ETV Bharat / state

ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত উত্তাল গোৱালপাৰা - STUDENT BRUTALLY BEATEN BY TEACHER

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 6:56 PM IST

Updated : Sep 12, 2024, 7:31 PM IST

Principal beats students: বিদ্যালয়ত পাঠদান এৰি শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ । তিনি ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ প্ৰধান শিক্ষক ইব্ৰাহিম মণ্ডলৰ বিৰুদ্ধে । প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অভিভাৱকৰ ।

Principal beats students
ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত উত্তাল গোৱালপাৰা (ETV Bharat Assam)

গোৱালপাৰা, ১২ ছেপ্টেম্বৰ: ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগত বৃহস্পতিবাৰে উত্তাল হৈ পৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ মেছেৰভিটা নাছিৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ এখন বিদ্যুতৰ বোৰ্ড ভঙাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যালয়খনত ৷ যাৰ বাবে পাঠদান এৰি বিদ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে অংশ লয় এই প্ৰতিবাদী কাৰ্যসূচীত ৷

অভিযোগ অনুসৰি গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মেছেৰভিটা নাছিৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইব্ৰাহিম মণ্ডলে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ছাত্ৰকেইজনক ৷ প্ৰধান শিক্ষকৰ প্ৰহাৰত ছাত্ৰকেইজন গুৰুতৰভাৱে আহত হৈ অচেতন হৈ পৰে ৷ তেওঁলোকক লগে লগে লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত তেওঁলোকক চিকিৎসা প্ৰদান কৰাৰ পাছত সুস্থ হোৱাত ওভতাই অনা হয় ৷

ইয়াৰ পাছতেই ছাত্ৰ-ছাত্ৰীসহ অভিভাৱকসকলে বিদ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকৰ দাবী- প্ৰধান শিক্ষক ইব্ৰাহিম মণ্ডলৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিব লাগে ব্যৱস্থা ৷ জানিব পৰা মতে, প্ৰধান শিক্ষক মণ্ডলৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰকেইজন অষ্টম শ্ৰেণীৰ অধ্যয়নৰত ৷ আহত ছাত্ৰকেইজনৰ দুজন ক্ৰমে নুৰ আমিন আৰু আমজাদ আলী বুলি জানিব পৰা হৈছে ৷ আনহাতে গুৰুতৰভাৱে আহত আনজন ছাত্ৰৰ পৰিচয় বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

ইয়াৰ পূর্বতেও ছাত্রক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ আছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ইব্রাহিম মণ্ডলৰ বিৰুদ্ধে । ঘটনা সন্দৰ্ভত ছাত্রকেইগৰাকীৰ পৰিয়ালৰ লোক লক্ষীপুৰ আৰক্ষীৰ কাষ চাপিব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত আছে প্ৰধান শিক্ষক ইব্রাহিম মণ্ডল ।

লগতে পঢ়ক: কণমানি ছাত্ৰক প্ৰহাৰ কৰাক লৈ শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল - Teacher beating student

Last Updated : Sep 12, 2024, 7:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.