ETV Bharat / state

সুৰা বিক্ৰী কৰি অসমীয়া মানুহৰ ঘৰবোৰ পংগু কৰিব বিচাৰিছে ! প্ৰশ্ন ৰাইজৰ... - LIQUOR SALE IN ASSAM

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 1:36 PM IST

Liquor sale in Assam : সুৰাৰ অবাধ প্ৰচলন, ঔষধৰ মূল্য বৃদ্ধিয়ে শলঠেকত পেলাব চৰকাৰক । লখিমপুৰৰ সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া ।

peoples reaction on govt strategy to boost liquor sale in assam
ৰাইজৰ মত (etv bharat assam)
ৰাইজৰ মত (etv bharat assam)

লখিমপুৰ, ১৪ মে’ : তিনি বছৰীয়া হ’ল ৰাজ্য চৰকাৰ । চৰকাৰখনৰ উন্নয়নী কাম কাজৰ ৰাইজে শলাগ জনোৱাৰ সময়তে শেহতীয়াকৈ ঔষধৰ মূল্য বৃদ্ধি আৰু সুৰাৰ অবাধ প্ৰচলনৰ বাবে চৰকাৰে লোৱা প্ৰচেষ্টাক ৰাইজে একেমুখে ধিক্কাৰ দিছে । অনাগত সময়ত চৰকাৰখনক ইয়েই শলঠেকত পেলাব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লখিমপুৰৰ সাধাৰণ ৰাইজে । ৰাইজৰ অনুভৱৰে এক প্ৰতিবেদন ।

সময়ৰ লেখেৰে তিনি বছৰীয়া হ’ল বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন । এই সময়খিনিৰ ভিতৰত বহু উন্নয়নী কাম কাজেৰে চৰকাৰখন উচ্চ প্ৰশংসিত হ’ল । সমষ্টি অনুসৰি স্বাধীনতাৰ পাচত নোহোৱা বহু উন্নয়নী আঁচনি ৰূপায়ণ হ’ল । তিনি বছৰীয়া কাৰ্যকালত চৰকাৰখনৰ কাম কাজসমূহ প্ৰশংসিত হ’লেও শেহতীয়াকৈ ৰাইজৰ সমালোচনাৰ পাত্ৰ হৈছে চৰকাৰখন ।

বয়বস্তুৰ মূল্য বৃদ্ধিয়ে ৰাইজক কোঙা কৰি ৰখাৰ সময়তে জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি আৰু সুৰাৰ প্ৰচলন বৃদ্ধি কৰিবলৈ চৰকাৰে লোৱা প্ৰচেষ্টাক লৈ ৰাইজ অসন্তুষ্ট হৈ পৰিছে । জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিয়ে সৰ্বস্তৰৰ ৰাইজক সংকটত পেলোৱাৰ লগতে সুৰাৰ প্ৰচলনে বিশেষকৈ নৱ-প্ৰজন্মক ধ্বংস কৰিব বুলি ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সুৰাৰ প্ৰচলনৰ বাবেই প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰখনৰ পতন হৈছিল বুলি উল্লেখ কৰে ৰাইজে ৷

শাসকীয় চৰকাৰক এই কথা সোঁৱৰাই দি এক প্ৰকাৰ সকীয়নি দিলে লখিমপুৰৰ ৰাইজে ৷ সুৰাৰ অবাধ প্ৰচলনে সমাজক চৰম ক্ষতি কৰিব বুলি ৰাইজে অনুভৱ প্ৰকাশ কৰে । চৰকাৰখনে সুৰাৰ অবাধ প্ৰচলন ৰোধ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ ঔষধৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে অনাগত বিধান সভাৰ নিৰ্বাচনত ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক : আজৱ কাণ্ড ! অসমত সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ ব্যৱসায়ীক দিছপুৰৰ নিৰ্দেশ - Liquor sale in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.