ETV Bharat / state

নিশা শোৱাপাটীৰ পৰা নি মাতৃয়ে পুখুৰীলৈ দলিয়ালে 40 দিনীয়া কন্যা শিশুক - Mother kills daughter

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 5:47 PM IST

Newborn daughter killed: ৰহস্য ফাদিল হ’ল শিমলাগুৰীৰ শিশু হত্যাৰ ৷ আৰক্ষীৰ জাল পৰিছে হত্যাকাৰী ৷ ঘৰৰ সকলোৰে অজ্ঞাতে নিজৰ সদ্যোজাত কন্যা শিশুক নিশা পুখুৰীলৈ দলিয়াইছিল মাতৃয়ে ৷

Newborn daughter killed
MOTHER KILLS DAUGHTER (ETV Bharat)

বৰপেটাৰোড, 23 জুন: কোৱা হয় যে পৃথিৱীৰ আটাইতকৈ শান্তিৰ তথা নিৰাপদ স্থান হৈছে মাতৃৰ কোলা ৷ মাতৃৰ সমান মৰম আন কোনেও দিব নোৱাৰে ৷ সন্তানৰ বাবে মাতৃৰ ত্যাগক সৰ্বোচ্চ বুলি গণ্য কৰা হয় ৷ সেয়া লাগিলে মানুহৰ ক্ষেত্ৰতেই হওক বা জীৱ-জন্তুৰ ক্ষেত্ৰতেই হওক ৷ মাতৃস্নেহ বা মমতাৰ বহু কাহিনী আমি পাওঁ ৷ কিন্তু যেতিয়া জন্মদাত্ৰী মাতৃয়েই নিজৰ নিষ্পাপ শিশু সন্তানক হত্যা কৰাৰ দৰে জঘন্য কাৰ্য সংঘটিত কৰিব পাৰে, তেতিয়া আপুনিও নিশ্চয় ভাবিবলৈ বাধ্য হ’ব, কোন দিশে মানৱতা ৷

শিমলাগুৰীত শিশুক হত্যা (ETV Bharat Assam)

লগতে পঢ়ক: কোনে পুখুৰীত দলিয়ালে আজিজৰ 40 দিনীয়া দেৱ শিশুটিক ?

দাৰিদ্ৰতাই কোঙা কৰা পৰিয়ালত জন্মলাভ কৰাটোৱেই যেন কাল হ’ল এটি শিশুৰ ৷ দুচকু মেলি পৃথিৱীখন দেখা মাত্ৰ 40 দিন হে হৈছিল শিশুটিৰ ৷ কিন্তু মাতৃৰ নিষ্ঠুৰতাৰ বাবে চিৰদিনৰ বাবে চকুমুদিলে কন্যা শিশুটিয়ে ৷ নিজহাতে সন্তানক মাতৃয়ে দলিয়ালে পুখুৰীলৈ ৷ এই ঘটনাটো সংঘটিত হৈছে বৰপেটাৰোডৰ সমীপৰ বাক্সাৰ শিমলাগুৰীৰ ধূপগুৰীত ৷

নিজ সন্তানক নিৰ্মমভাৱে হত্যা: শুকুৰ নিশা মতৃৰ সৈতে শুই আছিল শিশুটি ৷ কিন্তু শনিবাৰে পুৱা পুখুৰীত উপঙি আছিল 40 দিনীয়া শিশুটিৰ মৃতদেহ ৷ প্ৰাৰম্ভিক অৱস্থাত পৰিয়ালৰ লোকে কোনো অজ্ঞাত ব্যক্তিয়ে নিশা মাতৃৰ বুকুৰ পৰা কাঢ়ি নি শিশুটিক হত্যা কৰা বুলি অভিযোগ তুলিছিল ৷ ঘটনাস্থলীত স্থানীয় শিমলাগুৰী আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰম্ভ হয় তদন্ত ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে আন কোনো অজ্ঞাত লোকে নহয়, খোদ শিশুটিৰ মাতৃয়েই সংঘটিত কৰিলে এই হত্যাকাণ্ডটো ৷

লগতে পঢ়ক: প্ৰসংগ: লাওখোৱা অভয়াৰণ্যত গুলীচালনা; তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - CM ON laokhowa INCIDENT

পাষাণ মাতৃৰ অকপট স্বীকাৰোক্তি: এগৰাকী মাতৃয়ে নিজৰ সদ্যোজাত কন্যা সন্তানক নিৰ্দয়ভাৱে দলিয়াইছিল এটা পুখুৰীলৈ ৷ ফলত মৃত্যুক আঁকোৱালি লয় কন্যা শিশুটিয়ে ৷ তাৰ পিচতেই আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক ৷ মহিলাগৰাকীয়ে নিজমুখে স্বীকাৰ কৰিছে সন্তানক হত্যা কৰাৰ কথা ৷ দাৰিদ্ৰতাৰ জ্বালাৰ বাবেই সন্তানক হত্যা কৰা বুলি মহিলাগৰাকীয়ে স্বীকাৰ কৰিছে ৷

লগতে পঢ়ক: পৰীক্ষা দিবলৈ বুলি ওলাই যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ - Girl committed suicide

শাস্তিৰ দাবী: এগৰাকী মাতৃয়ে নিজৰ গৰ্ভজাত সন্তানক এইদৰে হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ মহিলাগৰাকীক গ্ৰেপ্তাৰৰ পিচতেই তেওঁৰ স্বামী, পৰিয়াল আৰু চুবুৰীয়াই এই ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: যোৰহাটত নিৰুদ্দেশ তিনি ছাত্র : মানৱ সৰবৰাহকাৰী চক্ৰৰ জালত পৰাৰ সন্দেহ - Student missing Jorhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.