ETV Bharat / state

মানসিক চাপ লোৱাৰ বাবেই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অখিল গগৈ - MLA Akhil Gogoi

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 10:45 PM IST

Akhil Gogoi admitted in GMCHহঠাৎ অসুস্থ শিৱসাগৰৰ বিধায়ক অখিল গগৈ । বুধবাৰে GMCH ত ভৰ্তি বিধায়কগৰাকীক । জি এম চি এইচত চিকিৎসাধীন হৈ থকা বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ শেহতীয়া স্থিতি সন্দৰ্ভত সদৰী কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথে ।

MLA Akhil Gogoi admitted in GMCH
চিকিৎসাধীন অখিল গগৈ (ETV Bharat Assam)

গুৱাহাটী,২৮ আগষ্ট: শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অসুস্থ । বুধবাৰে বিধায়ক গগৈক জি এম চি এইচত ভৰ্তি কৰোৱা হয় । অসুস্থতাৰ বাবেই তেওঁ বুধবাৰে বিধানসভাৰ অধিৱেশনত উপস্থিত থাকিব নোৱাৰিলে । জি এম চি এইচত চিকিৎসাধীন হৈ থকা বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ শেহতীয়া স্থিতি সন্দৰ্ভত সদৰী কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথে ।

চিকিৎসাধীন অখিল গগৈ (ETV Bharat Assam)

অলক নাথে কয়,"যোৱানিশা প্ৰায় ১২:৩০ বজাত অখিল গগৈ হঠাৎ এক জটিল ৰোগত আক্ৰান্ত হৈ পৰে । পুৱা জি এম চি এইচলৈ আহি তেওঁ প্ৰাথমিক চিকিৎসা কৰোৱায় । বিশেষজ্ঞ চিকিৎসকসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত জনাই যে বিভিন্ন কথাত তেওঁ মানসিক চাপ লোৱাৰ বাবে এই ৰোগে দেখা দিছে । এইটো এটা চিজাৰ এটেক জাতীয় ৰোগ বুলি চিকিৎসকে জনাইছে । এইটো ৰোগৰ মূল কাৰণ হৈছে নিদ্ৰাহীনতা, ভালদৰে খোৱা-বোৱা নকৰা, অনিয়মীয়া জীৱনশৈলী আৰু অত্যাধিক মানসিক চাপ লোৱা আদি । যাৰ বাবে অখিল গগৈক চিকিৎসালয়ত ভৰ্তি কৰাই সেই ৰোগৰ চিকিৎসা কৰি থকা হৈছে । আমি আশা কৰো তেওঁ শীঘ্ৰে আৰোগ্য হৈ উঠিব ।"

উল্লেখ্য যে, বিধানসভাত সততে সৰ্বাধিক সৰৱ ভূমিকা পালন কৰা অখিল গগৈয়ে বিধানসভাৰ চলিত শৰৎকালীন অধিৱেশনতো বিভিন্ন বিষয়ত সৰৱ হোৱা দেখা গৈছিল । আনকি মঙলবাৰৰ দিনা অখিল গগৈক তিনিবাৰকৈ সদনৰ পৰা নিলম্বন কৰা হৈছিল । লক্ষণীয় বিষয় যে ৰাজ্যখনৰ শেহতীয়া বিভিন্ন পৰিস্থিতিক লৈ অখিল গগৈ যথেষ্ট উদ্বিগ্ন হৈ আছিল ।

যিটো তেওঁৰ বক্তব্যত প্ৰকাশ পাইছিল । ইফালে আজি বিয়লি জি এম চি এইচত উপস্থিত হৈ চিকিৎসাধীন হৈ থকা বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ বুজ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক: গৃহমন্ত্ৰী হৈ নিজে গৃহযুদ্ধ লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে: তীব্ৰ বিতৰ্কৰ মাজতে বিধানসভাৰ পৰা নিলম্বন অখিল গগৈক - Akhil gogoi suspended

দিনটো সদনত বহি হিন্দু-মুছলমান শুনি থাকিব নোৱাৰি : এদিনতে তিনিবাৰকৈ সদনৰ পৰা নিলম্বন অখিল গগৈক - Akhil Gogoi on CM HBS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.