ETV Bharat / state

কলিয়াবৰত বিৰোধী ঐক্যমঞ্চৰ 'কা' বিৰোধী প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 4:16 PM IST

CAA Protest at Kaliabor : 'কা' সম্পৰ্কত আলোচনাৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ । ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চৰ পত্ৰৰ উত্তৰ নিদিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে । কলিয়াবৰত বিৰোধী ঐক্যমঞ্চৰ 'কা' বিৰোধী প্ৰতিবাদ ।

কলিয়াবৰত বিৰোধী ঐক্যমঞ্চৰ 'কা' বিৰোধী প্ৰতিবাদ
কলিয়াবৰত বিৰোধী ঐক্যমঞ্চৰ 'কা' বিৰোধী প্ৰতিবাদ
কলিয়াবৰত বিৰোধী ঐক্যমঞ্চৰ 'কা' বিৰোধী প্ৰতিবাদ

কলিয়াবৰ, ৮ মাৰ্চ : অসম ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি ৰাজ্যপালৰ জৰিয়তে পত্ৰ প্ৰেৰণ কৰিছিল বিৰোধী ঐক্যমঞ্চই । কিন্তু এই পৰ্যন্ত তাৰ কোনো উত্তৰ পোৱা নাই বিৰোধী ঐক্যমঞ্চই । ৰাজ্যৰ ১৬টাকৈ বিৰোধী ৰাজনৈতিক দলৰ কলিয়াবৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত এই কথা প্ৰকাশ কৰে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই । আনহাতে, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও প্ৰধানমন্ত্ৰীৰ এনে আচৰণৰ বিৰোধিতা কৰে ।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ শুকুৰবাৰে কলিয়াবৰত ‘কা’ৰ বিধি প্ৰস্তুতৰ বিৰোধিতাৰে বিতৰ্কিত ‘কা’ক লৈ ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ অসম ভ্ৰমণলৈ আহিবলৈ ওলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘কা’ প্ৰসংগত সাক্ষাৎ বিচাৰিছে ৰাজ্যৰ ১৬টাকৈ বিৰোধী ৰাজনৈতিক দলে ৷

কেন্দ্ৰীয় চৰকাৰে লোকসভা নিৰ্বাচনত বঙালী হিন্দুৰ ভোট বেংকক লক্ষ্য কৰি ‘কা’ৰ বিধি প্ৰস্তুত কৰাৰ বাবে সাজু হোৱাত স্পৰ্শকাতৰ বিষয়টোক লৈ আলোচনাৰ বাবে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছে অসমৰ বিৰোধী ঐক্যমঞ্চই ৷ নিৰ্বাচনৰ অধিসূচনা ঘোষণাৰ প্ৰাকমুহূৰ্তত ৮ আৰু ৯ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰী ভ্ৰমণসূচীৰে অসমলৈ আহিব ৷

অসম ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীৰ সুবিধা অনুসৰি ‘কা’ প্ৰসংগত সাক্ষাৎ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বই ৷ ‘কা’ৰ বিধি প্ৰস্তুতৰ কথা গৃহমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতেই অসমত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতি মূল্যায়ন কৰাৰ উদ্দেশ্যৰেই ১৬টা বিৰোধী ৰাজনৈতিক দলৰ ঐক্যমঞ্চই প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি মঙলবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কোনো সঁহাৰি নোপোৱাত ৰাজ্যপালক অৱগত কৰে ঐক্যমঞ্চই ।

অৱশ্যে এই পৰ্যন্ত ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰাও পত্ৰৰ কোনো উত্তৰ নোপোৱাত ক্ষোভিত হৈ পৰে বিৰোধী ঐক্যমঞ্চ । প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণকালত 'কা' সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বিষয়ত দেশৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে আলোচনা কৰিবলৈ নিবিচৰাতো গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত কুঠাৰাঘাট বুলি উল্লেখ কৰে বিৰোধী ঐক্যমঞ্চৰ নেতৃবৰ্গই ।

লগতে পঢ়ক :বাছ বন্ধ কৰি বিৰোধীৰ প্ৰতিবাদী কণ্ঠ ৰোধৰ চেষ্টা চৰকাৰৰ: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.