ETV Bharat / state

বজাৰৰ অভাৱত স্তব্ধ আনাৰস খেতিয়কৰ জীৱন-জীৱিকা - Pineapple Cultivation

Pineapple Cultivators : উপযুক্ত বজাৰৰ অভাৱত আনাৰস খেতিৰ পৰা আঁতৰি আহিছে ডিমা হাছাওৰ কৃষকসকল ৷ এসময়ত আনাৰস উৎপাদনেৰে লাখ লাখ টকা উপাৰ্জন কৰা কৃষকসকলে এই খেতি ত্যাগ কৰিবলৈ বাধ্য হৈছে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 6:45 PM IST

PINEAPPLE CULTIVATORS DIMA HASAO
আনাৰসৰ উৎপাদন হ্ৰাস (ETV BHARAT ASSAM)

হাফলং, 6 জুলাই : আনাৰস অথবা মাটিকঠাল উৎপাদনৰ বাবে এসময়ত বিখ্যাত আছিল ডিমা হাছাও জিলা ৷ ডিমা হাছাওত উৎপাদিত মাটিকঠাল ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ নিয়াৰ লগতে ৰাজ্যৰ বাহিৰলৈও ৰপ্তানি কৰা হৈছিল ৷ কিন্তু কালৰ গতিত এতিয়া পাহাৰীয়া জিলাখনত আনাৰসৰ উৎপাদন অভূতপূৰ্ব হাৰত হ্ৰাস পাইছে ৷ উৎপাদিত আনাৰস বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ অভাৱত এই ফলৰ খেতি কৰাৰ পৰা আঁতৰি আহিছে কৃষকসকল ৷ আনাৰসৰ সলনি এতিয়া তেওঁলোকে কমলা আৰু তামোল খেতিৰ ওপৰত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৷

ডিমা হাছাওত আনাৰস খেতিয়কে কাঢ়িছে হুমুনিয়াহ (ETV BHARAT ASSAM)

ডিমা হাছাও জিলাৰ হাৰেংগাজাওৰ বুলমূল গাঁৱৰ কৃষক বেঞ্জাৰ মাৰে কয় যে, এসময়ত আনাৰস উৎপাদন কৰি লাখ লাখ টকাৰ উপাৰ্জন হৈছিল ৷ কিন্তু মিটাৰগজ ৰে’লপথ বন্ধ হৈ যোৱাৰ পিচৰ পৰা বিগত প্ৰায় 10 বছৰৰ ধৰি আনাৰস বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ অভাৱত ভুগিছে কৃষকসকলে ৷ তেওঁ কয় যে, মিটাৰ গজ ৰে’লপথ থকাৰ সময়ত ৰে’লযোগে অনাৰস ৰাজ্যৰ বাহিৰলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল তেওঁৰ দৰে শ শ খেতিয়কে ৷ কিন্তু এতিয়া আৰু সেয়া সম্ভৱ নহয় ৷ তদুপৰি এতিয়া বাহিৰৰ পৰাও আনাৰস ক্ৰয়ৰ বাবে কোনো ব্যৱসায়ী নাহে তেওঁলোকৰ ওচৰলৈ ৷ ডিমা হাছাও জিলাৰ বৰ্তমানৰ যোগাযোগ ব্যৱস্থাৰ বাবে এতিয়া বাহিৰলৈ আনাৰস ৰপ্তানি কৰা সম্ভৱ নহয় ৷

লগতে পঢ়ক : ট্ৰেক্টৰ নহয়, আজিও গৰু হালেৰেই মাটি চহাইছে মংলা মুৰ্মুৱে - Traditional Farming

তেওঁ কয় যে, জুন-জুলাই মাহত আনাৰস পূৰঠ হয় আৰু তেতিয়াই ইয়াক বিক্ৰীৰ বাবে সাজু কৰিব পৰা হয় ৷ কিন্তু ডিমা হাছাও জিলাৰ বাট-পথৰ শোচনীয় অৱস্থাৰ বাবে বাহিৰৰ পৰা কোন ব্যৱসায়ী বা প্ৰতিষ্ঠান আনাৰস ক্ৰয়ৰ বাবে পাহাৰীয়া জিলাখনলৈ নাহে ৷ বেঞ্জাৰ মাৰে পুনৰ কয় যে, বৰ্তমান যি আনাৰস উৎপাদন হয় সেয়া সীমিতৰূপত স্থানীয়ভাবে বিক্ৰী কৰা হয় ৷ যাৰ বাবে বহু কৃষকে এতিয়া আনাৰস খেতিৰ পৰা আঁতৰি আন লাভজনক কৃষিত মনোনিৱেশ কৰিছে ৷ এতিয়া খেতিয়কসকলে আনাৰসৰ পৰিৱৰ্তে কমলা আৰু তামোল খেতিত মনোনিবেশ কৰিছে ৷ কিন্ত এতিয়াও যদি চৰকাৰে এই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে তেন্তে ডিমা হাছাওত আনাৰসৰ খেতি কৰি বহু লোক স্বনিৰ্ভৰশীল হৈ উঠিব বুলি মন্ত্যব কৰে বেঞ্জাৰ মাৰে ৷

লগতে পঢ়ক : সোণাই-ৰূপাই অভয়াৰণ্যৰ বেদখল : বন বিভাগলৈ কঠোৰ নিৰ্দেশ সেউজ ন্যায়াধীকৰণৰ - Sonai Rupai Wildlife Sanctuary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.