ETV Bharat / state

কলৰ ভূৰেই সম্বল, ৩০ বছৰে নিৰ্মাণ নহ'ল এখন দলং - POOR COMMUNICATION

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 5:00 PM IST

Pathetic Condition : দেশত অমৃতকাল চলিছে ৷ এই অমৃতকালতো গৰলহে পান কৰিব লগীয়া হৈছে ওদালগুৰিৰ এটা অঞ্চলৰ ৰাইজে । তেওঁলোকৰ আবেদন-নিবেদনলৈ জনপ্ৰতিনিৰ নাই গুৰুত্ব । 'উন্নয়ন' অঞ্চলটোৰ ৰাইজৰ বাবে হৈছে এক দিবাস্বপ্ন ।

Poor development in Udalguri
ঢুকি পোৱা নাই চৰকাৰী আঁচনিয়ে (ETV Bharat Assam)

ওদালগুৰি, ৯ ছেপ্টেম্বৰ: চৰকাৰ আহে আৰু যায় । নিৰ্দিষ্ট সময়ত চৰকাৰৰ কাৰ্যকালৰ অন্ত পৰে । প্ৰতিখন চৰকাৰ আহিলেই ৰাইজে আশা কৰে তেওঁলোকৰ সমস্য়াৰ অন্ত পৰিব । পিছে বহুতো অঞ্চলৰ ৰাইজৰ সমস্য়াবোৰৰ নহয় সমাধান । ৰাজ্য়ৰ আন বহুতো ঠাইৰ দৰে ওদালগুৰি জিলাৰ কলাইগাঁও সমষ্টিৰ অন্তৰ্গত নামা খৈৰাবাৰী অঞ্চলটোক আজিও ঢুকি পোৱা নাই চৰকাৰী আঁচনিয়ে । ফলত নৰক যন্ত্ৰনাৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ।

  • চৰকাৰখনৰ উন্নয়নৰ নমুনা :

কলাইগাঁৱত উদঙাইছে বিজেপি শাসনাধিষ্ঠ চৰকাৰখনৰ উন্নয়নৰ নমুনা । এখন দলঙৰ অভাৱত বছৰ বছৰ ধৰি কলৰ ভূৰেৰে নদী পাৰ হৈ আহিছে কণ কণ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুৰ লগতে নামা খৈৰাবাৰীৰ ৰাইজে । মৰণত শৰণ দি শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে । যাতায়তৰ ক্ষেত্ৰত যমৰ যন্ত্ৰনা ভুগি আহিছে ছাত্ৰ-ছাত্ৰী তথা গাঁওবাসীয়ে ।

ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে ভূৰেৰে দৈনিক বিপদসংকুলভাৱে পাৰাপাৰ হৈ আহিছে । বাৰিষা বিপদসংকুলভাৱে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ ভূৰেৰে যাতায়াত কৰিবলগীয়া হোৱাত ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে । ইয়াৰ পিছতো যেন চৰকাৰৰ নাই কাণসাৰ । ৰাইজৰ অভিযোগ অনুসৰি বছৰ বছৰ ধৰি এই সমস্যাৰ প্ৰতি কোনো গুৰুত্বই নিদিলে জনপ্ৰতিনিধিসকলে ।

বৰ্তমানেও অঞ্চলটোৰ ৰাইজৰ জ্বলন্ত সমস্যা হিচাপে চিহ্নিত হৈছে এখন দলং । এখন দলং নিৰ্মাণৰ বাবে বি টি আৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা তথা কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োক বহু আবেদন-নিবেদন কৰিছিল যদিও এতিয়ালৈ কোনো সুফল নাপালে বিদ্যালয়খনৰ কৰ্তৃপক্ষ তথা গাওঁবাসীয়ে ।

  • কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে ক্ষোভ :

দীৰ্ঘদিন ধৰি ভুগি অহা সমস্য়া সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়," বিগত ৩০ বছৰেই আমি এইদৰে বিপদসংকুলভাৱে অহা-যোৱা কৰি আহিছো । আমি বহুদিনৰ পৰাই বি টি আৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা তথা কলাইগাঁও সমষ্টিৰ বিধায়িক দুৰ্গাদাস বড়োক বহু আবেদন-নিবেদন কৰি আহিছো । তেওঁলোকে আমাক এখন দলং নিৰ্মাণ কৰি দিব বুলি কৈ আহিছে যদিও আজিলৈকে একোৱেই নকৰিলে ।"

লগতে পঢ়ক:গড়ভঙাৰ জালুক পাহাম অঞ্চলে উদঙাইছে মহানগৰীৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ - DEVELOPMENT OF GUWAHATI

নিৰ্মাণৰ 5 বছৰতে ভাগিল কাঠৰ দলং : চৰকাৰৰ মৰমৰ মাজুলীত ৰাইজে ভুগিছে দুৰ্ভোগ - Bridge collapses in Majuli

উন্নয়ন ক’ত হৈছে ? মৌলিক প্ৰয়োজনসমূহৰ বাবেও হাহাকাৰ একাংশ লখিমপুৰবাসীৰ - POOR COMMUNICATION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.