ETV Bharat / state

আদৰ্শ বান শিবিৰত পুষ্টিহীনতাত ভুগিছে শিশু-মহিলাই; কেতিয়া আহিব ভাল দিন ?

Jonai Flood affected people: বান শিবিৰৰ বন্যাৰ্তৰ ভৱিষ্যত অনিশ্চয়তাত । কেতিয়া পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ?

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 12:22 PM IST

Jonai ideal flood camp
জোনাই আদৰ্শ বান শিবিৰ (ETV Bharat Assam)

জোনাই, ১৫ অক্টোবৰ: চাৰি মাহ পূৰ্বে প্ৰলয়ংকৰী বানে সম্পূর্ণৰূপে বিধ্বস্ত কৰিছিল ধেমাজি জিলাৰ জোনাই শিৱগুৰী অঞ্চলক । এই বানৰ মাজতে প্ৰশাসনে শিৱগুৰী অঞ্চলৰ ৫০ টাতকৈ অধিক পৰিয়ালক উদ্ধাৰ কৰি জোনাই আদৰ্শ বান শিবিৰত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । বান গ’ল যদিও এইসকল লোকে এতিয়া দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে শিবিৰত ৷

চাৰি মাহ উকলি যোৱাৰ পিচতো বৰ্তমানলৈকে বান শিবিৰত থকা এইসকল লোকৰ বাবে পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে । ফলত দিনে নিশাই অনিশ্চয়তাত দিন পাৰ কৰিছে বন্যাৰ্তই । প্ৰশাসনৰ ফালৰ পৰা দাইল, চাউল, আলু আৰু নিমখ যোগানৰ ব্যৱস্থা কৰিছে যদিও পুষ্টিকৰ খাদ্যৰ অভাৱত পুষ্টিহীনতাত ভুগিছে কণ কণ শিশু, মহিলাসকলে । অকল পুষ্টিকৰ খাদ্যৰ সমস্যই নহয়, পিন্ধা কাপোৰৰ অভাৱেও দেখা দিছে শিবিৰত ।

  • আদৰ্শ বান শিবিৰত নাই উপযুক্ত সুবিধা

নাম মাত্ৰেই আদৰ্শ বান শিবিৰ, নাই উপযুক্ত সুবিধা । প্লাষ্টিকেৰে নিৰ্মাণ কৰা স্নানাগাৰ, শৌচাগাৰ সম্পূর্ণ ৰূপে জহি খহি গৈছে । ফলত মহিলা আৰু যুৱতীসকলে সমস্যাৰ সন্মুখীন হৈছে । তদুপৰি এটা ঘৰতে ৫০ টাতকৈ অধিক পৰিয়ালে বসবাস কৰাত বিভিন্ন সমস্যাই দেখা দিছে মহিলা, যুৱতীসকলৰ মাজত ।

যিকোনো সময়ত অপ্রীতিকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে শিবিৰত থকা লোকসকলে । আনহাতে, এশ এবুৰি সমস্যাৰ মাজতে শিবিৰটোৰ চাৰিওফালে থকা লেতেৰা পৰিবেশে দুৰ্গন্ধময় কৰি তুলিছে । দুৰ্গন্ধময় পৰিবেশত দিন পাৰ কৰিছে এইসকল লোকে । ফলত বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰো আশংকা প্ৰকাশ কৰিছে শিবিৰটোত থকা লোকসকলে ।

  • দুৰ্গন্ধময় পৰিবেশ আদৰ্শ বান শিবিৰত

সোমবাৰে অকাজানস্থিত আৰভিচি নামৰ স্বেচ্ছাসেৱী সংস্থাৰ এটা সঁজাতি দলে জোনাই আদৰ্শ বান শিবিৰত উপস্থিত হৈ চলাই চাফাই অভিযান । বান শিবিৰত থকা লোকসকলৰ সৈতে মিলি স্বেচ্ছাসেৱী সংস্থাটোৰ কৰ্মকৰ্তাই শিবিৰটোৰ চাৰিওফালে চলালে চাফাই অভিযান । দুৰ্গন্ধময় পৰিবেশৰ বাবে তেওঁলোকে চাৰিওফালে চাফাই অভিযান চলাই সংবাদ মাধ্যমৰ জৰিয়তে এই দুৰ্ভগীয়া লোকসকলক অতি সোনকালে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় । শিবিৰত থকা দুৰ্ভগীয়া পৰিয়ালকেইটাই অতি সোনকালে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক:বন্য়াৰ্তক দুপৰীয়াৰ সাঁজ ৰান্ধি খুৱালে যুৱকে - Assam flood 2024

লাহৰীঘাটত বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰা স্থায়ী আশ্ৰয় গৃহ মুকলি - Shelter for Flood Affected People

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.