ETV Bharat / state

বিদ্যুৎ মাচুল বৃদ্ধিত হিমন্ত বিশ্ব শৰ্মা বিফলতা লুকাই আছে: গৌৰৱ গগৈ - GAURAV GOGOI VISITS MAJULI

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 2:29 PM IST

Gaurav Gogoi in Majuli: মঙলবাৰে মাজুলীত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ ৷ সাংসদগৰাকীয়ে দাক্ষিণপাট সত্ৰত মূৰ দোঁৱাই সকলোৰে মংগলাৰ্থে সেৱা জনায় ৷ মাজুলীত উপস্থিত হৈয়েই সাংসদ গগৈয়ে বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে ৷

Gaurav Gogoi in Majuli
এদিনীয়া ভ্ৰমণ সূচীৰে মাজুলীত উপস্থিত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

মাজুলী, 20 আগষ্ট : এদিনীয়া ভ্ৰমণ সূচীৰে মঙলবাৰে মাজুলীত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । পবিত্ৰ ভাদ মাহ উপলক্ষে সকলোৰে মংগল কামনাৰ্থে মাজুলীৰ সত্ৰত সেৱা লয় সাংসদগৰাকীয়ে ৷ লগতে দলীয় এক কাৰ্যসূচীতো অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে । লগতে সাংসদগৰাকীয়ে দাক্ষিণপাট সত্ৰত সেৱা লোৱাৰ লগতে সত্ৰখনৰ সংগ্ৰহালয়ো পৰিদৰ্শন কৰে ৷

‘‘চৰাইদেউৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে স্বীকৃতি লাভ কৰিছে ৷ ইয়াৰ সমান্তৰলকৈ মাজুলীয়েও সকলোৰে সামূহিক প্ৰচেষ্টাৰ মাজেৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে স্থান লাভ কৰিব লাগে ৷’’ সংবাদ মাধ্যমৰ আগত এই বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

লগতে পঢ়ক : চামগুৰিত ৰকিবুলৰ পৰিয়ালৰ চাউল শেষ হৈছে: দিপ্লু ৰঞ্জন শৰ্মা - ASSAM ASSEMBLY BY POLLS 2024

‘‘বানপানী, গৰাখহনীয়াৰ ৰোধৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হৈছে । গুৱাহাটীৰ যিখিনি ঠাই বানপানী, গৰাখহনীয়া ৰোধৰ গৱেষণা কৰিবলৈ দিছিল, সেই ঠাইত বিজেপি কাৰ্যালয় নিৰ্মাণ কৰা হৈছে ৷’’ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে । ইফালে বিদ্যুৎ মাচুল বৃদ্ধি সম্পৰ্কতো তেওঁ কেতবোৰ মন্তব্য কৰে ৷

তেওঁ কয়, ‘‘বিদ্যুৎ মাচুল বৃদ্ধিত হিমন্ত বিশ্ব শৰ্মা বিফলতা লুকাই আছে ৷ তেওঁ বিত্তমন্ত্ৰী থকা কালছোৱাত অসমখনক ইমান ধৰুৱা কৰি গ’ল যে এতিয়া এই ধাৰ মাৰিবলৈ সাধাৰণ শ্ৰেণী ৰাইজৰ পৰা বিদ্যুতৰ মাচুল বৃদ্ধি কৰি বিত্তীয় জোৰা মাৰিছে ।’’

চৰকাৰী স্কুল বন্ধ প্ৰসংগতো তেওঁ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘চৰকাৰী স্কুলৰ আন্তঃগাঁঠনি অভাৱ, প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ ৷ যাৰ বাবে চৰকাৰী বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী আহিবলৈ নিবিচাৰে । অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ দিনত তেওঁৰ পৰিবাৰে পঞ্চ তাৰকা হোটেল, আদানী-আম্বানীৰ দৰে ডাঙৰ ডাঙৰ ব্যক্তিগত স্কুল খুলিছে ৷ এইটোৱেই এটা ইংগিত যে চৰকাৰী বিদ্যালয়ৰ বন্ধ হোৱা বা চৰকাৰী বিদ্যালয় একত্ৰিকৰণ হোৱাটো স্বাভাৱিক ৷’’

লগতে পঢ়ক : চৰকাৰী বিদ্যালয়ত মৃত্যুঘন্টা: শিক্ষামিত্ৰ আঁচনিৰ অধীনত বিলুপ্ত হ’ব ৰাজ্যৰ ১৬১ খন শিক্ষানুষ্ঠান - 161 schools to be closed in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.