ETV Bharat / state

নামৰূপ সাৰ কাৰখানাত চতুৰ্থ গোট স্থাপনৰ দাবীত প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 4:51 PM IST

Namrup BVFCL revived: ২০১৪ চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু চৰকাৰে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে । প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত সাৰ কাৰখানাৰ চৌহদত কৰ্মচাৰীসকলে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

Namrup BVFCL revived
নামৰূপ সাৰ কাৰখানাত চতুৰ্থ গোট স্থাপনৰ দাবীত প্ৰতিবাদ
নামৰূপ সাৰ কাৰখানাত চতুৰ্থ গোট স্থাপনৰ দাবীত প্ৰতিবাদ

মৰাণ,৭ মাৰ্চ : দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তাৰ প্ৰাকক্ষণত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ । শীঘ্ৰে চতুৰ্থ গোট আৰম্ভ কৰাৰ দাবীৰে কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত তেওঁৰ প্ৰথমটো কাৰ্যকালৰ প্ৰথম ১০০ দিনীয়া কাৰ্যসূচীত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰাৰ বিষয়টো অন্তৰ্ভুক্ত কৰিছিল আৰু শীঘ্ৰে আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিও দিছিল । কিন্তু আজিলৈ সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰা নহ'ল । পৰিৱৰ্তনৰ কথা কোৱা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে উদ্যোগ স্থাপন কৰি দেশৰ অৰ্থনৈতিক বিকাশ কৰাৰ কথা কৈ থকা সময়ত এতিয়া ইতিহাস হোৱাৰ দিশে নামৰূপ সাৰ কাৰখানা ।

যিটো সময়ত দেশৰ বিভিন্ন প্ৰান্তত বন্ধ হৈ থকা ৰাসায়নিক সাৰ উদ্যোগ পুনৰুজ্জীৱিত কৰা হৈছে । একে সময়তে উত্তৰ-পূৰ্বাঞ্চলৰ এই একমাত্ৰ সাৰ কাৰখানাৰ চতুৰ্থ গোট আজি পৰ্যন্ত নিৰ্মাণ নকৰাৰ বাবে ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল । যাৰ বাবে বৃহস্পতিবাৰে নামৰূপ সাৰ কাৰখানা সুৰক্ষা ঐক্য মঞ্চৰ উদ্যোগত কৰ্মচাৰীসকলে সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে ।

বিগত দুটা দশক সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বিষয়টো কেৱল ৰাজনীতিৰ মেৰপাকত আবদ্ধ হৈ থকাৰ অভিযোগ কৰ্মচাৰীসকলৰ । প্ৰতিবাদকাৰী কৰ্মচাৰীসকলৰ মতে নামৰূপ সাৰ কাৰখানা এতিয়া বন্ধ হোৱাৰ উপক্ৰম হৈছে । বহু কৰ্মচাৰীয়ে এই আশংকাত দিন-ৰাতি কটাইছে । সেয়েহে অসম ভ্ৰমণৰ প্ৰাকক্ষণত নামৰূপ সাৰ কাৰখানা সুৰক্ষা ঐক্য মঞ্চই প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছে । লগতে শীঘ্ৰে সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰাৰ বাবেও কৰ্মচাৰীসকলে দাবী জনাইছে ৷

লগতে পঢ়ক :CAA ৰ বিৰুদ্ধে আছুৰ ৰাজ্যজুৰি বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.