ETV Bharat / state

নাই এখন দলং, বাঁহৰ সাঁকো পাৰ হৈ ভোট দিবলৈ ওলাই আহিল সাংসদ দিলীপ শইকীয়াৰ গৃহ গাঁৱৰ ৰাইজ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 2:24 PM IST

MP DILIP SAIKIA : দলঙৰ অভাৱত সাঁকো পাৰ হৈ ভোট দিবলৈ ওলাই আহিল ৰাইজ ৷ সাংসদ দিলীপ শইকীয়াৰ গৃহ গাঁও মোমাইতোলাত দেখা গৈছে এই পৰিৱেশ ৷ নিৰ্বাচন আহে, নিৰ্বাচন যায়, কিন্তু সাঁকোৰ স্থানতহে হৈ নুঠে এখন দলং ৷

Nalbari Voters
দিলীপ শইকীয়াৰ গৃহ গাঁৱৰ অৱস্থা (ETV Bharat Assam)

নলবাৰী, 7 মে’ : মঙলবাৰৰ দিনটোত ৰাজ্যত অব্যাহত আছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ দিনৰ 11 বজালৈকে সম্পূৰ্ণ হৈছে 27.34 % ভোটদান ৷ প্ৰতিকূল বতৰকো নেওচি ৰাইজে স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছে গণতান্দ্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ৷

উন্নয়নৰ বতৰা লৈ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠনৰ সপোন দেখা বিজেপিয়ে প্ৰকৃতাৰ্থত কৰিব পাৰিছেনে উন্নয়ন ? এয়া পৰিস্ফুট হৈ পৰিছে পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ গৃহ গাঁও মোমাইতোলাত ৷ গাঁৱখনৰ বহুসংখ্যক ৰাইজে প্ৰতিবাৰেই ভোটগ্ৰহণৰ দিনা এডাল সাঁকো পাৰ হৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ যায় ৷

নিৰ্বাচন আহে, নিৰ্বাচন যায় ৷ কিন্তু সাঁকোখনৰ স্থানতহে হৈ নুঠে এখনো দলং ৷ যাৰ বাবে অতি বিপদশংকুলভাৱে যাতায়াত কৰি ভোট প্ৰদান কৰিব ওলাই আহে জনতা ৷ বৰলীয়া নৈৰ পাৰত অৱস্থিত মোমাইতোলাত বাৰে বাৰে হৈ অহা এনে কাৰ্যই স্থানীয় লোকসকলক চিন্তিত কৰি তুলিছে ৷ তাৰপিছতো কিন্তু এনেদৰেই সচেতন নাগৰিকৰ পৰিচয় দি গাঁওবাসীয়ে প্ৰতিবাৰ নিৰ্বাচনতে সাব্যস্ত কৰে ভোটাধিকাৰ ৷

একাংশ মহিলাই আকৌ কোলাত শিশুক লৈ সাঁকো পাৰ হৈ ভোটদানৰ বাবে যোৱা পৰিলক্ষিত হৈছে ৷ এতিয়া বাৰিষাৰ সময়, বাৰিষাৰ বানে পুনৰ উটুৱাই নিব সাঁকোখন ৷ মুঠতে অঞ্চলটোত ৰাইজৰ দুৰ্গতিৰ সীমা নোহোৱা হৈছে ৷

ইফালে বিষয়টো সন্দৰ্ভত সাংসদ গৰাকীৰ লগতে স্থানীয় বিধায়কৰো নাই কোনো কাণসাৰ ৷ প্ৰশ্ন হয়, যেতিয়া এগৰাকী সাংসদৰ নিজ গাঁৱতে ৰাইজৰ এই দূৰ্গতি, তেন্তে বাকী সমষ্টিৰ লোকৰ ক্ষেত্ৰত জনপ্ৰতিনিধিৰ পৰা সা-সুবিধা আশা কৰিব পাৰি নে ? উত্তৰ সময়েহে দিব ৷

লগতে পঢ়ক:

জনতাৰ সৈতে সমশাৰীত থিয় হৈ ভোটাধিকাৰ সাব্যস্ত জনপ্ৰতিনিধিৰ - Lok Sabha Election 2024

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, ভিন্ন প্ৰান্তত বিকল ইভিএম - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.