ETV Bharat / state

৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আলহী হ’ব প্ৰধানমন্ত্ৰী মোদী - এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা

Narendra Modi To Visit Kaziranga : কাজিৰঙালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ অহা ৮ মাৰ্চত বিশ্ব ঐতিহ্যক্ষেত্ৰ উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী ৷ ৯ মাৰ্চত হাতী অথবা জীপ ছাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে সজাই পৰাই তোলা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷

কাজিৰঙালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 11:07 AM IST

কাজিৰঙালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কাজিৰঙা, ২৯ ফেব্ৰুৱাৰী : এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙালৈ প্ৰথমবাৰৰ বাবে আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ অহা ৮ মাৰ্চত কাজিৰঙাত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৷ তথ্য অনুসৰি, ৮ মাৰ্চৰ নিশাটো কাজিৰঙাতে কটাই ৯ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

প্ৰধানমন্ত্ৰী মোদীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণক লৈ পূৰ্ণ গতিত কাজিৰঙাত চলিছে প্ৰস্তুতি ৷ প্ৰতিদিনেই ৰাজ্যৰ শীৰ্ষ আমোলা-বিষয়াসকল কাজিৰঙাত উপস্থিত হৈ সামগ্ৰিক পৰিৱেশ অধ্যয়ন কৰি প্ৰতিটো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিছে ৷ তদুপৰি প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ পূৰ্বেই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কাজিৰঙাত ৷

বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও কাজিৰঙাত উপস্থিত হৈছে নিজেই প্ৰতিটো দিশ চোৱা-চিতা কৰিছে ৷ আনকি প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু আন্তঃগাঁথনিৰ উন্নয়নৰ কাম কৰি থকা হৈছে । সংবাদ মাধ্যমৰ আগত এই মন্তব্য় কৰে বনমন্ত্ৰী পাটোৱাৰীয়ে ৷

আনকি প্ৰধানমন্ত্ৰীক আদৰিবলৈ অসম চৰকাৰে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে বুলি বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ প্ৰথমবাৰৰ বাবে কাজিৰঙালৈ আহিবলৈ ওলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই কাজিৰঙা ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ইতিপূৰ্বে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়েও কাজিৰঙা ভ্ৰমণ কৰিছিল ৷

তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে ৯ মাৰ্চৰ পুৱা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ হাতী ছাফাৰী আৰু জীপ ছাফাৰী দুয়োটাৰে ব্যৱস্থা কৰিছে ৰাজ্যৰ বন বিভাগে । আনকি বুধবাৰে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু মুখ্য সচিব পবন বৰঠাকুৰৰ সৈতে অসমৰ বনমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰে ৷ লগতে জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও ধাৰাবাহিক বৈঠকত মিলিত হৈছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

উল্লেখ্য যে, ৯ মাৰ্চৰ দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাটত আহোমৰ সেনাপতি লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্তি উন্মোচন কৰাৰ কথাও আছে ৷ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাটৰ মেলেং মেটেলি পোথাৰত আয়োজিত এখন ৰাজহুৱা সভাত অংশ ল’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : লাচিত মৈদামত প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্য সচিব-আৰক্ষী সঞ্চালক প্ৰধানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.