ETV Bharat / state

পেৰিছত বিশ্বৰ ক্ৰীড়া মহাৰণ: ৩১ তাৰিখে বক্সিং ৰিঙত নামিব লাভলীনা - Paris Olympics 2024 - PARIS OLYMPICS 2024

Boxer Lovlina Borgohain: ৩১ তাৰিখে বক্সিং ৰিঙত নামিব অসম সন্তান বক্সাৰ লাভলীনা বৰগোঁহায়ে ৷ লাভলীনাক লৈ আশাবাদী বৰপথাৰ বাৰমুখয়ীয়াৰ লগতে সমগ্ৰ অসমবাসী ৷

Boxer Lovlina Borgohain
লাভলীনা বৰগোঁহাই (Lovlina Borgohai Twitter)
author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 2:24 PM IST

সৰুপথাৰ, ২৬ জুলাই : আজিৰে পৰা ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ'ব বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিক । ইতিমধ্যে বিশ্ব ইতিহাস ৰচনাৰ লক্ষ্যৰে পেৰিছত উপস্থিত হৈছে প্ৰতিগৰাকী খেলুৱৈ ৷ ব্যতিক্ৰম নহয় অসম সন্তান বক্সাৰ লাভলীনা বৰগোঁহাই ৷ পুনৰ ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে বক্সাৰ লাভলীনা বৰগোঁহাই । টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে বিশ্বৰ বক্সিং ৰিঙত ইতিহাস ৰচিব লাভলীনাই ৷ আশাবাদী তেওঁৰ পিতৃ-মাতৃৰ লগতে অসমবাসী ৷ ৩১ তাৰিখে বক্সিং ৰিঙত নামিব লাভলীনা ৷

পেৰিছত বিশ্বৰ ক্ৰীড়া মহাৰণ (ETV Bharat Assam)

লাভলীনা বৰগোঁহাই পিতৃ টিকেন বৰগোঁহায়ে উল্লেখ কৰা অনুসৰি, এইবাৰৰ অলিম্পিক গেমছত অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে অংশ ল’ব লাভলীনা বৰগোহাঁয়ে । লক্ষণীয় বিষয় যে টকিঅ' অলিম্পিকত লাভলীনা বৰগোঁহায়ে ৬৯ কেজি ওজনৰ শাখাত অৱতীৰ্ণ হৈছিল যদিও এইবাৰৰ অলিম্পিকত ৭৫ কেজি ওজনৰ শাখাত অৱতীৰ্ণ হ'ব অসম কন্যাগৰাকী ।

লগতে পঢ়ক : পুনৰ ইতিহাস ৰচাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকলৈ লাভলীনা বৰগোহাঁই - LOVLINA BORGOHAIN

উল্লেখ্য যে, ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ'ব বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিক । ৩১ জুলাইত বক্সিং ৰিঙত নামিব লাভলীনায়ে । নৰৱে’ৰ চুনিবা হবষ্টেৰ সৈতে প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব লাভলীনা বৰগোঁহায়ে । ধনশিৰিবাসীয়ে লাভলীনাক বক্সিং ৰিঙত পুনৰবাৰ ইতিহাস ৰচিবলৈ জনাইছে অযুত শুভেচ্ছা ।

উল্লেখ্য যে, ২০২০ ৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনা বৰগোঁহায়ে ৷ তাৰ পাচত ৱৰ্ল্ড চেম্পিয়নশ্বিপ ২০২৩ চনত সোণৰ পদক, ২০১৮ আৰু ২০১৯ চনত দুয়োবাৰ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল বৰপথাৰ বাৰমুখয়ীয়া গাঁৱৰ এইগৰাকী বক্সাৰে ।

লগতে পঢ়ক : পেৰিছ অলিম্পিকত ভাৰতৰ সম্পূৰ্ণ সূচী: কেতিয়া আৰু কিমান সময়ত অনুষ্ঠিত হ’ব ইভেন্টসমূহ - PARIS OLYMPICS 2024

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ খেলুৱৈসকলে এই অলিম্পিকৰ ৪৫ খন খেলত অংশগ্ৰহণ কৰিব । টকিঅ’ অলিম্পিকলৈ প্ৰেৰণ কৰা ১২৬ গৰাকী খেলুৱৈৰ পিচত এইবাৰ ভাৰতে মুঠ ১১৭ গৰাকী খেলুৱৈক পেৰিছ অলিম্পিকলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : পেৰিছত অলিম্পিক গেমছত ভাৰতৰ ১০০ বছৰীয়া যাত্ৰাক প্ৰদৰ্শন - 100 years at Olympic Games

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.