ETV Bharat / state

ঘৰচীয়া হাতীৰ গণনা, লগোৱা হৈছে মাইক্ৰ’চিপ : শোণিতপুৰত ১৪ টা হাতীৰ তথ্য সংগ্রহ - Captive elephants in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 9:11 PM IST

Captive elephant registration : সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হ’ল ঘৰচীয়া হাতীৰ গণনা ৷ লোৱা হৈছে হাতীৰ তেজ, শ্বাব আদিৰ নমুনা ৷ কাণত লগোৱা হৈছে মাইক্ৰ’চিপ ৷

Captive elephant registration
ঘৰচীয়া হাতীৰ গণণা, লগোৱা হৈছে মাইক্ৰ’চিপ (ETV Bharat Assam)

ৰঙাপৰা, ১৮ জুলাই : সমগ্ৰ দেশত কিমানটা হাতী বন্দী হৈ আছে তাৰ প্ৰকৃত তথ্য উদ্‌ঘাটন কৰাৰ বাবে ভাৰত চৰকাৰে এক পদক্ষেপ ইতিমধ্যে হাতত লৈছে ৷ এক বিশেষ আঁচনিৰ জৰিয়তে এই প্ৰক্ৰিয়াটো সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছে ৷

২০২৩ৰ ২৬ ডিচেম্বৰত উচ্চতম ন্যায়ালয় আৰু ভাৰত চৰকাৰৰ এফ নং ১-১৯/২০১৯ পি এফৰ নিৰ্দেশনা অনুসৰি ৰাজ্যখনৰ বন্যপ্ৰাণী বিভাগে বন্দী হাতীৰ ডি এন এ প্ৰফাইলিং কৰা, বন্দী হাতীৰ ডাটাবেছ/ইনভেন্টৰী কৰা, জেনেটিক প্ৰফাইলিং আৰু মাইক্ৰ’চিপৰ বাবে তেজ, শ্বাব নমুনা সংগ্ৰহৰ লগতে হাতীটোৰ সকলোধৰণৰ তথ্যপাতি সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

ইয়াৰ অংশস্বৰূপে বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ তিনিটা স্থানত বন বিভাগৰ এটা দল উপস্থিত হৈ ঘৰচীয়া হাতীৰ তথ্য সংগ্ৰহ কৰে ৷ পুৱা ৯ বজাত বন্যপ্ৰাণী বিভাগৰ গৱেষণা বিষয়া ড৹ গোপাল ছেত্ৰী, বন বিভাগৰ পশু চিকিৎসক ডাঃ প্ৰণৱ দাস, ডাঃ ভেবৰাটা ফুকন, অসম ৰাজ্যিক চিৰিয়াখানাৰ পেথ’লজিষ্ট ডাঃ পঞ্চমী শৰ্মা আৰু ঢেকিয়াজুলি পশু চিকিৎসালয়ৰ বিষয়া ড৹ অমৰজ্যোতি বড়োকে ধৰি এটা দল প্ৰথমতে মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ত উপস্থিত হয় ।

তাৰ পিচত বন বিভাগৰ পোহনীয়া তথা মালিকবিহীন ঘৰচীয়া ‘জয়মালা’ নামৰ হাতীজনীৰ জোখ-মাখ, তেজ, শ্বাবৰ নমুনা সংগ্ৰহৰ অন্তত কাণত মাইক্ৰ’চিপ লগাই দিয়ে ৷ পিচত বন বিভাগে প্ৰেৰণ কৰা বিশেষজ্ঞৰ দলটো মিছামাৰীৰ কলামাটিত থকা সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কাৰ্যালয়ত উপস্থিত হয় ৷ তেখেতসকলে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া জিৰছিং তেৰেঙৰ উপস্থিতিত অভয়াৰণ্যখনৰ ভিতৰত থকা তিনিটা ঘৰচীয়া হাতীৰ সকলোখিনি তথ্য সংগ্ৰহ কৰে ৷

ইফালে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত থকা কেবাটাও ঘৰচীয়া হাতীৰ তথ্য সংগ্ৰহ কৰে দলটোৱে ৷ বন বিভাগৰ দলটোৱে জিলাখনত থকা ১৪ টা ঘৰচীয়া হাতীৰ তথ্য সংগ্ৰহ কৰে । এই সন্দৰ্ভত ড৹ গোপাল ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ‘‘ ভাৰত চৰকাৰে ঘৰচীয়া হাতীৰ গণনা কৰাৰ ক্ষেত্ৰত এক পদক্ষেপ হাতত লৈছে । ইয়াৰ অংশস্বৰূপে ৰাজ্যৰ বন্যপ্ৰাণী বিভাগে বন বিভাগ আৰু ব্যক্তিগতভাৱে কিমান হাতী আছে তাৰে গগণা কৰিছে । প্ৰতিটো ঘৰচীয়া হাতীৰ সকলো দিশৰ পৰা জোখ-মাখ, শৰীত থকা চিহ্ন, তেজ, শ্বাবৰ নমুনা সংগ্ৰহ কৰা হৈছে । ইয়াৰ দ্বাৰা হাতীটো ক'ৰ পৰা আহিল, তাৰ বংশানুৰূপটো বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সুবিধা হ’ব । সমগ্ৰ ৰাজ্যত থকা ঘৰচীয়া হাতীৰ তথ্য সংগ্ৰহ কৰাৰ অন্তত সকলোখিনি অসম চৰকাৰৰ হৈ ভাৰত চৰকাৰক জমা দিয়া হ’ব ।’’

তদুপৰি তেওঁ কয় যে ভাৰতবৰ্ষত বন বিভাগ আৰু ব্যক্তিগতভাৱে কিমান ঘৰচীয়া হাতী আছে তাৰ এক প্ৰকৃত তথ্য পোৱা যাব । বন্দী হাতীৰ গগণা আৰু মাইক্ৰ’চিপ লগোৱাৰ সময়ত হাতীটোৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । ঘৰচীয়া হাতীৰ কাণত মাইক্ৰ’চিপ লগোৱা থাকিলে কোনো ব্যক্তিয়ে হাতীটোক অবৈধভাৱে বিক্ৰী কৰিব নোৱাৰিব ।

ভাৰত চৰকাৰে ঘৰচীয়া হাতীৰ গগণা আৰু মাইক্ৰ’চিপ লগোৱা ব্যৱস্থাক আদৰণি জনাইছে প্ৰকৃতিপ্ৰেমীয়ে ৷ কাৰণ দেশৰ বিভিন্ন ৰাজ্যত মাইক্ৰ’চিপ নথকা হাতী পুহি থকাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে ৷ উদাহৰণস্বৰূপে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা উদ্ধাৰ হোৱা আৰু বৰ্তমান মিছামাৰীৰ বন বিভাগৰ জিম্মাত থকা জয়মালাৰ কাণত নাই মাইক্ৰ’চিপ । হাতীজনীৰ কাণত মাইক্ৰ’চিপ নথকাৰ বাবে আজি হাতীজনী বন বিভাগৰ হৈ পৰিল ।

লগতে পঢ়ক : এইবাৰ লুইতৰ বুকুত নহয়, চাহ বাগিচা চফৰত ব্যস্ত বন্যহস্তীৰ জাক

লগতে পঢ়ক : লুইতৰ বুকুত জলকেলি বন্যহস্তীৰ... কেমেৰাত বন্দী হস্তী পৰিয়ালৰ নান্দনিক দৃশ্য

লগতে পঢ়ক : অৰুণাচলৰ পৰা গুজৰাটলৈ সৰবৰাহ ঘৰচীয়া হাতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.