ETV Bharat / state

অসম অলিম্পিক সন্থাত প্ৰতিদ্বন্দ্বিতা নকৰে এজনো মন্ত্ৰী বিধায়কে : পীযুষ হাজৰীকা - Assam Olympic Association - ASSAM OLYMPIC ASSOCIATION

Assam Olympic Association : আজি ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব অসম অলিম্পিক সন্থাৰ ২০২৪-২৮ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা । মুখ্যমন্ত্ৰীৰ আহ্বানত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব লগা অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ অধিৱেশনৰ পূৰ্বে গ্ৰহণ কৰা হৈছে এক ঐতিহাসিক সিদ্ধান্ত ৷ এই সিদ্ধান্তৰ কথা জনালে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

Pijush Hazarika talking about not participating in Olympic election
অসম অলিম্পিক সন্থাত প্ৰতিদ্বন্দ্বিতা নকৰে এজনো মন্ত্ৰী বিধায়কে (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Sep 22, 2024, 10:30 AM IST

ডিব্ৰুগড়, ২২ ছেপ্টেম্বৰ : আজি অৰ্থাৎ ২২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগা অসম অলিম্পিক সন্থাৰ নতুন সমিতি গঠনৰ বাবে অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ অধিৱেশন । লগতেই আজিৰ দিনটোতে ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ ২০২৪-২৮ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ'ব । ইতিমধ্যে শনিবাৰে বিভিন্ন জিলা পৰা প্ৰতিনিধিসকল আহি উপস্থিত হৈছে ডিব্ৰুগড়ত ।

এইবাৰ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, যুটীয়া সম্পাদক আৰু কাৰ্যনিৰ্বাহক পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । কিযনো বাকী পদসমূহ প্ৰাৰ্থীসকলে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । কিন্তু ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব লগা অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ অধিৱেশনৰ পূৰ্বে লোৱা হয় এক ঐতিহাসিক সিদ্ধান্ত । অলিম্পিক সন্থাত নাথাকে এজনো শাসকীয় মন্ত্ৰী-বিধায়ক । কেৱল ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদেহে স্থান লাভ কৰিব অসম অলিম্পিক সন্থাত ।

অসম অলিম্পিক সন্থাত প্ৰতিদ্বন্দ্বিতা নকৰে এজনো মন্ত্ৰী বিধায়কে : পীযুষ হাজৰীকা (ETV Bharat Assam)

আজি ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া অসম অলিম্পিক সন্থাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰে শাসকীয় দলৰ ১৩ জনকৈ বিধায়কে । সকলোৰে প্ৰতিনিধিত্ব নকৰাৰ আনুষ্ঠানিক ঘোষণা । মুখ্যমন্ত্ৰীৰ আহ্বানত অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ অধিৱেশনৰ পূৰ্বে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

আজি অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন প্ৰক্ৰিয়াত বেলট পেপাৰত মন্ত্ৰী বিধায়কৰ নাম লিপিবদ্ধ থাকিব যদিও কোনেও যেন ভোট প্ৰদান নকৰে তাৰবাবে আহ্বান জনোৱা হৈছে । নিবাৰ্চনৰ পূৰ্বে জালান আউটডৰ ষ্টেডিয়ামত অনুষ্ঠিত অন্তৰংগ অনুষ্ঠানত এই সিদ্ধান্তৰ কথা জনালে মন্ত্ৰী পীযুষ হাজৰীকাই ।

এই সম্পৰ্কত কি কয় মন্ত্ৰী পীযুষ হাজৰীকাই :

‘‘মই জ্যেষ্ঠ উপ-সভাপতিৰ পদত মনোনয়ন দিছিলোঁ যদিও মনোনয়ন উঠাই লৈছো । মোৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বলিন চুতীয়া আদি সকলোৱে মনোনয়ন উঠাই লৈছো । আজি বিধায়কসকলে তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰিছে । মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল খেলৰ সুস্থ পৰিৱেশ যাতে থাকে, ক্ৰীড়া সংগঠকসকলে যাতে আগস্থান পায়, তাৰ বাবে মন্ত্ৰী বিধায়কসকলে প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে । মুখ্যমন্ত্ৰীৰ আহ্বানত আমি এই সিদ্ধান্ত লৈছো । এতিয়া কেৱল ক্ৰীড়া সংগঠক সকলৰ মাজত নিৰ্বাচন হ'ব । কিন্তু আমি খেল এৰি নিদিওঁ । আমি যি বিভাগৰ খেলৰ দায়িত্বত আছো তাৰ দায়িত্ব পালন কৰি যাম ।’’

উল্লেখযোগ্য যে, ইতিমধ্যে অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিৰ্বাচিত হৈছিল । মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী-বিধায়কসকলৰ এই সিদ্ধান্তৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্ব ল'ব নে নাই সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: 22 ছেপ্টেম্বৰত ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ নিৰ্বাচন; একেটা দিনতে হ’ব বাৰ্ষিক সাধাৰণ সভা - ASSAM OLYMPIC ASSOCIATION ELECTION

বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতি পদত সৰ্বানন্দ সোণোৱাল - Assam Olympic Association

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.