ETV Bharat / state

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চাহ শ্ৰমিকৰ - PROTEST AGAINST FOUR LANE ROAD - PROTEST AGAINST FOUR LANE ROAD

Protest in Seconee Tea Estate: চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বিৰুদ্ধে প্ৰতিবাদত নামিল চাহ শ্ৰমিক ৷ কলিয়াবৰৰ চিকনি চাহ বাগিচাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷

Protest Against Proposed 4 Lane Road At Seconee Tea Estate at Kaliabor
চিকনি চাহ বাগিচাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 2:16 PM IST

কলিয়াবৰ, 26 জুলাই: কলিয়াবৰত নতুনকৈ নিৰ্মাণ হ’বলগা চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বিৰোধিতাৰে শুকুৰবাৰৰ পুৱাই ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদী চাহ শ্ৰমিক । চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত চাহ বাগিচাৰ চাহ পুলি ধ্বংস কৰাৰ বিৰুদ্ধে কলিয়াবৰত প্ৰতিবাদত নামিল চিকনি চাহ বাগিচাৰ চাহ শ্ৰমিক ।

চিকনি চাহ বাগিচাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকৰণে কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ বাবে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ কৰিছে । কলিয়াবৰৰ চিকনি চাহ বাগিচাৰ মাজেৰে চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ বাবে ভূমি অধিগ্ৰহণৰ উদ্দেশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ লোক বাগিচাত উপস্থিত হোৱাৰ পিচতে বাগিচাখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

জানিব পৰা মতে, পূৰ্বে চাহ বাগিচা কৰ্তৃপক্ষৰ আলোচনাৰ পাছতহে বিষয়টো সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ বিষয়ে ঘাইপথ প্ৰাধিকৰণ আৰু চৰকাৰী পক্ষৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি দিয়া হৈছিল । কিন্তু সেই প্ৰতিশ্ৰুতি পালন নকৰি চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে সংশ্লিষ্ট কৰ্তৃপক্ষই ৷ এই কাৰ্য কোনো কাৰণতে সফল হ'বলৈ দিয়া নহ'ব বুলি চাহ শ্ৰমিক আৰু আটচাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । চিকনি চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ জীৱন-জীৱিকাৰ ক্ষেত্ৰত এই সিদ্ধান্তই ক্ষতি কৰিব বুলি উল্লেখ কৰি এই কাৰ্যত বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ ভূমিকা নোলোৱাত আটচাৰ বিষয়ববীয়াসকলে আক্ষেপ প্ৰকাশ কৰে ।

জানিব পৰা মতে, বাগিচাখনৰ প্ৰায় 200 বিঘা ভূমিত নিৰ্মাণ হ’ব এই পথছোৱা । "উদ্যোগ তথা বাগিচা ধ্বংস নকৰাকৈ পথ নিৰ্মাণ কৰক অন্যথা আন্দোলন অব্যাহত থাকিব" বুলি হুংকাৰ প্ৰদান কৰে আটছাৰ লগতে চাহ শ্ৰমিকসকলে ।

লগতে পঢ়ক: বুঢ়াপাহাৰ চাহ বাগিচাত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ - Protest in Kaliabor

ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একাঁঠু পানী : পথ অৱৰোধ কৰি আছুৰ প্ৰতিবাদ - AASU protest in Dibrugarh

বিজেপিৰ কাৰ্যালয়ৰ সমীপতে আন্তঃৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ পৰিৱেশ - Bhutan Road Condition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.