰত কৰাৰ বাৰ্তা । এই গানৰ কলিটোকে যেন সাৰ্থক কৰি তুলিবলৈ ওলাই আহিল যোৰহাট লায়ন্স ক্লাব ।

হয়, 'লায়ন্স ক্লাব ৰিলিভিং দ্য হাংগাৰ' আঁচনিৰ অধীনত বৃহস্পতিবাৰে যোৰহাটত শুভাৰম্ভ হয় এখন বিনামূলীয়াকৈ ৰুটি বিতৰণ কৰিবৰ বাবে 'লায়ন্স ৰুটি ভান' । যাৰ জৰিয়তে চিকিৎসালয়, ৰে'লৱে ষ্টেচন, বাছ আস্থান, ৰাজপথৰ দাঁতি আদিত দৈনিক কমেও চাৰিশ ক্ষুধাতুৰ লোকক বিশুদ্ধ খোৱাপানী সহিতে বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব ৰুটি-ভাজি ।

সপ্তাহত পাঁচ দিন এনেদৰে তেওঁলোকে ৰাইজৰ বাবে আগবঢ়াব এই বিশেষ সেৱা । লগতে বানপানী বা যিকোনো প্ৰাকৃতিক দুৰ্যোগ আৰু দুৰ্ঘটনাৰ সময়তো ৰাইজৰ সুবিধাৰ বাবে আগবঢ়োৱা হ'ব এই সেৱা । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত বৃহস্পতিবাৰে দুপৰীয়া জিলা আয়ুক্ত পুলক মহন্তই অনুষ্ঠানিকভাৱে উদ্বোধন কৰে লায়ন্স ক্লাবৰ 'লায়ন্স ৰুটি ভান' ।

উল্লেখ্য যে উজনি অসমত এইখনেই হ'ব এনেধৰণৰ বিনামূলীয়া ৰুটি যোগান ধৰা প্ৰথমখন ৰুটি ভান । আনহাতে, এই ৰুটি ভানখন মুকলি কৰি অত্যন্ত সুখী বুলি মন্তব্য কৰে জিলা আয়ক্ত পুলক মহন্তই । লগতে তেওঁ অদূৰ ভৱিষ্যতে এই ভানখন অনান্য স্থানলৈও সম্প্ৰসাৰিত হ'ব বুলি আশা প্ৰকাশ কৰে ।

উল্লেখ্য যে লায়ন্স ক্লাবৰ এই মহান পদক্ষেপৰ সকলোৱে শলাগ লৈছে আৰু এই ভানৰ জৰিয়তে ক্ষুধাতুৰসকলৰ ক্ষুধা নিবাৰণৰ কিছু হ'লেও প্ৰচেষ্টা সাৰ্থক হ'ব বুলি আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :গুৱাহাটীবাসীৰ অতিকৈ চিনাকী ম'ম'ঘৰৰ কেতিয়া স্থাপন হৈছিল ? - Foundation Day Of Momo Ghar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.